ফাঁচি বজাৰ
ফাঁচি বজাৰ (ইংৰাজী: Fancy Bazaar) হৈছে গুৱাহাটীৰ এক অঞ্চল। ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক ৰাজধানীও বোলা হয়। উত্তৰ-পূবৰ অৰ্থনীতিত এই বজাৰৰ এক নিৰ্ণায়ক প্ৰভাৱ আছে। ইয়াত দৈনিক প্ৰায় এক লক্ষাধিক লোকৰ সমাগম হয়। ইয়াৰ পাইকাৰী ব্যৱসায়ীসকলে সৰু-বৰ বজাৰসমূহ নিয়ন্ত্ৰণ কৰে।[1]
নামৰ উৎপত্তি
সম্পাদনা কৰকনতুনকৈ অহা অনা অসমীয়াৰ মুখত পৰি ফেন্সী বজাৰ হ’লেও ইয়াৰ নাম পূৰ্বৰে পৰা ফাঁচি বজাৰেই আছিল। কাৰণ ফাঁচি বজাৰ নামটোৱেই উৎপত্তি হৈছে ফাঁচি দিয়াৰ পৰা।[2] ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দিনত বৰ্তমানৰ কেন্দ্ৰীয় কাৰাগাৰ থকা ঠাইতেই দুৰ্ধৰ্ষ অপৰাধীক ফাঁচি দিয়া হৈছিল। কুমুদেশ্বৰ হাজৰিকাই ‘পুৰণি গুৱাহাটী’ নামৰ গ্ৰন্থখনত উল্লেখ কৰা মতে, বৰ্তমানৰ জেলখনৰ সোঁমাজতেই কোম্পানীৰ শাসনৰ দিনত অপৰাধীক ফাঁচি দিয়াৰ দৃশ্য নিজে দেখা বুলি বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে তেওঁক কৈছিল। জনবসতিহীন বৰ্তমান জেল থকা ঠাইখন পূৰ্বতে পিতনি, জলাহ আৰু হাবি-জংঘলেৰে ভৰপূৰ আছিল। এই ৰংচঙীয়া বজাৰখনত বিভিন্ন ধৰণৰ আধুনিক (Fancy) সামগ্ৰী পোৱাৰ বাবেই ফেন্সী বজাৰ হোৱা বুলি এচামে ক’ব খোজে যদিও এয়া শুদ্ধ নহয়। কাৰণ, যি দিনাই পুৰণি সদৰ বজাৰখন বৰ্তমানৰ চেম্বাৰ ৰ’ডৰ পশ্চিম ৰাস্তাটোৰ পৰা বৰ্তমানৰ জেল থকা ঠাইৰ ওচৰলৈ আনিলে, সেইদিনাই সৃষ্টি হ’ল বৰ্তমানৰ ফাঁচি বজাৰৰ।[2]
ইতিহাস
সম্পাদনা কৰকইতিহাসে কয় যে, বৰ্তমানৰ ফাঁচি বজাৰতেই একালত আহোম ৰাজত্ব কালত বৰফুকনৰ হাউলী বা ধোপদৰ আছিল। পিছৰ পৰ্যায়ত এই ধোপদৰ পাণবজাৰলৈ স্থানান্তৰিত কৰা হৈছিল। ‘ইতিহাসৰ ছাঁ-পোহৰত গুৱাহাটী’ গ্ৰন্থত কুমুদেশ্বৰ হাজৰিকাই লিখিছে যে, আহোম ৰজাৰ দিনত সেই অঞ্চলটোতেই ‘দলংঘাট’ নামৰ এখন বজাৰ আছিল। সেই গ্ৰন্থত উল্লেখ আছে যে, ব্ৰিটিছ শাসনৰ আৰম্ভণিতে গুৱাহাটীত চাৰিখন বজাৰ আছিল আৰু সেইকেইখন হ’ল পল্টন বজাৰ, দলংঘাট বজাৰ, লতাশিলৰ চক্ বজাৰ আৰু সদৰ বজাৰ। সদৰ বজাৰ আছিল ইয়াণ্ডাবু সন্ধিৰ পাছত ব্ৰিটিছে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত পতা গুৱাহাটীৰ প্ৰথমখন বজাৰ। বৰ্তমানৰ চেম্বাৰ ৰ’ডৰ পশ্চিমৰ আলিটোত ফেৰীঘাটৰ সন্মুখত এই সদৰ বজাৰ আছিল। এইখনক পিছত বৰ্তমানৰ পৌৰ নিগমে