বনহংস

অসমীয়া চলচ্চিত্ৰ

বনহংস (ইংৰাজী: Banahansa) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনা, সংলাপ আৰু চিত্ৰনাট্য আব্দুল মজিদৰ। প্ৰযোজনা কৰিছে যোৰহাটৰ সেউজ বোলছবি সন্থাই। নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে।[1]

বনহংস
পৰিচালক আব্দুল মজিদ
ৰচনা নিৰোদ চৌধুৰী
চিত্ৰনাট্য আব্দুল মজিদ
প্ৰযোজক সেউজ বোলছবি সন্থা
অভিনয়ত বিজয় শঙ্কৰ
বিতপী মহন্ত
চিত্ৰগ্ৰহণকাৰী বিজয় দে (গোপী)
সম্পাদনা প্ৰণৱ ঘোষ
সংগীত পৰিচালক ভূপেন হাজৰিকা
মুক্তি
৬ ডিচেম্বৰ ১৯৭৭
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

এক তথাকথিত অভিজাত পৰিয়াল। নীলিম বৰুৱা আৰু কাবেৰী বৰুৱাৰ একমাত্ৰ সন্তান দেবাহুতি। মাক-দেউতাকক এৰি দাৰ্জিলিঙৰ এখন অভিজাত শিক্ষানুষ্ঠানত পঢ়ে। বন্ধৰ তিনিমাহ কটাবলৈ দেৱাহুতি ঘৰলৈ আহিছে। কিন্তু তাই দেখা পায় মাক-দেউতাকৰ ক্লাৱ, পাৰ্টী, মদ আদিকলৈ ব্যস্ত এক ভাৰসাম্যহীন জীৱন।[1]

তেওঁলোকৰ ঘৰৰ ওচৰতে ডাকবিভাগত সাধাৰণ চাকৰি কৰা কমলেশ চৌধুৰীৰ পৰিয়ালটো বাস কৰে। এই সাধাৰণ ঘৰখনৰ সদস্যসকলৰ মাজত তাই অভাৱনীয় মৰম পায়। কমলেশ চৌধুৰীৰ পুত্ৰ নূপুৰৰ প্ৰতি তাইৰ মনত উপজে লাজলাজ লগা এক অনামী শিহৰণ। কাবেৰী আৰু নীলিম বৰুৱায়ো কথাটো মন কৰে।[1]

কিন্তু দেৱাহুতিৰ কল্পনাৰ জগত ভাঙিচিঙি চূৰমাৰ হৈ যায়। তাই যেন এটা বন্ধ কুঠৰীত বন্দী হৈ আছে। তাই মুক্তি বিচাৰে; বনহংসৰ দৰে তাই উৰি যাব বিচাৰে।[1]

অভিনয় শিল্পী সম্পাদনা কৰক

  • বিজয় শঙ্কৰ
  • বিতপী মহন্ত
  • অৰূপ শৰ্মা
  • দীপা
  • তিলমিজুৰ ৰহমান
  • বীণা বাৰুৱতী
  • বিভূতি
  • ৰতন
  • নীলিমা
  • মামণি
  • ভাইটি
  • দীপ
  • কাজু
  • দীতু
  • ইয়াকুব
  • আনচাৰ
  • মিনু
  • নাজমা আদি।[1]

কলা-কুশলী সম্পাদনা কৰক

(তথ্যছ’কত নথকা)
  • সংলাপ- আব্দুল মজিদ
  • শব্দ গ্ৰহণ- মৃণাল গুহ ঠাকুৰতা, কালিদাস, অৰবিন্দ
  • কলা নিৰ্দেশনা- আমিনুৰ ৰহমান, যোগেন দাস[1]

সংগীত সম্পাদনা কৰক

সঙ্গীত পৰিচালনা আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। ছবিখনত ছটা গীত অন্তৰ্ভুক্ত হৈছে।[2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "আগলি বাঁহৰে লাহৰী গগণা বাজি উঠিল কিয়, আগলি কলৰে এখিলানো পাত কঁপি উঠিল কিয়"  ভূপেন হাজৰিকাভূপেন হাজৰিকা  
2. "নিজকে দেখি আজিকালি বেলেগ ভাব জাগে, দাপোনখনিৰ মইজনীক সপোন সপোন লাগে"  ভূপেন হাজৰিকাঅঞ্জু দেৱী  
3. "ভাবিছিলা এবুকু ভৰাই ঘৰৰ মায়া পাবা, সেই মায়াৰে কোমল কোলাত ক্ষণিক জিৰাবা"  ভূপেন হাজৰিকাভূপেন হাজৰিকা  
4. "কাৰ ঘৰৰ লখিমী ঘৰলৈ উভতিছে, কাৰ ঘৰ সজাই-পৰাই কোনে বাট চাইছে"  ভূপেন হাজৰিকাভূপেন হাজৰিকা, ভাস্কৰ দাস  
5. "অ’ নতুন মনৰ তৰুণ তৰুণী বুজিছো তোমাৰ চকুৰ চাৱনী"  ভূপেন হাজৰিকাভূপেন হাজৰিকা  
6. "অকোঁৱা পকোঁৱা বাট ৰেল পাহাৰীয়া, ঝকঝক চলিছে যেন কেৰেলুৱা"  ভূপেন হাজৰিকাঅঞ্জু দেৱী, কুল বৰুৱা, অতুল মেধি, ভূপেন হাজৰিকা  

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 256. 
  2. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 263. 

বাহ্যিক সংযোগ সম্পাদনা কৰক