প্ৰমিতি, (বা জোখ, মাপ, জোখমাপ, পৰিমাপ, মিতি আদি) হৈছে বস্তুৰ কোনো ধৰ্ম যেনে দৈৰ্ঘ্য, ওজন, উষ্ণতা আদিৰ তুলনামূলক পৰিমাণ কোনো এককৰ মানত - যেনে মিটাৰ, কিলোগ্ৰাম, চেলচিয়াচ আদি প্ৰকাশ কৰা পদ্ধতি বা কাৰ্য্য। এই বিষয়ৰ অধ্যয়নক ইংৰাজীত মেট্ৰ'লজী বোলে। প্ৰমিতি বুজোৱা ইংৰাজী ভাষাmeasurement শব্দটো লেটিন ভাষাৰ mēnsūra -ৰ ক্ৰিয়াবাচক metri -ৰ পৰা মধ্যযুগীয় ফৰাচী ভাষাৰ measure শব্দ হৈ ইংৰাজী ভাষালৈ আহিছে.[1]

Denmark's national copy of the International Prototype Kilogram, delivered to Denmark in 1949 with an official mass of 1 kg + 81 µg.

জোখমাপৰ একক (Unit of measurement)

সম্পাদনা কৰক

যিকোনো জোখমাখ কৰিবলৈ কোনো নিৰ্দিষ্ট আধাৰ লাগে। সেই আধাৰৰ বিশিষ্ট ধৰ্মৰ লগত তুলনা কৰি সেই ধৰ্ম থকা অন্য বস্তুৰ সংশ্লিষ্ট ধৰ্মৰ জোখ প্ৰকাশ কৰা হয়। যেনে "দুই আঙুল" বুলিলে দুটা আঙুলিৰ সমান বহল, এক দিন বুলিলে পৃথিৱীয়ে নিজৰ অক্ষত আৱৰ্তন কৰাৰ সমান সময় আদি। প্ৰসংগ, স্থান বা কাল অনুসৰি বিভিন্ন ক্ষেত্ৰত বিভিন্ন একক ব্যৱহাৰ কৰা হ'ব পাৰে। ব্যাৱহাৰিক ক্ষেত্ৰত জোখমাপৰ এককৰ গুৰুত্ব অসীম। সূক্ষ্ম বৈজ্ঞানীক গৱেষণাৰ পৰা আৰম্ভ কৰি দৈনিক বজাৰলৈকে অনেক ক্ষেত্ৰত জোখমাপৰ বিভিন্ন এককৰ ব্যৱহাৰ হয়। এই ক্ষেত্ৰত হীন-দেৰি হ'লে অনেক ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি হ'ব পাৰে। উদাহৰণ স্বৰূপে, বিভিন্ন দেশত দোকানীয়ে গ্ৰাহকক ওজনত ঠগালে দোকানীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ ব্যৱস্থা থাকে।

