প্ৰদীপ ভূঞা
ড° প্ৰদীপ ভূঞা অসমৰ এগৰাকী বিশিষ্ট লেখক, সাহিত্যিক, প্ৰবন্ধকাৰ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক৷[1]
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰক১৯৬১ চনত জামুগুৰিহাটৰ মাধৱ গাৱত ড° প্ৰদীপ ভূঞা জন্মগ্ৰহণ কৰে৷ ছাত্ৰ অৱস্থাৰ পৰা তেওঁ অসমীয়া সাহিত্য চৰ্চা আৰম্ভ কৰে৷[1]
কৰ্মজীৱন
সম্পাদনা কৰকড° প্ৰদীপ ভূঞা চতিয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ৰূপে কৰ্মৰত আছিল৷ জীৱন কালত তেওঁ ডেৰকুৰিৰো অধিক গ্ৰন্থেৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়ায় ৷ সাহিত্য চৰ্চাৰ লগতে তেওঁ সাংবাদিকতাও কৰে৷ ২০০৭-০৮ আৰু ২০০৮-০৯ বৰ্ষৰ বাবে তেওঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে৷
অৱদান
সম্পাদনা কৰকগ্ৰন্থ[1]
সম্পাদনা কৰক- তেজফুলৰ গামোচা
- জীয়াভৰলীৰ ধল
- স্নেহবন্ধন
- প্ৰেমবন্দিনী
- শংকৰদেৱ-মাধৱদেৱৰ তত্ত্বকথা
- অসমীয়া সাহিত্যৰ জিলিঙনি
- মাধৱদেৱৰ সাহিত্য চৰ্চা
- কামসেন্দূৰ
- মেঘৰ বাবে
- আকাশী গংগা
- নৰমেধ
- মহাপতন
- ৰঙামেঘ
- মায়া কন্যা
- মৰতৰ ফুল
- জীৱন তৃষ্ণা
- মহাপ্ৰস্থান
- জীৱনৰ ৰং
- উত্তৰাধিকাৰী
মৃত্যু
সম্পাদনা কৰকউচ্চ ৰক্তচাপজনিত ৰোগত অসুস্থ হৈ থকা প্ৰদীপ ভূঞাই ২০১৪ চনৰ ৬ আগষ্টৰ দিনা মৃত্যুবৰণ কৰে৷[1]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 "'আমাৰ অসম' কাকতৰ ৬ আগষ্টত প্ৰকাশিত বাতৰি". (Web link). সংগ্ৰহ কৰা হৈছে: 7 আগষ্ট 2014. Archived 2016-03-04 at the Wayback Machine