ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

অসমীয়া ঔপন্যাসিক
(ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ পৰা পুনঃনিৰ্দেশিত)

ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী (১ জুলাই ১৯৫৪-) এজন অসমীয়া ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰবন্ধকাৰ। 'প্ৰান্তিক'ৰ পাতত প্ৰকাশ পোৱা 'অনুৰাধাৰ দেশ' উপন্যাসৰ যোগেদি তেখেতে পাঠকৰ সমাদৰ লাভ কৰে।

চমু জীৱনী

সম্পাদনা কৰক

ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ জন্ম হৈছিল পাটাছাৰকুছিত, ১৯৫৪ চনৰ ১ জুলাই তাৰিখে। ১৯৭১ চনত তেখেত বৰপেটাৰ পাটাছাৰকুছি বিদ্যাপীঠৰ পৰা গণিত আৰু পদাৰ্থ বিজ্ঞানত লেটাৰসহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা এখেতে ১৯৭৬ চনত অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনত তেখেতে অভিযান্ত্ৰিকৰ স্নাতকোত্তৰ ডিগ্ৰীৰ অন্তিম পৰীক্ষা নিদিয়াকৈ অইল ইণ্ডিয়া লিমিটেডত যোগদান কৰে। মাত্ৰ ডেৰ বছৰকাল অসমত কটোৱাৰ পিছত ১৯৭৯ চনত পাৰাদ্বীপ বন্দৰত চাকৰিৰ তাগিদাত যোগদান কৰে। সেই সময়চোৱাৰ অভিজ্ঞতাৰ ভিত্তিতে তেখেতে 'অনুৰাধাৰ দেশ' ৰচনা কৰে। বৰ্তমান তেখেত দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

সাহিত্যিক জীৱন

সম্পাদনা কৰক

প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱা 'অনুৰাধাৰ দেশ' নামৰ উপন্যাসখনেৰে এখেতৰ সাহিত্যক জীৱন আৰম্ভ হয়। উপন্যাসখনে আশাতীত জনপ্ৰিয়তা লাভ কৰে। ইয়াৰ পিচত তেখেতৰ কেইবাখনো উপন্যাস, গল্প সংকলন আৰু প্ৰবন্ধ সংকলন প্ৰকাশ হয়। সেইবোৰৰ ভিতৰত গৰখীয়াৰ দেশ,সত্যানুসন্ধান, মোক পবিত্ৰ কৰা, গল্প লিখাৰ গল্প আদি উল্লেথযোগ্য।