নিৰ্মাণ কৰা ঠাইলৈ স্থানান্তৰ কৰা হয় আৰু তেতিয়াৰ পৰাই ইয়াৰ নাম ফাঁচি বজাৰ হয়। সেই সময়ত ব্ৰিটিছে বৰ্তমানৰ বিজুলী ভৱন আৰু এ এছ টি চি ৰ মাজত পল্টন বজাৰখন পাতিছিল। প্ৰধানৈ ব্ৰিটিছ সেনা বাহিনীৰ লোকসকলৰ বাবেই এই বজাৰখন পতা হৈছিল বাবেই এইখন বজাৰৰ নাম পল্টন বজাৰ হয়। ফাঁচি বজাৰলৈ সদৰ বজাৰখন স্থানন্তৰ হোৱাৰ পাছত ভৰলু দলঙৰ ওচৰৰ দলংঘাট বজাৰখনো ইয়াৰ লগতে যুক্ত হৈ পৰে।[1]
প্ৰাক্তন বিধায়ক অজয় দত্তৰ মতে, বৰ্তমানৰ মিউনিচিপাল মাৰ্কেট থকা ঠাইতেই এখন সুন্দৰ বজাৰ আছিল। কালীচৰণ বুকছেলাৰ্ছ বা ভঁৰালীৰ দোকান এইখন বজাৰৰ পুৰণি আৰু গুৰুত্বপূৰ্ণ দোকান আছিল।
- বৰগোলা আৰু হাতীগোলা
বুৰঞ্জীয়ে কয় ফাঁচি বজাৰৰ আটাইতকৈ পুৰণি তথা স্থায়ী দোকানখন হ’ল বৰগোলা। ১৮২৮ চনত বৰগোলা স্থাপন কৰিছিল মাইচিং ৰায় মেঘৰাজ বাহাদুৰ। বৰগোলা থকা ঠাইখনৰ নাম পূৰ্বতে কেঞাপট্টী আছিল। গুৱাহাটীৰ ইতিহাসৰ ধাৰাভাষ্যকাৰস্বৰূপ কুমুদেশ্বৰ হাজৰিকাই প্ৰকাশ কৰা মতে অসমৰ্থিত তথ্য অনুসৰি বৰগোলা স্থাপন কৰা ঠাইখিনি আছিল ভগনীয়া ৰজা চন্দ্ৰকান্ত সিংহৰ। পুৰণি ফাঁচি বজাৰৰ আন এখন পুৰণি দোকান আছিল হাতীগোলা। দোকানৰ নাম হাতীগোলা নাছিল যদিও পৰিয়ালটোৱে হাতীৰ ব্যৱসায় কৰাৰ বাবেই দোকানখনৰ নাম হৈছিল হাতীগোলা।
- লাখটকীয়া
বৰ্তমানৰ ফাঁচি বজাৰৰ এটা গুৰুত্বপূৰ্ণ অংশ হ’ল লাখটকীয়া। যাৰ পুৰণি নাম হ’ল পাৰ্ছীপঢ়ীয়া গাঁও। এইখন গাঁৱৰ বাসিন্দাসকলো অসমীয়ালৈ পাৰ্ছী অনুবাদ কৰিছিল। পাণবজাৰৰ অ’ভাৰ ব্ৰীজৰ পৰা শিখ মন্দিৰলৈকে অঞ্চলটোৰ নাম পাৰ্ছীপঢ়ীয়া গাঁৱৰ পৰা কেনেকৈ লাখটকীয়া হ’ল সেই সম্পৰ্কে সঠিক তথ্য নাই যদিও কুমেদেশ্বৰ হাজৰিকাৰ মতে এই পুৰণি চুবুৰিটোতেই এসময়ত এজন বৰ চহকী ইছলামধৰ্মী লোকে বসবাস কৰিছিল। তেতিয়াৰ দিনতে তেওঁৰ লাখটকাৰ ওপৰত নগদ ধন ওলোৱাৰ বাবেই প্ৰকাণ্ড খেৰৰ চালৰ, চূণ চুৰুকীৰে নিৰ্মাণ কৰা ঘৰটোক ৰাইজে লাখটকীয়াৰ ঘৰ বুলিছিল। পিছত ঘৰটো জুইত পুৰি ভূস্মীভূত হয় যদিও চুবুৰিটোৰ নাম লাখটকীয়া হৈয়েই থাকি যায়। হাজৰিকাৰ মতে কালৰ সোঁতত হেৰাই যোৱা এই অনামী লাখটকীয়াজন গুৱাহাটীৰ এসময়ৰ মৌজাদাৰ খচনুৰ আলীৰ উপৰিপুৰুষ আছিল। অন্যহাতে, লটাৰীত লাখ টকাৰ পুৰস্কাৰ এই অঞ্চলৰ এজন মানুহে পোৱাৰ পৰাই অঞ্চলটোৰ নাম লাখটকীয়া হোৱা বুলিও গুৱাহাটীৰ পুৰণি বাসিন্দাসকলৰ মাজত জনশ্ৰুতি আছে।[1]
