প্ৰথমখন উপন্যাস

ঔপন্যাসিকৰ প্ৰথমখন গ্ৰন্থ

প্ৰথমখন উপন্যাস (ইংৰাজী: Debut Novel) হৈছে এজন ঔপন্যাসিকে প্ৰকাশ কৰা প্ৰথমখন উপন্যাস। প্ৰথমখন উপন্যাসক লেখকৰ প্ৰকাশন উদ্যোগত প্ৰভাৱ পেলোৱাৰ প্ৰথমটো সুযোগ বুলি ক'ব পাৰি, আৰু এইদৰে আত্মপ্ৰকাশ কৰা উপন্যাসখনৰ সফলতা বা বিফলতাই ভৱিষ্যতে সেইগৰাকী লেখকৰ গ্ৰন্থৰ উদ্যোগত ক্ষমতা সৃষ্টি কৰাত প্ৰভাৱ পেলাব পাৰে।[1] পূৰ্বতে সুনাম নথকা প্ৰথম ঔপন্যাসিকসকলে সাধাৰণতে প্ৰকাশক বিচাৰিবলৈ সংগ্ৰাম কৰে। কেতিয়াবা নতুন ঔপন্যাসিকসকলে নিজৰ প্ৰথম উপন্যাস স্ব-প্ৰকাশ কৰে, কাৰণ প্ৰকাশন প্ৰতিষ্ঠানসমূহে কোনো অজ্ঞাত লেখকৰ কিতাপ জনসাধাৰণৰ আগত বজাৰত বিক্ৰী কৰিবলৈ সন্মত নহয় আৰু প্ৰয়োজনীয় মূলধনখিনি বিনিয়োগ কৰিবলৈও আগবাঢ়ি নাযায়।[1][2] বেছিভাগ প্ৰকাশকে উপন্যাস, বিশেষকৈ আত্মপ্ৰকাশৰ উপন্যাসখনৰ অধিকাৰ সাহিত্যিক এজেণ্টৰ জৰিয়তে ক্ৰয় কৰে, যিয়ে প্ৰকাশকলৈ প্ৰেৰণ কৰাৰ আগতে ক্লায়েণ্টৰ কাম পৰীক্ষা কৰে।[3]প্ৰকাশনৰ এই বাধাসমূহে অজ্ঞাত ৰচনাসমূহ পৰ্যালোচনা আৰু প্ৰকাশৰ ক্ষেত্ৰত দুয়োগৰাকী প্ৰকাশকৰ সীমাসমূহ উন্মুক্ত কৰে। আনহাতে পাঠকেও সাধাৰণতে প্ৰথম লেখকতকৈ সুনাম থকা প্ৰতিষ্ঠিত লেখকৰ কিতাপ অধিক ক্ৰয় কৰে। এই কাৰণতে সাহিত্যিক সমাজে এনে বঁটা সৃষ্টি কৰিছে যিয়ে ব্যতিক্ৰমী আত্মপ্ৰকাশমূলক উপন্যাসক স্বীকৃতি দিয়াত সহায় কৰে।

১৮১১ চনত প্ৰকাশিত জেন অষ্টেনৰ প্ৰথম উপন্যাস চেন্স এণ্ড চেন্সিবিলিটিৰ শিৰোনাম পৃষ্ঠা।

