বগী (উপন্যাস)
এই প্ৰবন্ধটোত সম্ভৱ মৌলিক গৱেষণা অন্তৰ্ভুক্ত হৈছে। |
গ্ৰন্থ সমালোচনা
"বগী" (জীৱনভিত্তিক উপন্যাস) :গোবিন কুমাৰ খাউণ্ড
২০১৯ বৰ্ষৰ অসমীয়া সাহিত্য জগতৰ অন্যতম সংযোজন গোবিন কুমাৰ খাউণ্ডৰ উপন্যাস 'বগী'। 'ৰিয়েল হিৰ' পুৰস্কাৰেৰে পুৰস্কৃত তথা শান্তিৰ ন'বেল বঁটাৰ বাবে মনোনীত হোৱা বীৰুৱালা ৰাভাৰ সাধাৰণ জীৱনৰ অসাধাৰণ জীৱনশৈলীৰে ৰচিত জীৱনভিত্তিক উপন্যাস "বগী।" অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী এখন সৰু দুৰ্গম অঞ্চল ঠাকুৰবিলা। এই ঠাকুৰবিলাৰ ৰাভা সমাজে সজোৱা তেজ-মঙহৰ ডাইনী বীৰুৱালা ৰাভাৰ হাঁহি-কান্দোন, প্ৰেম যৌৱন, বিষাদ সামৰি ৰচিত হৈছে " বগী।" অসমত ভয়াবহ ৰূপ ধাৰণ কৰা 'ডাইনী' নামৰ মহাব্যাধিৰ কৰুণ গাঁথা 'বগী' উপন্যাসৰ প্ৰতিটো পাতৰ প্ৰতিটো চৰিত্ৰৰ মাজত সুন্দৰকৈ হৃদয়স্পৰ্শী ৰূপত প্ৰতিফলিত হৈছে।
শিক্ষাৰ পোহৰ নপৰা পাহাৰীয়া জীৱন অতিবাহিত কৰা বগীয়ে ৰাভা সমাজে দিয়া ডাইনী অপযশৰ পৰা নিজকে মুক্ত কৰি অসহায়জনৰ সাহস হৈ নিজকে বীৰুৱালা ৰাভা হিচাপে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠা লাভ কৰিছে। তেওঁৰ জীৱনৰ আধাবয়স বেজ-কবিৰাজৰ মাজত অতিবাহিত হোৱা স্বত্বেও তেওঁৰ ধ্যান-ধাৰণা আন আন জনজাতীয় জনসাধাৰণতকৈ পৃথক। অতি কষ্টৰে জবকাৰ্ডৰ কাম কৰি,খৰি লুটি, নিজৰ পেটৰ তাড়না দূৰ কৰিছে। আৰ্থিকভাৱে সবল নহ'লেও তেওঁ বিনাদ্বিধাই আন আন জনজাতীয় সমাজৰ 'ডাইনী ' সজোৱা অসহায়জনৰ কাষ চাপে। অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনজাতীয় সমাজ অন্ধবিশ্বাস, কু-সংস্কাৰৰ বলি হৈ আহিছে। জনজাতীয় দুৰ্গম অঞ্চলৰ ভুৱা বেজ আৰু নিৰক্ষৰ জনসাধাৰণে সজোৱা 'ডাইনী' ৰ প্ৰতিবাদ কৰি তেজ-মঙহৰ এগৰাকী নাৰী যে ডাইনী হ'ব নোৱাৰে সেই বিষয়ে নিৰক্ষৰ সাধাৰণ লোকক বুজাই -বঢ়াই বগীয়ে পশুলৈ ৰূপান্তৰিত হোৱা মানুহক পুনৰ মানুহ কৰি তুলিবলৈ যথোপচিত চেষ্টা কৰিছে। নিজৰ জীৱন বিপদাপন্ন কৰিও অসহায়, নিৰ্যাতিতসকলক সহায় কৰি আপোন বুলি কাষ চপাই আনি জীয়াই থকাৰ মানসিক অনুপ্ৰেৰণা দিছে। শিক্ষাগত অৰ্হতা অবিহনে নিজৰ জীৱন -অভিজ্ঞতাৰে পশুলৈ ৰূপান্তৰিত হোৱা মানুহক জ্ঞান দি, অন্ধবিশ্বাস, কু-সংস্কাৰৰ ঠেক গণ্ডীৰপৰা উলিয়াই আনি বগীয়ে বিশাল পৃথিৱীখনৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ সম্ভেদ দিছে। বগীৰ পুত্ৰ ধৰ্মেশ্বৰক ৰাইজে পৰীয়ে পোৱাৰ অপবাদ দিছিল যদিও পুত্ৰৰ মানসিক বিকাৰৰ কথা জানি পুত্ৰক সৎসাহসেৰে গৈ মানসিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল। অতি কম বয়সতে বগীয়ে নিজৰ স্বামীক হেৰুৱাইছিল। নিজৰ সংসাৰখনৰ দায়িত্ব অকলেই মূৰ পাতি লোৱাৰ উপৰিও আন দহজনৰ সাহস হৈ থিয় দিছিল বগী। অথচ সেই বগীকে সমাজে ডাইনী বুলি এঘৰীয়া কৰিছিল কিন্তু নিজৰ আত্মবিশ্বাস, মনোবলেৰে বগী ভাঙি নপৰি আন আন অসহায়জনৰ সহায় কৰিছিল। ডাইনী সমস্যাজৰ্জড়িত সমাজবোৰত ডাইনী সমস্যা নিৰ্মূল কৰিবলৈ গৈ পদে পদে বহু বাধা-বিঘিনিৰ সন্মুখীন হ'ব লগা হৈছিল। সেই কথা উপন্যাসখনত সুন্দৰকৈ বৰ্ণিত হৈছে।
