প্ৰাচীৰ পত্ৰিকা হ'ল বিজ্ঞপ্তি ফলকত প্ৰকাশিত এক বিশেষ ধৰণৰ সাময়িকপত্ৰ; বিশেষকৈ কোনো শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে সমূহীয়া প্ৰচেষ্টাৰে দায়িত্বৰ ভাগ বতৰা কৰি নিজৰ প্ৰবন্ধ, কবিতা, অঙ্কন তথা অন্যান্য ৰচনা প্ৰকাশ কৰে। প্ৰাচীৰ পত্ৰিকাৰ ইংৰাজী প্ৰতিশব্দ wall magazine, ইয়াক দেৱাল পত্ৰিকা বা দেৱালিকা বুলিও কোৱা হয়। প্ৰাচীৰ বা দেৱালত এই পত্ৰিকা ওলোমাই ৰখা হয় বাবে ইয়াক প্ৰাচীৰ পত্ৰিকা বা দেৱাল পত্ৰিকা বুলি কোৱা হয়। অসমত আশীৰ দশকৰ পৰা বিদ্যালয়সমূহত প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰা কাম আৰম্ভ কৰা হয়৷ প্ৰাচীৰ পত্ৰিকাসমূহত আৰু হাতেলিখা আলোচনীসমূহত শিক্ষাৰ্থীৰ সাহিত্য প্ৰতিভাৰ অংকুৰণ ঘটে৷ শিক্ষানুষ্ঠানৰ বাহিৰে আন কিছুমান সাহিত্য চৰ্চা কেন্দ্ৰতো প্ৰাচীৰ পত্ৰিকা প্ৰস্তুত কৰা হয়৷ তেনেদৰে প্ৰস্তুত কৰা নিখিল বঙ্গ সাহিত্য সন্মিলনৰ হাফলং শাখাৰ প্ৰাচীৰ পত্ৰিকা হ’ল “বনলতা’’৷[1]

কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ ২০১৯ বৰ্ষৰ প্ৰাচীৰ পত্ৰিকা।

প্ৰাচীৰ পত্ৰিকাৰ বৈশিষ্ট্য

সম্পাদনা কৰক

প্ৰাচীৰ পত্ৰিকাৰ কিছু বিশেষ বৈশিষ্ট্য থকা দেখা যায়৷ (১) এখন বৃহৎ আকাৰৰ কাগজৰ এপিঠিত এই পত্ৰিকাৰ লেখাসমূহ সন্নিৱিষ্ট কৰা হয়৷ (২) লেখাসমূহ হাতৰ আখৰেৰে লিখা হয়৷ (৩) বিভিন্ন ৰং আৰু নক্সাৰ সহায়ত চকুতলগা কৰি সজোৱা হয়৷ (৪) লেখাসমূহ তেনেই চুটি কৰা হয়৷ (৫) প্ৰাচীৰ পত্ৰিকা কোনো শিক্ষানুষ্ঠান বা কাৰ্যালয়ৰ বেৰত ওলোমাই ৰখা হয়৷[2] শৈক্ষিক বিকাশৰ বাবে শিক্ষাৰ্থীসকলৰ মাজত প্ৰাচীৰ পত্ৰিকাৰ প্ৰতিযোগিতাও হয়৷ বহু বিদ্যালয়ত বিভিন্ন শ্ৰেণীসমূহৰ মাজত প্ৰাচীৰ পত্ৰিকাৰ প্ৰতিযোগিতা পতা হয়৷ ইয়ে শিক্ষাৰ্থীৰ মনত সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত নতুন উদ্যম আনে৷[3]

