ফাৰকান্তি অসমত বসবাস কৰা অন্যতম প্ৰধান জনজাতি ৰাভাসকলৰ শ্ৰাদ্ধ অনুষ্ঠানৰ নাম। ৰংদানী আৰু মায়তৰী ৰাভাসকলৰ মাজতহে এই ফাৰকান্তি উৎসৱৰ প্ৰচলন আছে। এই শ্ৰাদ্ধ অনুষ্ঠানত ইনাই-বিনাই কান্দি একধৰণৰ শোকগীত পৰিৱেশন কৰা হয়। ইয়াকে ফাৰকান্তি গীত বোলা হয়। এই গীত পৰিৱেশনত বিলাপ কৰি কন্দা এজন বিশেষ ব্যক্তিয়ে সূত্ৰধাৰীৰ ভূমিকা পালন কৰে। এই সূত্ৰধাৰী কান্দোতাজনে কাণ টুকুৰী (সৰু তাল) নামৰ এবিধ তাল বজায় কান্দোনৰ লগে লগে। লগতে সুৰ-তাল মিলাই মৃতকৰ আত্মীয়-স্বজনেও কান্দে। সূত্ৰধাৰীয়ে ঈশ্বৰ আৰু মৃতকৰ আত্মাক প্ৰাৰ্থনা জনায়। মৃতকে পুনৰ জন্ম গ্ৰহণ কৰিলে যাতে কোনো ভক্ষণীয় প্ৰাণী হৈ জন্ম গ্ৰহণ নকৰে তাকে কামনা কৰে। ৰংদানী আৰু মায়তৰী ৰাভাসকলৰ প্ৰত্যেক ঘৰতে এযোৰ কাণ টুকুৰী আৰু এসাঁজ খাং বাহ (জামা-যুৰীয়া) ৰখাতো এক প্ৰকাৰৰ বাধ্যতামূলক সামাজিক দস্তুৰ। শ্ৰাদ্ধৰ দিনা ফাৰকান্তি গীত গাব জনা সূত্ৰধাৰজনে প্ৰথমতে তাল বজাই বিলাপ কৰি কান্দে আৰু তাৰ লগে লগে ধ্বনিত হৈ উঠে কাৰাবাঁহী, খাম, কাঁহ, শিঙা আদিৰ কৰুণ সুৰৰ মূৰ্চ্ছনা। এই সুৰৰ মূৰ্চ্ছনাত এসময়ত উপস্থিত সকলোটিয়ে পৰিমাৰ্জিত আৰু হৃদয়স্পৰ্শী লয়লাস ভঙ্গীমাৰে নৃত্য কৰিবলৈ ধৰে। জন্মান্তৰবাদত বিশ্বাস, বৈধৱ্যৰ দাৰুণ বেদনা অকালতে সাৱটি লোৱা ফুলবাৰী গাভৰুৰ প্ৰতি কটাক্ষ, মাছৰোকা, বাঢ়ৈটোকা, বাটিকটিকা চৰাইৰ প্ৰতি মৃতকৰ পৰৱৰ্তী জীৱন সমন্ধে প্ৰশ্ন নিক্ষেপ আদি বিভিন্ন বিষয়বস্তুৱে ঠাই পাই এই ফাৰকান্তি গীতসমূহত। গীতবোৰত কৰুণ ৰসৰ লগতে ঠাই ভেদে শৃংগাৰ, হাস্য আদি ৰসৰ প্ৰকাশো দেখা যায়।[1]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. নাৰায়ণ দাস (মুখ্য সম্পাদক), পৰমানন্দ ৰাজবংশী (সম্পাদক) (২০১৪). অসমৰ সংস্কৃতি-কোষ. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন.