"ফিলিপাইনছৰ নাৰী"ৰ(ইংৰাজী: women in the Philippines) ভূমিকা এওঁলোকৰ সংস্কৃতি, মান আৰু মানসিকতাৰ প্ৰেক্ষাপটৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰা হৈছে ।ফিলিপাইনছক দেশখনক শক্তিশালী নাৰীৰ দেশ হিচাবে জনা যায়, কিয়নো নাৰীসকলে প্ৰত্যক্ষ বা পৰোক্ষ্য ভাৱে পৰিয়ালবোৰ, ব্যৱহায়, চৰকাৰী সংস্থা বা বৃহৎ কৃষিভৃত্তিক অংশবোৰ(সাচিন্দা)চলাই থাকে ।[2] দক্ষিণ-পূব এচিয়াৰ আনবোৰ দেশতকৈ ফিলিপাইনছৰ সমাজত নাৰীসকলে এটা বৃহৎ পৰিমানৰ সামাজিক সম্যতা উপভোগ কৰিছে।[3]

ফিলিপাইনছৰ নাৰী

মালাকানাঙৰ পতাকা উত্তোলনৰ অনুষ্ঠানত ফিলপিনছৰ মহিলাৰ এটি দলে তেওঁলোকৰ পৰম্পৰা অনুসাৰে 'হ্যাণ্ড টু হাৰ্ট' নমস্কাৰ আগ বঢ়াইছে
সাধাৰণ পৰিসংখ্যা
জননীৰ মৃত্যুৰ হাৰ (প্ৰতি ১ লাখত) 99 (2010)
সদনত নাৰী 22.1% (2012)
দ্বিতীয় পৰ্যায়ৰ শিক্ষাৰ সৈতে ২৫ বছৰৰ উৰ্দ্ধৰ নাৰী 65.9% (2010)
কৰ্মক্ষেত্ৰত নাৰী 49.7% (2011)
লিংগ অসমতাৰ সূচক
মান 0.418 (2012)
স্থান 77th
গোলকীয় লিংগ বৈষম্যৰ সূচক[1]
মান 0.784 (2021)
স্থান 17th


ইতিহাস সম্পাদনা কৰক

প্ৰাচীন যুগ সম্পাদনা কৰক

ফিলিপাইনছৰ প্ৰাক ঔপনিবেশিক সামাজিক স্তৰত মাতৃ আৰু পিতৃ বংসক সমানে গুৰুত্ব দিছিল । এই দ্বিপক্ষিয় আত্মীয় ব্যৱস্থাৱে ফিলিপাইনছৰ নাৰীসকলক একোটা বংস চলাবলৈ অপাৰ ক্ষমতা প্ৰদান কৰে । তেওঁলোক সম্পত্তিৰ মালিক, ব্যৱসায়-বাণিজ্যত জৰিত আৰু স্বামীক বিবাহ বিচ্ছেদ দিয়াৰ অধিকাৰো থাকে । পুৰুষ উত্তৰাধিকাৰীৰ অনুপস্থিতিত এওঁলোক গ্ৰামমূখ্যও হ'ব পাৰিছিল । স্পেইনবাসী সকলৰ আগমনৰ আগেয়ে, ফিলিপাইনছৰ নাৰীসকলে উচ্চমানৰ চিকিৎসক, পুৰোহিত আৰু জ্যোতিষী হিচাবে মৰ্যদা অৰ্জন কৰিব পাৰিছিল ।[4]

 
A cagayan woman. Boxer Codex

ইতিহাস সম্পাদনা কৰক

স্পেইনবাসী সকলৰ আগমনৰ আগেয়ে, ফিলিপাইনছৰ নাৰীসকলে উচ্চমানৰ চিকিৎসক, পুৰোহিত আৰু জ্যোতিষী হিচাবে মৰ্যদা অৰ্জন কৰিব পাৰিছিল । প্ৰাক ঔপনিবেশিক যুগত ফিলিপাইনছত বহুতো মহিলাই হাৰা আৰু ডায়াং ৰ উপাধী পাইছিল । হাৰা মানে ৰজাৰ সহধৰ্মিণী বা ৰাণী আৰু ডায়াং মানে আদালতৰ মহিলা বা দাতুৰ প্ৰধান স্ত্ৰী ।

বাবাইলান সম্পাদনা কৰক

বাবাইলান হৈছে প্ৰাক ঔপনিবেশিক ফিলিপাইনছ সমাজৰ ধৰ্মীয় নেতা, জন সম্প্ৰদায়ৰ চিকিৎসক আৰু নিৰাময়কাৰী হিচাবে কৰ্তৃত্বৰ পদত অধিষ্ঠিত আছিল ।[5]অতি আৱশ্যকীয় কাম কাজ বোৰৰ বাবে বাবাইলানক অত্যন্ত স্বীকৃতি দিছিল আৰু ঐতিসাহিক নাৰীৰ বাৰাঙ্গেত(জিলা) অঙ্গিভূত কৰিছিল । দ্বি-পোছাক পৰিধান কৰা পুৰুষসকলেও কেতিয়াবা কেতিয়াবা নাৰী বাবাইলানৰ ভূমিকাত অবতীৰ্ণ হোৱা দেখা যায় ।[6]