কেইখনমান উল্লেখযোগ্য প্ৰাচীৰ পত্ৰিকা

সম্পাদনা কৰক

শিক্ষানুষ্ঠানবোৰেই ঘাইকৈ প্ৰাচীৰ পত্ৰিকা সৃষ্টিৰ মূল ঠাই, কাৰণ শিক্ষানুষ্ঠানতেই সাহিত্য সৃষ্টিৰ আশাৰে নতুন পুৰুষে ন ন চিন্তাৰ প্ৰকাশ ঘটায়৷ অসমৰ বহু লিখক সাহিত্যিকৰ সাহিত্য জীৱনৰ আৰম্ভণি স্কুলীয়া কালতেই হৈছিল আৰু এইবোৰ প্ৰকাশ পাইছিল হাতেলিখা আলোচনী আৰু প্ৰাচীৰ পত্ৰিকাত৷ মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা, আদি লেখকসকলৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল বিদ্যালয়ত থকা কালতেই৷[4] তথাপি কিছুমান বিশেষ সংস্থা বা অনুষ্ঠানেও তেওঁলোকৰ নীতি-আদৰ্শ প্ৰতিফলিত হোৱাকৈ কিছুমান পত্ৰিকা প্ৰস্তুত কৰে৷ তেনে কিছুমান প্ৰাচীৰ পত্ৰিকা পৰৱৰ্তী সময়ত মুদ্ৰিত আলোচনীৰ ৰূপ গ্ৰহণ কৰে৷ তেনে এখন প্ৰাচীৰ পত্ৰিকা হ’ল, বৰপেটাৰ “যুৱ সাহিত্য চক্ৰ’’ৰ “যাত্ৰীক’’; যিখন পেৱৰ্তীকালত মুদ্ৰিত ৰূপত প্ৰকাশ পাইছিল৷ উঠি অহা প্ৰজন্মৰ মাজত নতুন সাহিত্য সৃষ্টিৰ প্ৰেৰণা স্বৰূপে প্ৰাচীৰ পত্ৰিকাসমূহক মূল্যায়ন কৰিব পাৰি৷ আধুনিক ইলেক্ট্ৰনিক ছপা মাধ্যমৰ বহুল প্ৰসাৰৰ সময়তো হাতেলিখা প্ৰাচীৰ পত্ৰিকাৰ জনপ্ৰিয়তা নকমাটো লক্ষ্য কৰিবলগীয়া৷ কেইখনমান উল্লেখযোগ্য প্ৰাচীৰ পত্ৰিকাৰ নাম তলত দিয়া হ’ল৷ প্ৰাচীৰ পত্ৰিকা, নগাওঁ ( ১৯৮০ চন); জ্যোতি, বাঘমাৰা (১৯৮০ চন); প্ৰাচীৰৰ প্ৰতিধ্বনি, দিশপুৰ (১৯৮০ চন); ৰাজপথৰ কণ্ঠ, গুৱাহাটী, (১৯৮০ চন); লুইত, কনিহা (১৯৮০ চন); ন-সুৰুয, গুৱাহাটী (১৯৮০ চন); প্ৰাচীৰ পত্ৰিকা, যোৰহাট (১৯৮০ চন); সন্ধানী, বাদুলীপাৰ; ৰূপালীম, গুৱাহাটী (১৯৮১ চন); সেতু বন্ধন, নাহৰকটীয়া (১৯৮১ চন); চেমনীয়াৰ চিঞৰ, গুৱাহাটী (১৯৮২ চন) আদি৷[5]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. উত্তৰ কাছাৰেৰ পত্ৰ-পত্ৰিকা, একটি সম্পূৰ্ণ ইতিবৃত্ত৷ জগন্নাথ, পৃ:নং;১২৬, অতিৰিক্ত অধিকৰ্তা, শিক্ষাবিভাগৰ দ্বাৰা প্ৰকাশিত, ২০০১
  2. অসমৰ সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন৷ প্ৰসন্ন কুমাৰ ফুকন, পৃ:নং; ২৭, অশ্বিনী কুমাৰ বৰঠাকুৰ, মধুপ্ৰকাশ, ১৯৯৪
  3. http://bsidhaka.edu.bd/index.php/details/bsisc-wall-magazine[সংযোগবিহীন উৎস]
  4. আধুনিক অসমীয়া সহিত্যৰ ত্ৰিমূৰ্তি, বিপুল চন্দ্ৰ ভট্টাচাৰ্য্য, কামধেনু প্ৰকাশন, ২০২১
  5. অসমৰ সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন৷ প্ৰসন্ন কুমাৰ ফুকন, পৃ:নং; ২৮, অশ্বিনী কুমাৰ বৰঠাকুৰ, মধুপ্ৰকাশ, ১৯৯৪