টেক্‌ট'নিক প্লেট

(ফলক বিৱৰ্তনৰ পৰা পুনঃনিৰ্দেশিত)

টেক্‌টনিক প্লেট (ইংৰাজী: Tectonic Plate) বা শৈলমণ্ডলীয় ফলক হৈছে মহাদেশীয় আৰু সাগৰীয় শিলামণ্ডল গঠিত কৰা কঠিন শিলৰ বিশাল, অনিয়মিত আকৃতিৰ ফলকসমূহ। শৈলমণ্ডলীয় ফলকৰ ধাৰণাটো ফলক বিবৰ্তনবাদ (ইংৰাজী: Plate tectonics) সূত্ৰৰ লগত জড়িত। এই বৈজ্ঞানিক সূত্ৰৰ মতে পৃথিৱীৰ খোলাটো বহুতো ফলকেৰে গঠিত আৰু এই ফলকসমূহ বিভিন্ন দিশত গতি কৰি থাকে। প্ৰায় ৩.৩ৰ[1] পৰা ৩.৫ বিলিয়ন বছৰ আগতেই পৃথিৱীৰ শিলামণ্ডলত থকা ফলকসমূহৰ সঞ্চালন আৰম্ভ হোৱা বুলি ধাৰণা কৰা হয়।

বিংশশতিকাৰ দ্বিতীয়াৰ্ধত চিত্ৰায়িত কৰা পৃথিৱীৰ টেক্‌টনিক প্লেটৰ মানচিত্ৰ
পৃথিৱীৰ আভ্যন্তৰীণ স্তৰসমূহ (স্কেলমতে নহয়)

লিথোস্ফিয়াৰ, হৈছে পৃথিৱীৰ আটাইতকৈ কঠিন বাহিৰৰ খোলা (ভূত্বক আৰু ওপৰৰ মেণ্টেল)। পৃথিৱীৰ লিথোস্ফিয়াৰ সাত বা আঠটা মুখ্য টেকটনিক ফলক বা প্লেট আৰু বহুতো সৰু প্লেটৰে গঠিত। য'ত প্লেটবোৰ লগ লাগিছে, সেইবোৰৰ সীমা বা ফাট বৰ গুৰুত্বপূৰ্ণ। এই প্লেটৰ সীমাৰ (বা ত্ৰুটি বা ফাট)চলাচলৰ সৈতে ভূমিকম্প, আগ্নেয়গিৰিৰ কাৰ্যকলাপ, পৰ্বত নিৰ্মাণ, আৰু মহাসাগৰীয় খাদ গঠন হয়। প্লেটবোৰৰ আপেক্ষিক চলাচল সাধাৰণতে বছৰি শূন্যৰ পৰা ১০০ মিলিমিটাৰলৈকে হয়।[2]

ভূত্বকীয় পাত মূলত পৃথিৱীৰ অভ্যন্তৰৰ গলিত অংশটোৰ সকলোতকৈ বাহিৰৰ আবৰণ। ই প্ৰকৃততে শিলৰ এটা স্তৰ, ইয়াৰ ওপৰতে পৃথিৱীৰ উপৰস্থ সকলো অৱস্থান কৰিছে।

ফলকৰ সীমা

সম্পাদনা কৰক

ফলকসমূহৰ গতিৰ ওপৰত ভিত্তি কৰি ফলক সীমাক তিনিটা ভাগত ভাগ কৰা হয়।[3]

  1. গঠনকাৰী ফলক সীমা
  2. ধ্বংসকাৰী ফলক সীমা
  3. সংৰক্ষিত ফলক সীমা

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. University of the Witwatersrand (2019). "Drop of ancient seawater rewrites Earth's history: Research reveals that plate tectonics started on Earth 600 million years before what was believed earlier". ScienceDaily. https://www.sciencedaily.com/releases/2019/08/190801104108.htm। আহৰণ কৰা হৈছে: 11 August 2019. 
  2. Read, Herbert Harold; Watson, Janet (1975). Introduction to Geology. New York: Halsted. pp. 13–15. ISBN 978-0-470-71165-1. OCLC 317775677.
  3. ড˚ চতুৰ্ভুজ পাঠক (২০০৭). ভূ-বিজ্ঞান. অশোক বুক ষ্টল.