ফ্লেক্সাগন এবিধ আমোদজনক আৰু বৈশিষ্ট্যপূৰ্ণ জ্যামিতিক চানেকি৷ ইয়াক মূলতঃ কাগজৰ টুকুৰাৰে প্ৰস্তুত কৰা হয়৷ ফ্লেক্সাগনবোৰৰ মূল বৈশিষ্ট্য হৈছে- ইয়াক ভাঁজ কৰিলে ইয়াৰ সন্মুখ আৰু পিছফালটোৰ বাহিৰেও আন ফাল বা পিঠি পাব পাৰি৷ এনেদৰে নতুনকৈ পোৱা ফাল বা পিঠিৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ফ্লেক্সাগনবোৰক কেবাটাও ভাগত ভগোৱা হৈছে৷

A hexaflexagon, shown with the same face in two configurations
এটি ফ্লেক্সাগনৰ দুটা ভিন্ন সজ্জা

ফ্লেক্সাগনবোৰ সাধাৰণতে বৰ্গাকৃতি, আয়তাকৃতি বা ষড়ভুজাকৃতিৰ হয়৷ আৰ্থাৰ এইচ. ষ্ট’ন নামৰ ব্ৰিটিছ গৱেষক ছাত্ৰজনে ১৯৩৯ চনত এই আকৰ্ষণীয় জ্যামিতিয় চানেকিটো আৱিষ্কাৰ কৰিছিল৷ পিছলৈ প্ৰিন্সটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত তেওঁৰ তিনি সহপাঠী ব্ৰায়াণ্ট টাকাৰমেন, ৰিচাৰ্ড ফাইনমেন আৰুজন টুকী এই নতুন চানেকিটোৰ প্ৰতি আকৃষ্ট হ’ল আৰু তেওঁলোকে এই চানেকিটোৰ বিকাশসাধন তথা বৈশিষ্ট্যবোৰ নিৰূপণ কৰিবলৈ "প্ৰিন্সটন ফ্লেক্সাগন কমিটি" নামৰ সমিতি এখন গঠন কৰিলে৷

বিনোদনধৰ্মী গণিতৰ প্ৰসিদ্ধ লেখক মাৰ্টিন গাৰ্ডনাৰে ১৯৫৬ চনৰ চায়েণ্টিফিক আমেৰিকান-ৰ স্তম্ভত ফ্লেক্সাগনৰ বিষয়ে লিখি এই চানেকিবিধ জনসাধাৰণৰ মাজত চিনাকি কৰি দিয়াত ডাঙৰ ভূমিকা লৈছিল৷[1] সম্প্ৰতি ফ্লেক্সাগন এবিধ অতি জনপ্ৰিয় বিনোদনমূলক গণিতৰ আহিলা আৰু শিশুসকলৰ বাবে আকৰ্ষণীয় খেলনা সামগ্ৰী৷

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Gardner, Martin (December 1956). "Flexagons". Scientific American খণ্ড 195 (6): 162–168. doi:10.1038/scientificamerican1256-162. OCLC 4657622161.