বড়ো ৰোমান লিপি আন্দোলন

বড়ো ভাষাটো ৰোমান লিপিৰে লিখিবৰ স্বীকৃতি বিচাৰি কৰা আন্দোলন

বড়ো ৰোমান লিপি আন্দোলন (ইংৰাজী: Bodo Roman Script Movement) বড়ো ভাষা লিখিবলৈ ৰোমান লিপিৰ স্বীকৃতি বিচাৰি সংঘটিত হোৱা এক ভাষিক আন্দোলন। বড়ো সাহিত্য সভাই এই আন্দোলনৰ নেতৃত্ব দিছিল আৰু ইয়াত অসম ভৈয়াম জনজাতি পৰিষদ, সদৌ বড়ো ছাত্ৰসন্থা আদি সংগঠনো জড়িত হৈ পৰিছিল। মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই বিষয়টো নিস্পত্তি কৰিব নোৱাৰি বিষয়টো কেন্দ্ৰীয় চৰকাৰলৈ ঠেলি দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰৰোচনাত অৱশেষত বড়ো সাহিত্য সভাবড়ো ভাষা লিখিবলৈ আনুষ্ঠানিকভাবে ১৯৭৫ চনৰ এপ্ৰিল মাহত ৰোমান লিপিৰ সলনি দেৱনাগৰী লিপি গ্ৰহণ কৰে।[1]

বড়ো ৰোমান লিপি আন্দোলন
তাৰিখ ১৯৭৪
স্থান
ফল বড়ো ভাষা লিখিবলৈ ৰোমান লিপিৰ আধিকাৰিক স্বীকৃতি বিচাৰি দাবী
পদ্ধতি প্ৰতিবাদ, হিংসাত্মক ঘটনা
ফলাফল দেৱনাগৰী লিপি গ্ৰহণ
হতাহত
নিহত ১৫ জন

বড়ো-কছাৰী ৰজাসকলে দেওধাই লিপি ব্যৱহাৰ কৰিছিল। এই বিষয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই লিখি গৈছে, "দেওধাই লিপিৰ পুৰণি ব্ৰাহ্মিণ লিপিৰ সৈতে মিল আছে। যিটো লিপি এতিয়াও শিলালিপি আৰু ডিমাপুৰৰ কছাৰী ৰজাৰ ৰাজপ্ৰাসাদৰ তোৰণত আছে। " যদিও পিছলৈ বড়োসকলে ৰোমান, অসমীয়া আৰু দেৱনাগৰী লিপি ব্যৱহাৰ কৰিবলৈ লয়। ৰোমান লিপি খ্ৰিষ্টীয়ান মিছনেৰীসকলে ধৰ্মীয়গ্ৰন্থ লিখিবলৈ ব্যৱহাৰ কৰিছিল। ১৯৬৩ চনত বড়ো মাধ্যমৰ বিদ্যালয় স্থাপন হোৱাৰ পিছত অসম চৰকাৰে অসমীয়া লিপি প্ৰৱৰ্তন কৰে।[2]

