প্ৰাণ কুমাৰ শৰ্মা (ইংৰাজী: Pran Kumar Sharma),(১৫ আগষ্ট, ১৯৩৮- ৬ আগষ্ট, ২০১৪), 'প্ৰাণ' ৰূপে প্ৰসিদ্ধ, ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট। তেওঁক প্ৰধানকৈ জনপ্ৰিয় 'চাচা চৌধুৰী' নামৰ কমিক চৰিত্ৰৰ সৃষ্টিৰ বাবে জনা যায়। [1][2] ইয়াৰ উপৰিও তেওঁ শ্ৰীমতীজী, পিংকী, বিল্লু, ৰমণ আদি কমিক চৰিত্ৰৰ সৃষ্টি কৰিছে। ২০১৪ চনৰ ৬ আগষ্টত ৭৫ বছৰ বয়সত নতুন দিল্লীত তেওঁৰ মৃত্যু হয়।[3]

প্ৰাণ কুমাৰ শৰ্মা
জন্ম ১৫ আগষ্ট, ১৯৩৮
কাচুৰ, British India
মৃত্যু ০৬ আগষ্ট, ২০১৪ (৭৫ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কাৰ্টুনিষ্ট
জনা যায় 'চাচা চৌধুৰী' ৰ স্ৰৃষ্টিকৰ্ত্তা
ৱেবছাইট
Official website

শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

প্ৰাণ কুমাৰ শৰ্মাৰ জন্ম হয় ইংৰাজ ঔপনিবেশিক ভাৰতৰ কাশুৰ (Kasur) নামৰ এটা অঞ্চলত[4]। পৰৱৰ্ত্তী কালত তেওঁ গুৱালিয়ৰৰ পৰা স্নাতক আৰু দিল্লীৰ ইভিনিং কেম্প মহাবিদ্যালয় (evening Camp College)ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। [2]

কৰ্মজীৱন সম্পাদনা কৰক

প্ৰাণ কুমাৰ শৰ্মাই ১৯৬০ৰ দশকত দিল্লীৰ পৰা প্ৰকাশিত 'মিলাপ' (Milap) নামৰ এখন কাকতত 'ডাবু' (Daabu) নামৰ কমিক চৰিত্ৰৰে কাৰ্টুনিষ্ট ৰূপে আত্মপ্ৰকাশ কৰে।[5] ১৯৬৯ চনত প্ৰাণে হিন্দী আলোচনী 'লটপট' (Lotpot) ত কমিক চৰিত্ৰ 'চাচা চৌধুৰী'ৰ আৰম্ভ কৰে আৰু ইয়াৰ দ্বাৰাই কাৰ্টুনিষ্ট ৰূপে প্ৰসিদ্ধি লাভ কৰে।[3] পৰৱৰ্ত্তীকালত তেওঁ শ্ৰীমতীজী, পিংকী, বিল্লু, ৰমণ আদি কমিক চৰিত্ৰৰ সৃষ্টি কৰে॥ প্ৰাণ তেওঁৰ পুত্ৰ নিখিলৰ দ্বাৰা পৰিচালিত প্ৰাণছ মেডিয়া ইনষ্টিউট (Pran's Media Institute) ত কাৰ্টুনিঙৰ শিক্ষাও প্ৰদান কৰিছিল। [1][2]

মৃত্যু সম্পাদনা কৰক

কৰ্কট ৰোগত কিছুকাল ধৰি আক্ৰান্ত হৈ থাকি ২০১৪ চনৰ ৬ আগষ্টৰ দিনা প্ৰাণে মৃত্যুবৰণ কৰে। [6][7]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ভাৰতত কমিকছক জনপ্ৰিয় কৰি তোলাৰ বাবে আগবঢ়োৱা অৱদানক স্বীকৃতি দি লিমকা বুক অব ৰেকৰ্ডছত ১৯৯৫ ৰ উল্লেখযোগ্য ব্যক্তি (People of the year 1995) সন্মান [4]
  • 'ইণ্ডিয়ান ইনষ্টিউট অব কাৰ্টুনিষ্ট' (Indian Institute of Cartoonists) ৰ ২০০১ চনৰ জীৱনযোৰা কৃতিত্ব (Lifetime Achievement Award 2001) সন্মান[8]
  • 'The World Encyclopedia of Comics' ৰ ভাৰতবৰ্ষৰ ৱাল্ট ডিজনী ("Walt Disney of India") সন্মান প্ৰদান [9]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Ruchika Talwar (9 June 2008). "The Adventures of Pran". Indian Express. Archived from the original on 2012-10-03. https://web.archive.org/web/20121003051332/http://www.expressindia.com/latest-news/the-adventures-of-pran/320405/। আহৰণ কৰা হৈছে: 2010-01-11. 
  2. 2.0 2.1 2.2 "Laughter lines". Hindustan Times. November 9, 2010. Archived from the original on November 25, 2010. https://web.archive.org/web/20101125174550/http://www.hindustantimes.com/hthorizons/HTHorizonsSectionPage-GreatCareers/Laughter-lines/SP-Article1-623812.aspx. .
  3. 3.0 3.1 "Cartoonist Pran, the creator of Chacha Chaudhury, dies at 75". India Today. August 6, 2014. http://indiatoday.intoday.in/story/cartoonist-pran-pran-kumar-sharma-chacha-chaudhury-indian-comics-shrimatiji-pinki-billoo-raman-channie-chachi/1/375742.html। আহৰণ কৰা হৈছে: 2014-08-06. 
  4. 4.0 4.1 Pran profile Indian Institute of Cartoonists
  5. Arnie Cooper (5 January 2010). "Hindu Gods' Avatars On the Page". প্ৰকাশক Los Angeles: The Wall Street Journal. http://online.wsj.com/article/SB10001424052748703278604574624211989588066.html?mod=WSJ_Leisure+%26+Arts_MIDDLEFeatures। আহৰণ কৰা হৈছে: 2010-01-11. 
  6. "Cartoonist pran kumar sharma dies :". Aaj Tak. 6 August 2014. http://aajtak.intoday.in/story/cartoonist-pran-kumar-sharma-dies--1-774744.html। আহৰণ কৰা হৈছে: 2014-08-06. 
  7. "Pran, the man who immortalised Chacha Chaudhary, passes away". Zee News. August 6, 2014. http://zeenews.india.com/entertainment/bookworm/bookworm-s-trail/pran-the-man-who-immortalised-chacha-chaudhary-passes-away_3357.htm। আহৰণ কৰা হৈছে: 2014-08-06. 
  8. Jacob, Bindu (8 July 2001). "Chacha Choudhary all set for the small screen". প্ৰকাশক Chennai, India: The Hindu. Archived from the original on 2003-07-04. https://web.archive.org/web/20030704140050/http://www.hindu.com/thehindu/2001/07/08/stories/14082181.htm। আহৰণ কৰা হৈছে: 2010-01-11. 
  9. Horn, Maurice. The World Encyclopedia of Comics. http://books.google.co.in/books?ei=_CJgT_jWCqrNmQXg1tmgCA&id=ID49AQAAIAAJ&dq=World+Encyclopedia+of+comics&q=Pran#search_anchor. 

বাহ্যিক সংযোগ সম্পাদনা কৰক