- ফৈদৰ গাঁও বা ফৌজদাৰৰ গাঁও
বৰ্তমান শিখ মন্দিৰৰ পৰা জে’লৰ কাষলৈকে এজন মোগল ফৌজদাৰে পতা গাঁও আছিল যাৰ নাম আছিল ফৈদৰ গাঁও বা ফৌজদাৰৰ গাঁও। বৰ্তমানৰ এছ আৰ চি বি ৰ’ডটোও এই ফৌজদাৰৰ গাঁৱৰ অন্তৰ্ভুক্ত আছিল। মান ভগনৰ সময়ত অবিভক্ত শিৱসাগৰ জিলাৰ পৰা বহু ইছলামধৰ্মী লোক গুৱাহাটীলৈ পলাই গৈ মাছখোৱাৰ পৰা লাখটকীয়াকৈ বসতি কৰিবলৈ লয়। সেইবাবেই এতিয়াও লাখটকীয়াৰ ৭৫ শতাংশ আৰু ফাঁচি বজাৰৰ এক বুজন পৰিয়ালৰ স্বত্ব খিলঞ্জীয়া মুছলমানৰ হাঁততেই আছে।
- কমাৰপট্টী
বৰ্তমান ফাঁচিবজাৰৰ এক অবিচ্ছেদ্য অংগ হ’ল কমাৰপট্টী। শিখ মন্দিৰৰ পৰা পাণবজাৰৰ গীৰ্জালৈকে এই ঠাইডোখৰত এসময়ত সৰু হিলৈ, বৰহিলৈ, দা, কুঠাৰ আদি গঢ়া কমাৰ সকলে বাস কৰিছিল বাবেই এই ঠাইখনৰ নাম কমাৰপট্টী। কমাৰপট্টীত এসময়ত থকা পুখুৰীটো গুৱাহাটীৰ পুৰণি পুখুৰীকেইটাৰ অন্যতম আছিল যদিও বৰ্তমান এইটো পুতি পেলোৱা হয়।
- অৰিয়েণ্টেল বিল্ডিং
ফাঁচি বজাৰৰ এটা পুৰণি ভৱন হ’ল অৰিয়েণ্টেল বিল্ডিং আৰু এইটো আছিল অৰিয়েণ্টেল ইন্সুৰেঞ্চ কোম্পানীৰ অসমৰ মুখ্য কাৰ্যালয়। কুমুদেশ্বৰ হাজৰিকাৰ মতে, ১৮৯৭ চনৰ বৰভূঁইকপৰ পিছত সজা আৰু ১৯৩৭ চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা আহল বহল চৌহদৰ এই ঘৰটো পুৰণি গুৱাহাটীৰ এটা লেখত ল’বলগীয়া ঘৰ আছিল। বৰ্তমান এইটোৱেই জীৱন বীমা নিগমৰ কাৰ্যালয়।[1]
ভূগোলিক অৱস্থান
সম্পাদনা কৰকপূবে পাণ বজাৰৰ গীৰ্জাৰ পৰা পশ্চিমে মাছখোৱা পৰ্যন্ত আৰু উত্তৰে মহাত্মা গান্ধী পথৰ পৰা দক্ষিণে লাখটকীয়া পৰ্যন্ত এই অঞ্চলটোৱেই এতিয়াৰ ফাঁচি বজাৰ। পুৰণি গুৱাহাটিৰ বাসিন্দাসকলে পৃথকে পৃথকে চিহ্নিত কৰা লাখটকীয়া, কেঞাপট্টি, কমাৰপট্টী সকলোকে সামৰি লৈছে বৰ্তমানৰ ফাঁচি বজাৰে। অসময়ত অৱশ্যে ফাঁচি বজাৰবুলিলে গুৱাহাটীৰ বাসিন্দাই ১৯৬৮ চনত অগ্নিদগ্ধ হোৱা জেলৰ ওচৰৰ বজাৰখন অৰ্থাৎ বৰ্তমানৰ গুৱাহাটী পৌৰ নিগমৰ বজাৰখনকেই বুজিছিল। কিন্তু এতিয়াৰ ফাঁচি বজাৰ এখন বৃহৎ বজাৰ। মাছখোৱাত আৰম্ভ হৈ এফালে যেনেকৈ পাণবজাৰত আনফালে তেনেকৈ নদীৰ পাৰৰ মহাত্মা গান্ধী পথত আৰম্ভ হৈ শেষ হৈছে লাখটকীয়াত।[1]
অপৰাধ