বড়ো সাহিত্য সভাৰ ভূমিকা

সম্পাদনা কৰক

বড়ো সাহিত্য সভাৰ এজন প্ৰতিষ্ঠাপক সদস্য মণিৰাম মুছাহাৰীয়ে জনোৱা মতে বড়ো ভাষাৰ বাবে ৰোমান লিপি লোৱাৰ ধাৰণাটো পোনপ্ৰথমে কেইজনমান বড়ো ছাত্ৰ আৰু নেতাই শ্বিলঙত আলোচনা কৰিছিল। তাৰ পিছত ১৯৬০ চনৰ আৰম্ভণিৰ পৰা সেই ধাৰণাটোৱে বড়ো শিক্ষিত সমাজৰ মাজত খোপনি পুতিবলৈ আৰম্ভ কৰে। ১৯৬৪ চনৰ ২২ আৰু ২৩ ফেব্ৰুৱাৰীৰ গোৱালপাৰাৰ মালাগুৰিত অনুষ্ঠিত ষষ্ঠতম বাৰ্ষিক অধিৱেশনত এই বিষয়টো উথথাপন কৰা হয়। ১৯৬৬ চনৰ ৪ আৰু ৬ জানুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হোৱা অষ্টম বাৰ্ষিক অধিৱেশনত এই বিষয়ত প্ৰতিবেদন দিবলৈ যোগেন্দ্ৰ কুমাৰ বসুমতাৰীক আহ্বায়ক হিচাপে লৈ এখন পাঁচজনীয়া সমিতি গঠন কৰা হয়। সমিতিখনক সেইবছৰৰে ৩০ জানুৱাৰীৰ ভিতৰত ৰোমান লিপিৰ গ্ৰহণযোগ্যতাৰ বিষয়ত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হয় যদিও সেই সমিতিখনে সময়ত প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে। ফলত উক্ত সমিতিখন ভংগ কৰি ১৯৬৮ চনত দুধনৈৰ বাৰ্ষিক অধিৱেশনত চাইচিংৰাম মুছাহাৰীক আহ্বায়ক হিচাপে লৈ আন এখন সমিতি গঠন কৰি নাম দিয়া হয় বড়ো লিপি উপসমিতি। সেই উপ সমিতিখনৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ১৯৭০ চনৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ মহাকালগুৰিত অনুষ্ঠিত ১১তম বাৰ্ষিক অধিৱেশনত ৰোমান লিপিক বড়ো ভাষাৰ লিপি হিচাপে গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ লোৱা হয়।[1]

বড়ো সাহিত্য সভাই ১৯৭০ চনত পশ্চিমবংগৰ মহাকালগুৰিত অনুষ্ঠিত হোৱা ১১তম বাৰ্ষিক অধিৱেশনত ৰোমান লিপি গ্ৰহণ কৰাৰ প্ৰস্তাৱ লোৱা হয়[3] আৰু চৰকাৰক এই বিষয়ত দাবী জনোৱা হয় যদিও চৰকাৰে সেই দাবী অগ্ৰাহ্য কৰে। ১৯৭৪ চনৰ ১৫ মাৰ্চৰ পৰা শোণিতপুৰৰ খেলমাটিত অনুষ্ঠিত হোৱা ১৫তম বড়ো সাহিত্য সভাৰ আন্দোলনত ৰোমান লিপিৰ প্ৰৱৰ্তনৰ বাবে আন্দোলন কৰিবলৈ সিদ্ধান্ত লোৱা হয়। এই আন্দোলনে পিছলৈ হিংসাত্মক ৰূপ লয় আৰু সেইবছৰৰে ২৮ ছেপ্তেম্বৰৰ দিনাখন ১৫ জন বড়ো জনগোষ্ঠীৰ লোকে ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰাণ হেৰুৱাবলগীয়া হয়।[2] তেওঁলোক আছিল বৰপেটাৰ অম্লাৰাম বড়ো আৰু শিৱৰাম বড়ো, কোকৰাঝাৰৰ হাইথাৰাম বসুমতাৰী আৰু বিষ্ঠুৰাম বসুমতাৰী, বিজনীৰ খানচাই বড়ো, কন্তেশ্বৰ বড়ো, বুধবাৰ বড়ো, দিনা বড়ো আৰু মানসী গয়াৰী, আঁঠগাওঁৰ অজেন্দ্ৰনাথ বসুমতাৰী আৰু নিধিৰাম নাৰ্জাৰী, ওৰাঙৰ অঙ্গেলিশ বাগলাৰী, দৰঙৰ সোমবৰ মুছাহাৰী, গৰুফেলাৰ গোবিন্দ্ৰ নাৰায়ণ বসুমতাৰী আৰু ৰৌতা চাৰিআলিৰ ফণীৰাম চৌধাৰী। অৱশেষত সমাধানৰ কোনো উপায় নেদেখি ১৯৭৫ চনৰ ১৩ ফেব্ৰুৱাৰীৰ দিনাৰ পৰা এই আন্দোলন বন্ধ কৰা হয় আৰু দেৱনাগৰী লিপিকেই লোৱা হয়।[3]

শ্বহীদ দিৱস

সম্পাদনা কৰক

২৮ ছেপ্তেম্বৰৰ দিনটো বড়ো সাহিত্য সভাৰ ফালৰ পৰা ডিখৰ ছান বা শ্বহীদ দিৱস হিছাপে পালন কৰি অহা হৈছে।[2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক