বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ

ভাৰতৰ স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ

বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ (ইংৰাজী: Bodo Kachari Welfare Autonomous Council) বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোকৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে গঠন কৰা অসমৰ এক স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ। ইয়াৰ স্থাপনা হৈছে ২০২০ চনত।[1]

বড়ো কছাৰী কল্যাণ স্বায়ত্ত্বশাসিত পৰিষদ
—  স্বায়ত্ত্বশাসিত অঞ্চল  —
দেশ  ভাৰত
ৰাজ্য অসম
পৰিষদ গঠন ২০২০
চৰকাৰ
 - প্ৰকাৰ স্বায়ত্ত্বশাসিত পৰিষদ
 - পৰিষদ বড়ো কছাৰী কল্যাণ স্বায়ত্ত্বশাসিত পৰিষদ
 - মুখ্য কাৰ্যবাহী বিষয়া

বিৱৰণ সম্পাদনা কৰক

বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীয় লোকসকলৰ কল্যাণৰ বাবে এখন বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ গঠনৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি অহা হৈছিল। এই সংক্ৰান্তত বিভিন্ন বড়ো সংগঠনে বিৰোধ প্ৰদৰ্শন কৰিছিল।[2] সেই দাবীৰ প্ৰতি সহাৰি দি অসম বিধানসভাত ভৈয়াম জনজাতি আৰু পিছপৰা জাতি কল্যাণ মন্ত্ৰী চন্দন ব্ৰহ্মই বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ বিল, ২০২০ দাখিল কৰে। এক চমু আলোচনাৰ পিচত বিলখন বিধানসভাত গৃহীত হয়।[3]

প্ৰশাসন সম্পাদনা কৰক

পৰিষদত মুঠ ৪০জন সদস্য থাকিব। ইয়াৰে ৩৬জন প্ৰতক্ষ্য ভোটেৰে নিৰ্বাচিত কৰা হ’ব আৰু ৪জন সদস্য ৰাজ্য চৰকাৰে মনোনীত কৰিব। ৩৬খন নিৰ্বাচন আসনৰ ২৫খন অনুসূচীত জনজাতিসকলৰ বাবে আৰু ৬খন আসন পৰিষদীয় অঞ্চলত বসবাস কৰা যিকোনো সম্প্ৰদায়ৰে মহিলাৰ বাবে সংৰক্ষিত থাকিব। চৰকাৰে মনোনীত কৰা ৪জন সদস্য পৰিষদীয় অঞ্চলত বসবাস কৰা জনগোষ্ঠীৰ মাজৰ পৰা বাচনি কৰা হ’ব।[4]

২০২১ চনৰ জানুৱাৰীত অসম চৰকাৰে ঘোষণা কৰে যে অসম বিধানসভা নিৰ্বাচন, ২০২১ৰ পূৰ্বে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ নহয় বাবে এখন অন্তৰ্ৱৰ্তীকালীন পৰিষদ গঠন কৰা হ’ব।[5]

তথ্য উৎস সম্পাদনা কৰক