সম্পাদনা কৰকফাঁচি বজাৰত এখন আৰক্ষী থানাও আছে। মহাত্মা গান্ধী পথৰ পৰা ৩ আৰু ৪ নম্বৰ ৰে’লৱে গেটলৈ, মাছখোৱাত কেডাৰ ৰ’ডৰ পৰা শিখ মন্দিৰলৈ – এই অঞ্চলটোৱেই ফাঁচি বজাৰ থানাৰ অন্তৰ্ভুক্ত। ফাঁচি বজাৰ থানাত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা গড়ে বিশৰ পৰা পঁচিশটা। থানাত পঞ্জীয়ন হোৱা গোচৰ সমূহৰ অপৰাধসমূহ হ’ল ক্ৰাইম এগেইনষ্ট প্ৰ’পাৰ্টী। কৰ্মচাৰী বা লগুৱাৰ পৰা ধন লুট, জাল চহীৰে বেংকৰ পৰা টকা উলিয়াই নিয়া, সামগ্ৰী চুৰি, ধন দাবী আদি ধৰণৰ অপৰাধেই ফাঁচি বজাৰত বেছি। ফাঁচি বজাৰৰ মাটিৰ গৰাকী এসময়ত থলুৱা হিন্দু বা মুছলমান লোক আছিল। বিক্ৰী সূত্ৰে বাহিৰৰ পৰা অহা ব্যৱসায়ীৰ প্ৰতিষ্ঠান স্থাপন হোৱাৰ পাছত ফাঁচি বজাৰত মাটি লৈ সৃষ্টি হোৱা বিবাদ বাঢ়িল।
হিংসাত্মক ঘটনা বুলিলে ১৯৬৮ চনত ফাঁচি বজাৰত সংঘটিত হোৱা হিংসাত্মক ঘটনায়েই হৈছে বজাৰখনৰ আটাইতকৈ বৃহৎ এনে ঘটনা। আলফাৰ উত্থানৰ বজাৰখনত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত বজাৰখন সামগ্ৰিকভাৱে শান্তিপূৰ্ণ হৈ আছে। ২০০০ চনৰ পৰা ২০০৯ চনলৈ ফাঁচি বজাৰত পোন্ধৰটামান বোমা বিস্ফোৰণো সংঘটিত হৈছে।[1]
হকাৰ অঞ্চল
সম্পাদনা কৰকহকাৰ বা ভেণ্ডৰসকলে ফাঁচিবজাৰৰ এক বৃহৎ অংশ নিয়ন্ত্ৰণ কৰে। তেওঁলোকে সকলোধৰণৰ কাপোৰ-কানি, ঘৰুৱা সামগ্ৰী, ইলেকট্ৰনিক সামগ্ৰী, শাক-পাচলি, ফুল, ফল-মূল আদিৰ বেহাৰে ফাঁচিবজাৰ প্ৰাণৱন্ত কৰি ৰাখে। চৰকাৰী তথ্য মতেই ফাঁচিবজাৰৰ পথৰ ওপৰত থকা হকাৰ সংখ্যা প্ৰায় এহেজাৰ। ফাঁচি বজাৰত বজাৰ কৰিবলৈ যোৱা বহুতৰ বাবে এই হকাৰসকল হৈছে মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বহুতৰ ধাৰণা তেওঁলোকে কম দামত বস্তু বিক্ৰী কৰে। হকাৰসকলৰ দৈনিক লেন-দেনৰ পৰিমাণো ২৫-৩০ লাখৰো কম নহয়।[3]
এই হকাৰসকলৰ বিৰুদ্ধে বজাৰৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ আছে। ফাঁচি বজাৰৰ যান-ঝঁট, যান-বাহন পাৰ্কিং কৰিবলৈ ঠাইৰ অভাৱ আদিৰ বাবেও বহুতে এই হকাৰ সকলকেই জগৰীয়া কৰে। গুৱাহাটীৰ প্ৰাক্ত বিধায়ক অজয় দত্তৰ মতে, ১৯৭৪ চনত হকাৰ সকলক পাণ বজাৰৰ অ’ভাৰ ব্ৰীজৰ তলত বহুওৱা হৈছিল যদিও পাছত বিভিন্ন হেঁচাত এই হকাৰসকল পদ পথ বা ৰাজপথলৈ ওলাই আহিছিল। ফাঁচিবজাৰৰ হকাৰ সকলৰ বাবেই উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ আৰ্হিত এক সুকীয়া ‘হকাৰ অঞ্চল’ স্থাপনৰ বাবে প্ৰচেষ্টা চলি আছে।[3]
ফাঁচি বজাৰৰ গুৰুদ্বাৰ