 
The former Weights and Measures office in Seven Sisters, London

মৌলিক একক

সম্পাদনা কৰক

জোখমাপৰ এককৰ সীমা সংখ্যা নাথাকিলেও সকলো একককে তিনিটা মৌলিক ধৰ্ম দৈৰ্ঘ্য, ভৰ আৰু সময় -অৰ এককৰ সহায়ত প্ৰকাশ কৰিব পাৰি। যেনে বেগ: কোনো বস্তুৱে এক চেকেণ্ডত অতিক্ৰম কৰা দুৰত্ব (সূত্ৰ: বেগ = দৈৰ্ঘ্য/সময়, একক: মিটাৰ/চেকেণ্ড। ) সেয়ে বিভিন্ন চৰকাৰ বা কোনো সৰ্বমান্য প্ৰতিষ্ঠানে কোনো নিৰ্দিষ্ট নমুনাৰ আধাৰত এই তিনি মৌলিক ধৰ্মৰ একক নিৰ্ধাৰিত কৰি দিয়ে আৰু উক্ত চৰকাৰ বা সংগঠনৰ প্ৰভাৱ থকা ক্ষেত্ৰসমূহত সেই একক ব্যৱহাৰ কৰা হয়[2]। যেনে ভাৰতত (বা যিকোনো দেশতে) তৰ্জুৰ সহায়ত বস্তুৰ ওজন জুখিবলৈ চৰকাৰী মান্যতাপ্ৰাপ্ত ওজন (ডগা) ব্যৱহাৰ কৰা হয়। আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত Bureau international des poids et mesures (BIPM)[3] নামৰ সন্থাটোৱে International System of Units (SI) অৰ লগত সংগতি ৰাখি একক নিৰ্ধাৰণ কৰে। ডেনমাৰ্কৰ কিলোগ্ৰামৰ মানক হিচাপে সংৰক্ষিত নমুনাটো চিত্ৰত দেখুওৱা হৈছে।

 
Denmark's national copy of the International Prototype Kilogram, delivered to Denmark in 1949 with an official mass of 1 kg + 81 µg.

জোখমাখৰ পদ্ধতি (System of measurement)

সম্পাদনা কৰক

যদিও অতীজৰে পৰা মানৱ সমাজত বিভিন্ন প্ৰকাৰৰ পদ্ধতি ব্যৱহাৰ কৰা হৈ আহিছে, যেনে সোণৰ কাৰণে ৰতি, কেৰেট আদি, ওজনৰ বাবে পোৱা, সেৰ আদি। কিন্তু আন্তৰাষ্ট্ৰীয় আদান প্ৰদান বাঢ়ি যোৱাৰ লগে লগে জোখমাখৰ কাৰণে বিভিন্ন মানক পদ্ধতি নিৰ্দ্ধৰণ কৰাৰ প্ৰয়োজন হ'ল।


ইম্পিৰিয়েল একক

সম্পাদনা কৰক

আগৰ ইংৰাজী একক(ইং) -ৰ আধাৰত ইম্পিৰিয়েল একক আৰু যুক্তৰাষ্ট্ৰৰ কাষ্টমাৰী একক নিৰ্ধাৰণ কৰা হৈছিল। ব্ৰিটিছ সাম্ৰাজ্য আৰু কমনৱেল্‌থৰ দেশসমূহত এই পদ্ধতি দেশ বা ক্ষেত্ৰবিশেষে এতিয়াও ব্যবহাৰ কৰা হয়। এ‌ই পদ্ধতি মতে দৈৰ্ঘ্য, ওজন আৰু সময়ৰ বাবে যথাক্ৰমে ফুট, পাউণ্ড আৰু চেকেণ্ডত গণনা কৰা হয়। ইয়াৰ অন্য কিছুমান সংশ্লেষিত একক হ'ল গজ, মাইল, আদি। ক্ষেত্ৰবিশেষে এই পদ্ধতিক FPS বা ফুট-পাউণ্ড-চেকেণ্ড -ও বোলা হয়।

 
Chip-scale atomic clocks, such as this one unveiled in 2004, are expected to greatly improve GPS location.[4]

SI মানক আৰু মেট্ৰিক পদ্ধতি

সম্পাদনা কৰক

১৭৯১ চনত ফ্ৰান্সত সৃষ্টি কৰা এই পদ্ধতিত একক সমূহ SI মানক মতে দৈৰ্ঘ্য, ওজন আৰু সময়ৰ কাৰণে মিটাৰ, কিলোগ্ৰাম, চেকেণ্ডৰ উপৰিও বিদ্যুৎ প্ৰবাহৰ বাবে এম্পিয়েৰ, উষ্ণতাৰ বাবে কেলভিন, প্ৰকাশ প্ৰাবল্যৰ বাবে কেণ্ডেলা আৰু আণবিক ভাৰৰ বাবে ম'ল - মুঠ ৭টা একক ব্যবহাৰ কৰা হয়। গণনাৰ সুবিধাৰ কাৰণে এই পদ্ধতিত সাংশ্লেষিত এককবোৰ ১০ -অৰ আধাৰত প্ৰকাশ কৰা হয়। বূহৎ সংখ্যাবোৰ ১০ ৰ ঘাতত প্ৰকাশ কৰে।

