বকুল কায়স্থ (জন্ম ১৪০০ শতাব্দী) কামৰূপৰ এগৰাকী গণিতজ্ঞ আছিল৷ তেওঁ প্ৰধানকৈ ১৪৩৪ চনতে ৰচনা কৰা গণিত বিষয়ক গ্ৰন্থ ’কিতাপত মঞ্জৰী’ আৰু ’লীলাৱতী’ৰ বাবে প্ৰসিদ্ধ৷[1]

বকুল কায়স্থ
জন্ম ১৪০০ শতিকা
মৃত্যু ১৪৫০ শতিকা
পেচা গণিতজ্ঞ
ভাষা কামৰূপী
উল্লেখনীয় কৰ্মৰাজি কিতাপত মঞ্জৰী, লীলাৱতী

অৱদান সম্পাদনা কৰক

বকুল কায়স্থই ৰচনা কৰা কিতাপত মঞ্জৰী গ্ৰন্থ পাটীগণিত (arithmetic), জৰীপ (surveying) আৰু হিচাপ-পত্ৰ ৰখা (bookkeeping) সম্পৰ্কে কাব্য গ্ৰন্থ৷ গ্ৰন্থখনত হিচাপ-নিকাচ পৰিপাটীকৈ কেনেদৰে ৰাখিব লাগে আৰু নিৰ্দিষ্ট খটত ৰাজকীয় পুঁজিৰ সা-সামগ্ৰীৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা উচিত তাৰ বিশদ বিৱৰণ আছে৷ বকুল কায়স্থই সৃষ্টি কৰা নীতি-নিৰ্দেশনাকে ৰাজকীয় হিচাপ-নিকাচ ৰখাৰ ক্ষেত্ৰত অন্য কায়স্থ সম্প্ৰদায়ৰ বিষয়াসকলে অনুসৰণ কৰিছিল৷[2]

লগতে চাওক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Chopra, Pran Nath (1992). Encyclopaedia of India – Volume 23. Rima Publishing House. পৃষ্ঠা. 157. 
  2. Proceedings and transactions of the All-India oriental conference – Volume 23. 1969. পৃষ্ঠা. 174.