প্ৰকাশ আৰু স্বীকৃতি সম্পাদনা কৰক

সমসাময়িক ব্ৰিটিছ আৰু আমেৰিকাৰ প্ৰকাশন বজাৰত বেছিভাগ লেখকে তেওঁলোকৰ প্ৰথম উপন্যাসখন প্ৰকাশৰ পূৰ্বে মাত্ৰ সামান্য আৰ্থিক অগ্ৰিম ধনহে লাভ কৰে। বিৰল ব্যতিক্ৰম হিচাপে যেতিয়া বৃহৎ প্ৰিণ্ট ৰান আৰু উচ্চ পৰিমাণৰ বিক্ৰীৰ আশা কৰা হয়, তেতিয়া অগ্ৰিম ধন বেছি হ'ব পাৰে।[4] এটা অস্বাভাৱিকভাৱে উচ্চ অগ্ৰগতিৰ উদাহৰণ দেখুৱাবলৈ আমি ২০১৩ চনত গাৰ্থ ৰিস্ক হলবাৰ্গৰ বহু প্ৰত্যাশিত "চিটি অন ফায়াৰ"ৰ কথা ক'ব পাৰোঁ, যিখনে দহজন প্ৰকাশকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। আৰু কিতাপখনে নিবিদা যুদ্ধ আৰম্ভ কৰিছিল। ইয়াৰ অন্ত পৰিল নপফে প্ৰকাশনে কিতাপখনৰ অধিকাৰ ২০ লাখ ডলাৰত ক্ৰয় কৰাৰ পাছত। গ্ৰন্থখনৰ চলচ্চিত্ৰ নিৰ্মাণৰ অধিকাৰ অতি সোনকালেই প্ৰযোজক স্কট ৰুডিনে ক্ৰয় কৰে।

লেখকে সাহিত্যিক সুনাম লাভ নকৰালৈকে উপন্যাসৰ বিক্ৰী সঘনাই ভাল নহয়। ইয়াৰ ব্যতিক্ৰম অৱশ্যে আছে; ইউটিউবাৰ জোয়েলাই ২০১৪ চনৰ নৱেম্বৰ মাহত তেওঁৰ প্ৰথম উপন্যাস গাৰ্ল অনলাইন প্ৰকাশ কৰে আৰু প্ৰথম সপ্তাহতে ব্ৰিটেইনত কিতাপখনৰ ৭৮,১০৯ কপি বিক্ৰী হয়।[5] উপন্যাসখনে বিপুল বিক্ৰীৰ মুখ দেখিছিল কাৰণ তাইৰ ইতিমধ্যে প্ৰতিষ্ঠিত দৰ্শক আছিল, আৰু প্ৰকাশকসকলে বৃহৎ ছপা চলাবলৈ ইচ্ছুক আছিল।[5] তুলনামূলকভাৱে, বেষ্টচেলাৰ ফিফটি শ্বেডছ অৱ গ্ৰেই প্ৰথম সপ্তাহত ১৪,৮১৪টা কপিহে বিক্ৰী হৈছিল, বা পৰৱৰ্তী জনপ্ৰিয় উপন্যাস, হেৰী পটাৰ এণ্ড দ্য ফিল’চফাৰছ ষ্টোন, মাত্ৰ সৰু সৰু প্ৰাৰম্ভিক প্ৰিন্ট ৰানহে লাভ কৰে।[5]

প্ৰকাৰ বা ৰাষ্ট্ৰীয়তাৰ ভিত্তিত আত্মপ্ৰকাশ কৰা এনেধৰণৰ প্ৰথমখন উপন্যাসৰ বাবে অসংখ্য সাহিত্যিক পুৰস্কাৰ দিয়া থকা হৈছে। আত্মপ্ৰকাশ কৰা ঔপন্যাসিকসকলে সন্মুখীন হোৱা অসুবিধাসমূহৰ স্বীকৃতি স্বৰূপে এই পুৰস্কাৰসমূহ প্ৰদান কৰা হয় আৰু প্ৰাপ্য ৰচনা আৰু লেখকসকলৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰা হয়। বিশ্বজুৰি পোৱা কিছুমান অধিক সন্মানীয় বঁটা হ’ল আমেৰিকান হেমিংৱে ফাউণ্ডেশ্যন/পেন বঁটা, ফৰাচী প্ৰিক্স গনক’ৰ্ট ডু প্ৰিমিয়াৰ ৰোমান, ব্ৰিটিছ গাৰ্ডিয়ান ফাৰ্ষ্ট বুক এৱাৰ্ড, জাৰ্মান এছপেক্ট-লিটাৰেটাৰপ্ৰেছ আৰু জাপানীজ নোমা সাহিত্যিক বঁটা। [6]

