প্ৰভাস চন্দ্ৰ গোস্বামী
প্ৰভাস চন্দ্ৰ গোস্বামী (ইংৰাজী: Prabhas Chandra Goswami) এগৰাকী অৰ্থনৈতিক বুৰঞ্জী সাহিত্যৰ লেখক হোৱাৰ লগতে এজন অধ্যাপক আছিল।
প্ৰভাস চন্দ্ৰ গোস্বামী | |
---|---|
জন্ম | ১১ ডিচেম্বৰ, ১৯২২ নলবাৰী |
মৃত্যু | ৬ ফ্ৰেব্ৰুৱাৰী, ১৯৯২ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰক১১ডিচেম্বৰ, ১৯২২ চনত তেখেতৰ জন্ম হয়। [1]
শিক্ষা
সম্পাদনা কৰক- তেখেতে নলবাৰী গৰ্ডনৰ পৰা হাইস্কুলীয়া শিক্ষা শেষ কৰে।
- যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা ১৯৪৩ চনত আই-কম ডিগ্ৰী লাভ কৰে।
- স্নাতক ডিগ্ৰী লাভ কৰে কলিকতাৰ এখন মহাবিদ্যালয়ৰ পৰা ১৯৪৫ চনত।
- স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে কলিকতাৰ এখন বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৭ চনত।
- বি এল ডিগ্ৰী লাভ কৰে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৯॥ [2]
চাকৰি জীৱন
সম্পাদনা কৰক- প্ৰভাস চন্দ্ৰ গোস্বামীয়ে ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰিছিল।
- তেখেতে ১৯৬০-৭৪ চনত উত্তৰ-পূৱ ভাৰতৰ কৃষি-অৰ্থনীতি গৱেষণা কেন্দ্ৰ, যোৰহাট, ক্ৰমে গৱেষণা বিষয়া, সহকাৰী সঞ্চালক ৰূপে কাম কৰিছিল।
- তেখেতে ১৯৭৪-৮৩ চনত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।
- ১৯৮৩-৯১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক আছিল।
- আমেৰিকা যুক্তৰাজ্যৰ মিনেচোটা বিশ্ববিদ্যালয়ৰ ভ্ৰমণকাৰী অধ্যাপক (১৯৭৭)॥[3]
সাহিত্যৰাজি
সম্পাদনা কৰক- Economic Development of Assam (1962)
- Problems and Prospects of Industrialisation- A Study in North-East India (1987)
- Problems of Industrial Development in a backward Economy- A Study in North-East India (1985)
- Role of Small-scale Industries in Economic Development of North-East India (1986)
- Rural Development Programme and Role of Commercial Banks- A Study in North-East India (1987)
- Financial Resources and Economic Development in the State Sector- A Study(1990)[4]
মৃত্যু
সম্পাদনা কৰকপ্ৰভাস চন্দ্ৰ গোস্বামী ১৯৯২ চনৰ ৬ ফ্ৰেব্ৰুৱাৰীত মৃত্যু হয়।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড), অসম প্ৰকাশন, সম্পাদক:বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় প্ৰকাশ ২০১৬, পৃষ্ঠা নং ৪৫৮
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড), অসম প্ৰকাশন, সম্পাদক:বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় প্ৰকাশ ২০১৬, পৃষ্ঠা নং ৪৫৮
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড), অসম প্ৰকাশন, সম্পাদক:বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় প্ৰকাশ ২০১৬, পৃষ্ঠা নং ৪৫৮
- ↑ অসমীয়া সাহিত্যৰ বুৰঞ্জী(প্ৰথম খণ্ড), অসম প্ৰকাশন, সম্পাদক:বিশ্বেশ্বৰ হাজৰিকা, দ্বিতীয় প্ৰকাশ ২০১৬, পৃষ্ঠা নং ৪৫৮