প্ৰদীপ কুমাৰ বৰুৱা (ইংৰাজী: Pradip Kumar Baruah) এগৰাকী পশু চিকিৎসক, অসম সাহিত্য সভাৰ আজীৱন সদস্য তথা সমাজকৰ্মী আছিল।[1] অসম পশু চিকিৎসা মহাবিদ্যালয়ত তেওঁ বৃত্তি লৈ পশু চিকিৎসাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেখেতৰ জন্মগত নাম পূৰ্ণচন্দ্ৰ আছিল যদিও, স্নাতক ডিগ্ৰী লাভকৰাৰ পিছত প্ৰদীপ কুমাৰ বৰুৱা নাম লয়। তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম লগ্নৰে পৰা জড়িত থকাৰ উপৰি ধেমাজি জিলা চুতীয়া জাতি সন্মিলন আৰু ধেমাজি সংগীত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আছিল।

প্ৰদীপ কুমাৰ বৰুৱা
জন্ম ১৫এপ্ৰিল, ১৯৩৩
বালিগাঁ‌ও, ঢকুৱাখনা
মৃত্যু ১০জানুৱাৰী, ১৯৯১
ধেমাজী, অসম, ভাৰত
শিক্ষানুষ্ঠান অসম পশু চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী
পেচা পশু চিকিৎসক, সমাজকৰ্মী

জন্ম আৰু শিক্ষা

সম্পাদনা কৰক

১৯৩৩ চনৰ ১৫ এপ্ৰিল তাৰিখে লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ বালিগাঁ‌ৱৰ এটি কৃষক পৰিয়ালত প্ৰদীপ কুমাৰ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ দেউতাক দীনবন্ধু বৰুৱা আৰু মাক আছিল বামুণী বৰুৱা। তেওঁৰ জন্মতে পূৰ্ণচন্দ্ৰ নাম ৰখা হৈছিল। থিয়েটাৰত "গিয়াচুদ্দিন বলবান" চৰিত্ৰত অভিনয় কৰি তেওঁ স্থানীয়ভাৱে গিয়াচ নামেৰে জনাজাত হৈ পৰে। তেওঁ চুবুৰীয়া ল'ৰা হিচাপে হোমেন বৰগোহাঞিৰ সান্নিধ্য লাভ কৰিছিল। ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ পৰা ছাত্ৰবৃত্তি লাভ কৰি তেওঁ ঢকুৱাখনা হাইস্কুলৰ পৰা ১৯৫২ চনত প্ৰদীপ নামেৰে মেট্ৰিক পাছ কৰে। পিছত তেওঁ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা ১৯৫৭ চনত বৃত্তিসহ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ ককায়েক তিলেন্দ্ৰ ওৰফে ভবেন্দ্ৰৱো একেখন মহাবিদ্যালয়ৰ পৰা পশু চিকিৎসাৰ স্নাতক।

সংসাৰ আৰু কৰ্মজীৱন

সম্পাদনা কৰক

১৯৬১ চনত ধেমাজি জিলাৰ টঙনাপৰা গাঁৱৰ জীয়ৰী পূৰ্ণিমা বঞ্জিতা বৰাৰ সতে তেওঁ বিবাহ পাশত আৱদ্ধ হয়। বিয়াৰ পিছত প্ৰদীপ কুমাৰ বৰুৱাই টঙনাপৰাতে নিগাজিকৈ ঘৰবাৰী সাজি থাকিবলৈ ল'লে। তেওঁৰ দুটি সন্তান আৰু তিনিগৰাকী কন্যা সন্তান আছে।

১৯৫৭ চনৰ ১৪ নৱেম্বৰত তিনিচুকীয়াৰ পানীতোলাত পশু চিকিৎসক (ভেটেনেৰী ডাক্তৰ) হিচাপে চাকৰিত যোগদান কৰে। ১৯৫৯ চনত ধেমাজিলৈ বদলি হৈ আহে। পশু চিকিৎসক ৰূপে চাৰিবছৰ কাল ধেমাজিত থাকি ১৯৬৩ চনত মৰিয়নিলৈ বদলি কৰে। তাত তিনিবছৰ কাল চাকৰিত থকাৰ পিছত ১৯৬৬ চনত নাওবৈচালৈ বদলি কৰে। নাওবৈচাতো তিনিবছৰ চাকৰিত নিয়োজিত হৈ থকাৰ পিছত ১৯৬৯ চনত অবিভক্ত কাছাৰ জিলাৰ নৰসিংহপুৰ উন্নয়ন খণ্ডলৈ বদলি কৰে। তাৰ পৰা তেওঁক বগীনদীলৈ পশু চিকিৎসা বিষয়া হিচাপে বদলি হৈ আহে। তাৰ পিছত সহকাৰী গবেষণা বিষয়া হিচাপে পদোন্নতি হয়। ১৯৮০ চনত পদোন্নতি লৈ তিনিচুকীয়া আৰু জোনাইত কৰ্মনিৰ্বাহ কৰে। ১৯৮২ চনত মহকুমা পশু চিকিৎসা বিষয়া হিচাপে ধেমাজিলৈ বদলি হৈ আহে। ধেমাজিত থাকোঁতেই গো-বসন্ত বিষয়া হিচাপে পদোন্নতি লাভ কৰে। অৱশেষত ১৯৮৬ চনত তেখেতক অসম দুগ্ধ উন্নয়ন বিভাগ তেজপুৰলৈ মাগুলিক সহ উপ-সঞ্চালক হিচাপে পদোন্নতি দিয়ে।

