প্ৰাণ প্ৰতিষ্ঠা(ইংৰাজী: Pran Pratishtha) হৈছে হিন্দু আৰু জৈন ধৰ্ম এক জনপ্ৰিয় ৰীতি, য'ত মন্দিৰৰ দৰে পৱিত্ৰ স্থানত দেৱতাৰ মূৰ্তি স্থাপন কৰা হয়।[1] মূৰ্তি স্থাপনৰ সময়ত পুৰোহিতসকলে বৈদিক স্তোত্ৰ উচ্চাৰণ কৰোতে বহুতো ৰীতি-নীতি পালন কৰে। প্ৰাণ শব্দটোৱে জীৱন শক্তি বুজায় আৰু প্ৰতিষ্ঠা মানে প্ৰতিষ্ঠা বা অভিষেক কৰা।সেয়েহে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ অৰ্থ হৈছে মূৰ্তিটোত জীৱন শক্তি প্ৰয়োগ বা প্ৰতিষ্ঠা কৰা। [2][3] হিন্দু আৰু জৈন ধৰ্মৰ মন্দিৰত প্ৰচলিত এই প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ দ্বাৰা মূৰ্তিত জীৱনৰ প্ৰৱেশ ঘটায়।[4][4] [5][6] প্ৰাণ প্ৰতিষ্ঠক যিকোনো মন্দিৰত এক গুৰুত্বপূৰ্ণ ৰীতি হিচাপে গণ্য কৰা হয়। এইটো বিশ্বাস কৰা হয় যে প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়াৰ আগতে প্ৰতিটো মূৰ্তি আন যিকোনো আলংকাৰিক টুকুৰাৰ দৰে হৈ থাকে। প্ৰাণ প্ৰতিষ্ঠাৰ জৰিয়তে মূৰ্তিটোত বিশেষ শক্তি প্ৰদান কৰা হয়, যাৰ ফলত মূৰ্তিটো দেৱতালৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াৰ পিছতহে ভক্তসকলে এই মূৰ্তিক উপাসনা কৰিব পৰা হয়।[7]

ৰীতি সম্পাদনা কৰক

  • প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ আগতে:

মূৰ্তিটো প্ৰস্তুত কৰা। নিৰ্দিষ্ট নিৰ্দেশনা আৰু অনুপাত অনুসৰণ কৰি মূৰ্তিটো শিল, ধাতু, মাটি বা কাঠৰ জৰিয়তে অতি সতৰ্কতাৰে তৈয়াৰ কৰা হয়। তাৰ পিছত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে শুভ তাৰিখ আৰু সময় বাছনি কৰা হয়। জ্যোতিষীসকলে গ্ৰহৰ তথা চন্দ্ৰৰ স্থান বিবেচনা কৰি অনুষ্ঠানটোৰ বাবে আটাইতকৈ অনুকূল সময় নিৰ্ধাৰণ কৰে। সামগ্ৰী সংগ্ৰহ কৰা হয় যেনে পবিত্ৰ পানী, বনৌষধি, ফুল আৰু মন্ত্ৰৰ দৰে পবিত্ৰ উপাদান প্ৰস্তুত কৰা হয়।[8]

  • প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান:

শুদ্ধিকৰণৰ ৰীতি:মূৰ্তি আৰু মন্দিৰৰ পৰা যিকোনো অশুদ্ধি আঁতৰাবলৈ মন্ত্ৰ আৰু নৈবেদ্যৰে মূৰ্কতিটো পৰিস্কাৰ কৰা হয়। দেৱতাসকলৰ আহ্বান: পুৰোহিতসকলে নিৰ্দিষ্ট মন্ত্ৰ পাঠ আৰু ভজন উচ্চাৰণ কৰি নিৰ্বাচিত দেৱতাক মূৰ্তিত বাস কৰিবলৈ আমন্ত্ৰণ জনায়। এই প্ৰক্ৰিয়াৰ দ্বাৰা মূৰ্তিত প্ৰাণ আহে বুলি হিন্দুসকলৰ বিশ্বাস।[9] জীৱনদায়ক প্ৰাণ: মূৰ্তিটোক ঐশ্বৰিক জীৱন শক্তি প্ৰাণৰ সৈতে সঞ্চাৰিত কৰিবলৈ নিৰ্দিষ্ট ৰীতি-নীতি আৰু নৈবেদ্য পালন কৰা হয়।

  • প্ৰাৰ্থনা আগবঢ়োৱা:

পুৰোহিতসকলে ঈশ্বৰক আসন ল’বলৈ মন্ত্ৰৰ দ্বাৰা আমন্ত্ৰণ জনায়। তাৰ পিছত কাপোৰ, চন্দন, চাউল, ফুল, ধূপ, চাকি-বন্তি, পানী, ফল, মুখ পৰিষ্কাৰ কৰিবলৈ পানী, সুমথিৰা আৰু নাৰিকল (দেৱতাৰ ফল)আগবঢ়োৱা হয়।[10]

  • পবিত্ৰ মূৰ্তিক প্ৰথম আহাৰ প্ৰদান আৰু পূজন:

এইটো বিশ্বাস কৰা হয় যে এবাৰ মূৰ্তিটো পবিত্ৰ হোৱাৰ পিছত অনন্তকাললৈ পবিত্ৰ হৈ থাকে। অৱশ্যে, প্ৰতিদিনে সকলো ৰীতি-নীতিৰে মূৰ্তিৰ পূজা কৰাটো প্ৰয়োজন। হিন্দু ধৰ্মীয় গ্ৰন্থ অনুসৰি, মন্দিৰ বা ঘৰত মূৰ্তিৰ মুখ সদায় পূৱৰ ফালে থাকিব লাগে। এইটো বিশ্বাস কৰা হয় যে পূব দিশত ইতিবাচক শক্তি আছে আৰু সূৰ্যও এই দিশত উদয় হয়।[11]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Saraswat, S. (2016). The Journey Home. Ecotone, 11(2), 16-28.
  2. https://www.asomiyapratidin.in/national/what-is-pran-pratishtha-how-is-it-done-all-details-here
  3. Pran Pratishtha:The Science of Consecretion https://isha.sadhguru.org/en/sadhguru/mystic/prana-pratishtha-the-science-of-consecration
  4. 4.0 4.1 Heather Elgood (2000), Hinduism and the Religious Arts, Bloomsbury Academic, আই.এচ.বি.এন. 978-0304707393, pages 14-15, 32-36
  5. V Bharne and K Krusche (2012), Rediscovering the Hindu Temple, Cambridge Scholars Publishing, আই.এচ.বি.এন. 978-1443841375, page 53
  6. Mehta, D. (2015). The Ayodhya dispute: The absent mosque, state of emergency and the jural deity. Journal of Material Culture, 20(4), 397-414.
  7. https://www.asomiyapratidin.in/national/what-is-pran-pratishtha-how-is-it-done-all-details-here
  8. https://www.asomiyapratidin.in/national/what-is-pran-pratishtha-how-is-it-done-all-details-here
  9. Waghorne, Joanne Punzo; Cutler, Norman; Narayanan, Vasudha (1996). Gods of Flesh, Gods of Stone: The Embodiment of Divinity in India. Columbia University Press. pp. 43–45. ISBN 978-0-231-10777-8.
  10. Tripathi, R. C., & Ghildyal, P. (2013). Selfhood in search of godhood. Psychology and Developing Societies, 25(1), 43-76.
  11. https://www.asomiyapratidin.in/national/what-is-pran-pratishtha-how-is-it-done-all-details-here