সম্পাদনা কৰকফাঁচি বজাৰৰ মাজমজিয়াত সগৌৰৱেৰে মূৰ দাঙি আছে সুউচ্চ গুৰুদ্বাৰে। ইয়েই হৈছে মহানগৰৰ প্ৰথমটো গুৰুদ্বাৰ। ১১০ বছৰীয়া পৰম্পৰাৰে সমৃদ্ধ ফাঁচি বজাৰৰ এই শশিখ মন্দিৰৰ মাটিখিনি পূৰ্বতে আছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ জ্যেষ্ঠ ভাতৃ ডানিছ আলীৰ। গুৱাহাটী মৌজাৰ লাখ টকীয়া কমাৰ পট্টীৰ সংযোগ স্থলত থকা এই একঠা চাৰিলোচা মাটি ১৯০২ চনত স্থাপন হোৱা গুৰুদ্বাৰা কমিটীৰ হাতলৈ হস্তান্তৰ হয় আৰু তাতেই নিৰ্মাণ হয় এই ঐতিহ্যমন্দিত শিখ গুৰুদ্বাৰা।[4]
১৮৯৫ চনত গুৱাহাটী ৰেল ষ্টেশ্যন স্থাপন কৰা হৈছিল। সেই সময়তে এই ষ্টেশ্যনৰ ষ্টেশ্যন মাষ্টৰ চৰ্দাৰ আল্লা সিঙৰ পৃষ্ঠপোষকতাতেই গুৱাহাটীত থকা প্ৰায় ১০০ শিখ লোকৰ জনসংখ্যাৰ বাবেই এই গুৰুদ্বাৰ প্ৰতিষ্ঠা কৰা হয়। ১৯০২ চনত ক্ৰয় কৰা মাটিত অসম আৰ্হিৰ এমহলীয়া গুৰুদ্বাৰটো ১৯০৪-০৫ চনত য’ত মূধচ আছিল টিনপাতৰ। ১৯২৫-২৬ চনত অসম আৰ্হিৰ ঘৰৰ ঠাইত এটা আৰ চি চি এমহলীয়া ঘৰ নিৰ্মাণ হয়। ষাঠিৰ দশকত গুৱাহাটীৰ শিখ লোকৰ সংখ্যা বৃদ্ধি পোৱাত এই গুৰুদ্বাৰক লেখত ল’বলগীয়া হিচাপে নিৰ্মাণ কৰাৰ মন মেলিলে। বৰ্তমানৰ পাঁচ মহলীয়া মন্দিৰৰ নিৰ্মাণৰ প্ৰস্তুতিও তেতিয়াই আৰম্ভ হ’ল আৰু ১৯৭৪ চনত এই গুৰুদ্বাৰটো নিৰ্মাণ কৰা হ’ল। বৰ্তমান ইয়াৰ দ্বিতীয় মহলাত গুৰুদ্বাৰ আছে। সম্পূৰ্ণ একঠা চাৰিলোচা মাটিক সামৰি নিৰ্মাণ কৰা গুৰুদ্বাৰৰ ভৱনত এখন বজাৰ, ভোজনালয় আৰু অতিথিশালাও আছে। ইয়াতেই স্থাপন কৰা গুৰু নানক স্কুলখন পিছত চাৰাবভাটীলৈ স্থানান্তৰ কৰা হয়।[4]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 শান্তনু পূজাৰী (১৫ জুলাই, ২০১২ চন). "বৰফুকনৰ হাউলীৰ পৰা ফাঁচি বজাৰলৈ". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা: ৬ৰপৰা ১২ পৃ্ষ্ঠা.
- ↑ 2.0 2.1 শান্তনু পূজাৰী (১৫ জুলাই, ২০১২ চন). "ফেন্সী বজাৰ নহয়, ফাঁচি বজাৰহে". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা: ১০ পৃ্ষ্ঠা.
- ↑ 3.0 3.1 শান্তনু পূজাৰী (১৫ জুলাই, ২০১২ চন). "হকাৰ আৰু ফাঁচি বজাৰ". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা: ১০ পৃ্ষ্ঠা.
- ↑ 4.0 4.1 শান্তনু পূজাৰী (১৫ জুলাই, ২০১২ চন). "ফাঁচি বজাৰৰ শিখ মন্দিৰ: এক উজ্জ্বল ঐতিহ্য". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা: ৯ পৃ্ষ্ঠা.