SI base units[5][6]
Unit name Unit symbol Quantity name Quantity symbol Dimension symbol
metre m length l (a lowercase L), x, r L
kilogram[note 1] kg mass m M
second s time t T
ampere A electric current I (an uppercase i) I
kelvin K thermodynamic temperature T Θ
candela cd luminous intensity Iv (an uppercase i with lowercase non-italicized v subscript) J
mole mol amount of substance n N


SI prefixes
Prefix Symbol 1000m 10n Decimal Short scale Long scale Scientific notation Since[n 1]
yotta Y 10008 1024 1000000000000000000000000 Septillion Quadrillion 1E24 1991
zetta Z 10007 1021 1000000000000000000000 Sextillion Trilliard 1E21 1991
exa E 10006 1018 1000000000000000000 Quintillion Trillion 1E18 1975
peta P 10005 1015 1000000000000000 Quadrillion Billiard 1E15 1975
tera T 10004 1012 1000000000000 Trillion Billion 1E12 1960
giga G 10003 109 1000000000 Billion Milliard 1E9 1960
mega M 10002 106 1000000 Million 1E6 1960
kilo k 10001 103 1000 Thousand 1E3 1795
hecto h 10002/3 102 100 Hundred 1E2 1795
deca da 10001/3 101 10 Ten 1E1 1795
10000 100 1 One
deci d 1000−1/3 10−1 0.1 Tenth 1E-1 1795
centi c 1000−2/3 10−2 0.01 Hundredth 1E-2 1795
milli m 1000−1 10−3 0.001 Thousandth 1E-3 1795
micro μ 1000−2 10−6 0.000001 Millionth 1E-6 1960
nano n 1000−3 10−9 0.000000001 Billionth Milliardth 1E-9 1960
pico p 1000−4 10−12 0.000000000001 Trillionth Billionth 1E-12 1960
femto f 1000−5 10−15 0.000000000000001 Quadrillionth Billiardth 1E-15 1964
atto a 1000−6 10−18 0.000000000000000001 Quintillionth Trillionth 1E-18 1964
zepto z 1000−7 10−21 0.000000000000000000001 Sextillionth Trilliardth 1E-21 1991
yocto y 1000−8 10−24 0.000000000000000000000001 Septillionth Quadrillionth 1E-24 1991
  1. The metric system was introduced in 1795 with six prefixes. The other dates relate to recognition by a resolution of the CGPM.



Note
  1. Despite the prefix, the kilogram is the base unit of mass. The kilogram, not the gram, is used in the definitions of derived units.

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Oxford Dictionary of English, 2nd. Ed., Oxford University Press
  2. http://www.bipm.org/utils/common/documents/jcgm/JCGM_200_2008.pdf
  3. http://www.bipm.org/utils/common/documents/jcgm/JCGM_200_2008.pdf
  4. "NIST Unveils Chip-Scale Atomic Clock". 2004-08-27. http://www.nist.gov/public_affairs/releases/miniclock.cfm। আহৰণ কৰা হৈছে: 2011-06-09. 
  5. Barry N. Taylor & Ambler Thompson Ed. (2008). The International System of Units (SI). প্ৰকাশক Gaithersburg, MD: National Institute of Standards and Technology. পৃষ্ঠা. 23. http://physics.nist.gov/Pubs/SP330/sp330.pdf। আহৰণ কৰা হৈছে: 18 June 2008. 
  6. Units and Symbols in Physical Chemistry[সংযোগবিহীন উৎস], IUPAC