সকলো বাধা অতিক্ৰম কৰি বগীয়ে নিৰ্যাতিত সকলক উদ্ধাৰ কৰিছে। উপন্যাসখনৰ পাতত উল্লিখিত হাৰাংডুবিৰ আৰু গাৰো সমাজৰ দৰে ডাইনী সমস্যা সঁচাকৈয়ে অতি ভয়াবহ কিন্তু বীৰুৱালা ৰাভাই সেই অঞ্চলসমূহত নিজৰ জীৱনক আওকাণ কৰি সমস্যাবোৰৰ মাজত সমস্যাজৰ্জড়িত এজন হৈ সমাধানৰ বাবে চেষ্টা কৰিছে।
বীৰুৱালা ৰাভাৰ এই সমাজসেৱা অকলেই সম্ভৱ হৈ নুঠিলহেতেঁন যদিহে তেওঁৰ প্ৰতিটো কামৰ সহযোগী মামণি, পূজাৰ দৰে ব্যক্তি আঁৰত নাথাকিলেহেতেঁন। উপন্যাসখনৰ অন্য দুটা মুখ্য চৰিত্ৰ মামণি আৰু পূজা। ' অসম মহিলা সমতা চ'ছাইতি'ৰ সদস্য মামণি আৰু ডাইনী সমস্যা বিষয়ক গৱেষণা কৰা পূজা। এগৰাকী সাধাৰণ কম বয়সীয়া ছোৱালী পূজা যদিও তাই অবিবাহিতা তথাপি এজনী অনাথ বোৱা ছোৱালীক তাই মাকৰ বুকুৰ উম দি লালন-পালন কৰিছে। এই 'লী'জনী মানসিকভাৱে দুৰ্বল, তাইক ড° কস্ত্তৰীয়ে চিকিৎসাৰে সুস্থ কৰি তুলিছে। ড° কস্ত্তৰীৰ ভাষাত 'লী'ৰ কোনো ধৰ্ম নাই, সম্প্ৰদায় নাই, তাই কেৱল মানুহ। এই অনাথ কণমানি 'লী' জনীও ডাইনী সমস্যাৰে জ্বলন্ত সাক্ষী। তাই মাত্ৰ সাত বছৰ বয়সতে দেখিছে ৰাইজে নিজৰ মাক-বাপেকক ডাইনী সজাই ঘৰত জুই লগাই হত্যা কৰাৰ দৃশ্য। এই ঘটনাই 'লী'ৰ মুখৰ মাত কাঢ়ি নিছিল কিন্তু পূজাৰ বুকুৰ উম আৰু ড° কস্ত্তৰীৰ সান্নিধ্য আৰু বগীৰ সহযোগত তাই 'লী'ৰ পৰা 'লীবু' হৈছিল আৰু নিজৰ হেৰুৱা মাত আৰু গাঁওখন ঘূৰাই পাইছিল।
বগীৰ কৰ্মৰাজীয়ে অসমৰ পাহাৰ-ভৈয়ামৰ সামাজিক ব্যাধি ডাইনী সমস্যা প্ৰায় নিঃশেষ কৰিছিল। নিজৰ জীৱনটো বীৰুৱালা ৰাভাই অসহায়সকলৰ নামত উছৰ্গা কৰিলে। সমাজে বহু বঁটা বীৰুৱালা ৰাভাক দিলে- ৰিয়েল হিৰোজ, সতী জয়মতী আদি। ইয়াৰ উপৰিও তেওঁ শান্তিৰ ন'বেল বঁটাৰ বাবেও মনোনীত হৈছিল কিন্তু তেওঁক সুখ দিছিল ডাইনী সমস্যা জৰ্জড়িত সমাজৰ অমানুহবোৰ মানুহ হোৱাৰ দৃশ্যইহে। তেওঁ দেশক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰসংঘলৈ যোৱাৰ সুবিধা পাইছিল যদিও আৰ্থিক অনাটন আৰু ভিজাৰ বাবে তেওঁৰ এই যাত্ৰা সফল নহ'ল। তথাপি এই দুখত জৰ্জড়িত নহৈ তেওঁ পুনৰ ডাইনী সমস্যা সমাধানৰ লগত জড়িত হৈ পৰিছে। ঠাকুৰবিলাৰ সাধাৰণ বীৰুৱালা ৰাভাৰ জীৱন পৰিক্ৰমাৰ জীয়া কাহিনী "বগী।" তেওঁৰ কৰ্মসংগ্ৰামে পূজাৰ দৰে আন দহজনকো ত্যাগ কৰি অসহায়জনৰ সাহস হ'বলৈ অনুপ্ৰেৰণা জন্মাব।
প্ৰসংগ পুথি -বগী
গোবিন কুমাৰ খাউণ্ড