ব্যুৎপত্তি সম্পাদনা কৰক

অক্সফৰ্ড ইংৰাজী অভিধানৰ মতে, "প্ৰথম উপন্যাস"ৰ আটাইতকৈ প্ৰাচীন প্ৰমাণিত ব্যৱহাৰ ১৮৭৬ চনৰ।[7] কিন্তু এই শব্দটো বৰ পুৰণি, ইয়াৰ উদাহৰণ কমেও ১৮০০ চনলৈ উভতি যায়। [8] অক্সফৰ্ড ইংৰাজী অভিধানত "প্ৰথম উপন্যাস"ৰ বাবে কোনো প্ৰৱিষ্টি নাই। গুগল বুকছৰ ডাটাবেছত "প্ৰথম উপন্যাস"ৰ আটাইতকৈ প্ৰাচীন ব্যৱহাৰ হৈছে ১৯৩০ চন (২০১১ চনলৈকে)।(2011 অনুসৰি).[9] ১৯২২ চনত এখন বাতৰি কাকতত এই শব্দটো প্ৰকাশ পাইছিল, মাৰ্জাৰী এল.চি. পিকথালৰ উপন্যাস "দ্য ব্ৰীজ" সম্পৰ্কীয় আলোচনাত।[10] গুগল বুকছ এনগ্ৰাম ভিউয়াৰে দেখুৱাইছে যে শব্দযুগলৰ ব্যৱহাৰ (প্ৰায়) ১৯৮০ চনৰ পিছত ব্যাপকভাৱে বৃদ্ধি পাইছে, আৰু ক্ৰমান্বয়ে ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "The Big Question: What should you do if you want to get your first novel published? - Features, Books". The Independent. 2008-01-04. https://www.independent.co.uk/arts-entertainment/books/features/the-big-question-what-should-you-do-if-you-want-to-get-your-first-novel-published-768098.html। আহৰণ কৰা হৈছে: 2011-05-23. 
  2. Kapur, Niraj (26 January 2007). "How to sell your debut novel | Books | guardian.co.uk". The Guardian. https://www.theguardian.com/books/booksblog/2007/jan/26/howtosellyourfirstnovel। আহৰণ কৰা হৈছে: 2011-05-23. 
  3. Woodroof, Martha (October 8, 2013). "First Novels: The Romance Of Agents". Monkey See (NPR). https://www.npr.org/blogs/monkeysee/2013/10/08/224084404/first-novels-the-romance-of-agents. 
  4. Kellaway, Kate (25 March 2007). "Kate Kellaway: That difficult first novel | Books |". The Observer. The Guardian. https://www.theguardian.com/books/2007/mar/25/fiction.features7। আহৰণ কৰা হৈছে: 2011-05-23. 
  5. 5.0 5.1 5.2 Singh, Anita (December 2, 2014). "Zoella breaks record for first-week book sales". The Telegraph. https://www.telegraph.co.uk/news/celebritynews/11268540/Zoella-breaks-record-for-first-week-book-sales.html. 
  6. Jamison, Leslie; Mathis, Ayana (2016-08-30). "Why Do Debut Novels Command So Much Attention?". The New York Times. ISSN 0362-4331. https://www.nytimes.com/2016/09/04/books/review/why-do-debut-novels-command-so-much-attention.html. 
  7. See entry for "first novel" in OED, Second Edition 1989, online version, accessed June 2011.
  8. Robert Bisset (1800). Douglas; or, The Highlander,pg. 306. "Her first novel is a pretty and affecting tale".
  9. American Library Association (1930). A.L.A. Booklist, Volume 27. Publishing Board, League of Library Commissions (U.S.).pg. 423, "A debut novel, mature as to style and composition.."
  10. "'The Bridge', by M.L.C. Pickthall". Grand Rapids Press: পৃষ্ঠা 26. 29 Mar 1922.