ইয়াৰোপৰি তেওঁ সামাজিক কাম হিচাপে তেওঁ শংকৰদেৱ সংঘৰ ঢকুৱাখনা অধিৱেশনৰ মুখ্য পৰিচালক, ঢকুৱাখনাত অনুষ্ঠিত ১৯৮৫ চনৰ চুতীয়া সন্মিলনৰ সভাপতি আছিল। ধেমাজি কলেজৰ বিজ্ঞান শাখা খোলাৰ ক্ষেত্ৰত তেওঁ আগভাগ লোৱাৰ উপৰি ধেমাজি সংগীত মহাবিদ্যালয়ৰো সভাপতি আছিল।

ভাৰত জনবিজ্ঞান জাঁঠা

সম্পাদনা কৰক

১৯৭৯ চনৰ ২৩ ছেপ্টেম্বৰত অসম বিজ্ঞান সমিতি, ধেমাজি শাখা গঠন হয়। প্ৰতিষ্ঠাৰ পিছৰপৰাই শাখাৰ কাম-কাজসমূহে বিজ্ঞানক ৰাইজৰ কাষ চপাই নিয়াত সফল হ'ব পৰা নাই বুলি বিজ্ঞান কৰ্মীসকলে অনুভৱ কৰিছিল। বিশেষকৈ, ১৯৮৪ চনৰ ২ ডিচেম্বৰৰ ৰাতি ভূপালত নিৰ্গত হোৱা মিথাইল আইচ'ছায়েনাইড গেছে ২০০০ জনৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া লগতে বহুলোক অসুস্থ হোৱা বাতৰিয়ে সমগ্ৰ দেশখনকে জোকাৰি গৈছিল। সেই সময়ত বিজ্ঞানীসকলে অনুভৱ কৰিছিল বিজ্ঞানক ৰাইজৰ ওচৰ চপাই আনিবলৈ হ'লে জনসাধাৰণ স্বাক্ষৰ হোৱাতো অতিকে প্ৰয়োজন। শেষত ১৯৮৭ চনত কেৰালা শাস্ত্ৰীয় পৰিষদ, অসম বিজ্ঞান সমিতিকে আদি কৰি ভাৰতৰ ২৬টা স্বেচ্ছাসেৱী সংগঠনে একত্ৰিত হৈ 'ভাৰত জনবিজ্ঞান জাঁঠা' নামে এক স্বেচ্ছাসেৱী সংগঠন গঠন কৰে আৰু ধেমাজিত ডাঃ প্ৰদীপ কুমাৰ বৰুৱাক সভাপতি আৰু বুদ্ধিন্দ্ৰ বৰুৱাক সমন্বয়ক হিচাপে লৈ ধেমাজি জিলা ভাৰত জনবিজ্ঞান জাঁঠাৰ আদৰণী সমিতি গঠন কৰা হয়। ভাৰতবৰ্ষৰ ৫০০ ঠাইত বিজ্ঞান ভিত্তিক বাটৰ নাট, বিজ্ঞান আৰু অন্ধবিশ্বাস আদিৰ ওপৰত অনুষ্ঠান অনুষ্ঠিত কৰি সেই বছৰৰে ৭ নৱেম্বৰত ভূপালত মিলিত হৈছিল।[2]

১৯৯১ চনৰ ১০ জানুৱাৰী তাৰিখে তেজপুৰৰ পৰা ধেমাজীৰ নিজ গৃহলৈ অহাৰ পিছত উচ্চ ৰক্তচাপত তেখেতৰ মৃত্যু হয়।[3]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "মৃত্যুৰ ৩২ বছৰ পিছত ডাঃ প্ৰদীপ কুমাৰ বৰুৱাৰ সোঁৱৰণত গ্ৰন্থ উন্মোচন". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/assam/dhemaji/32-years-after-his-death-a-book-launch-in-memory-of-dr-pradeep-kumar-baruah। আহৰণ কৰা হৈছে: 26 September 2024. 
  2. ড° বুদ্ধিন্দ্ৰ বৰুৱা (২০২৩). অক্ষয় প্ৰদীপ. পূৰ্ণিমা ৰঞ্জিতা বৰুৱা. পৃষ্ঠা. ৩০. 
  3. কুঞ্জ কুমাৰ হাতীবৰুৱা (২০২৩). অক্ষয় প্ৰদীপ. পূৰ্ণিমা ৰঞ্জিতা বৰুৱা. পৃষ্ঠা. ৭১-৭২.