স্পেইনৰ ফিলিপাইন সম্পাদনা কৰক

যদিও খ্ৰীষ্টীয় ধৰ্ম প্ৰচাৰ কৰাৰ বাবে স্পেইনৰ পৰা মিছনেৰী সকল সোমাইছিল,পাচত তেওঁলোকে ফিলিপাইনছৰ উপদেশাৱলী গ্ৰহণ কৰি স্থানীয় লোকসকলৰ লগত খাপ খোৱাটো বেছি লাভজনক বুলি ভাবিলে ।

 
A Filipino mestiza woman in 1875.
 
Filipina women making cigars

আমেৰিকান ফিলিপাইন সম্পাদনা কৰক

১৮৯৮ চনত আমেৰিকা-স্পেইনৰ যুদ্ধত যেতিয়া স্পেইনবাসী সকলৰ পৰাজয় হ'ল তেতিয়া ফিলিপাইন আমেৰিকাৰ অধীন হ'ল । মাৰ্কিন যুক্তৰাষ্ট্ৰয়ে এটা নতুন সৰ্বসাধাৰণ শিক্ষা ব্যৱস্থা আৰাম্ভ কৰিলে যিটোৰে লৰা বা ছোৱালী সকলোকে সমানে লিঙ্গ নিৰ্বিশেষে শিক্ষা দিয়া হয় ।

সমসাময়িক ভূমিকা সম্পাদনা কৰক

আধুনিক ফিলিপাইনছৰ নাৰীসকলে পৰিয়ালৰ প্ৰধান নিৰ্ণায়ক । এওঁলোকে প্ৰধানকৈ অৰ্থৰ লেন দেন কৰাৰ পৰা আদি কৰি, ধৰ্মীয় পৰামৰ্শদাতা হিচাপেও কাম কৰে আৰু সমস্ত পৰিয়ালৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তও লব জানে ।

বিবাহ আৰু সম্পৰ্ক সম্পাদনা কৰক

ফিলিপাইনছত বিবাহ আৰু সম্পৰ্ক ৰক্ষণশীল প্ৰকৃতিৰ। পুৰুষে মহিলাৰ লগত একমত হ'ব লাগিব আৰু মহিলা গৰাকীৰ হৃদয় জয় কৰিবলৈ প্ৰেমৰ প্ৰমাণ দিব লাগিব।[7]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "The Global Gender Gap Report 2021". World Economic Forum. পৃষ্ঠাসমূহ: 10. https://www3.weforum.org/docs/WEF_GGGR_2021.pdf। আহৰণ কৰা হৈছে: 23 November 2021. 
  2. Clamonte, Nitz. Women in the Philippines, Compiled from Gender Awareness Seminars, developed and facilitated by Nitz Clamonte, Ozamiz.com (undated), archived from htm Through the Years, Brightly: The Tadtarin]; and Joaquin, Nick. The Summer Solstice, PIA.gov (undated),
  3. Vartti, Riitta (editor), “Women writers through the ages; The Spanish era”, The History of Filipino Women's Writings, an article from Firefly – Filipino Short Stories (Tulikärpänen – filippiiniläisiä novelleja), 2001 / 2007, retrieved on: April 12, 2008, "...Filipinas (i.e. Philippine women) enjoy a reputation of power and equality compared to most of their Asian neighbors..."; "...The Spaniards of the 1500s were horrified by the revolting liberty and too high social status of the woman, mujer indigena, in the islands just conquered by them. Women could own property and rule the people, act as leaders of rites and ceremonies of the society, and divorce their husbands..."; "The Conquistadors and the friars quickly changed this with the European model, where women's place was at home and not in prominent positions. As a consequence, during hundreds of years, education was given only to upper class girls, who were trained to become beautiful, submissive, capable to stitch embroidery, and suitable to marriage. The nun institution offered the only possibility for a career and teaching was the only educated occupation allowed to them..."
  4. Karnow, Stanley. In Our Image: America’s Empire in the Philippines, Ballantine Books, Random House, Inc., March 3, 1990, 536 pages, ISBN 0-345-32816-7
  5. https://books.google.com/books?id=VLnHBQAAQBAJ
  6. https://books.google.com/books?id=93lag7tXriIC
  7. https://web.archive.org/web/20100128102040/http://www.western-asian.com/filipino-courtship