বলাইচাঁদ মুখোপাধ্যায় (ইংৰাজী: Balai Chand Mukhopadhyay; ১৯ জুলাই ১৮৯৯ - ৯ ফেব্ৰুৱাৰী ১৯৭৯)[1] এজন ভাৰতীয় বাঙালী লেখক। বনফুল ছদ্মনামেৰে তেওঁ অধিক পৰিচিত।[2]


জন্ম আৰু পৰিয়াল

সম্পাদনা কৰক

বলাইচাঁদ মুখোপাধ্যায়ৰ জন্ম বিহাৰৰ পূৰ্ণিয়া জিলাৰ মণিহাৰী গাঁৱত।[3] পিতৃ সত্যচৰণ মুখোপাধ্যায় পেছাত এজন চিকিৎসক আছিল।[1] মাতৃ মৃণালিনী দেৱী৷ তেওঁলোকৰ আদি নিবাস আছিল পশ্চিমবঙ্গৰ হুগলি জিলাৰ শিয়াখালা গাঁৱত।[3] বলাইচাঁদ মুখোপাধ্যায়ৰ পৰিয়ালটো "কাঁটাবুনে মুখুজ্জ‍্যে‍" বুলি পৰিচিত আছিল।[1] ১৩৩৪ বঙ্গাব্দৰ ২৪ জেঠত লীলাৱতী দেৱীৰ সৈতে বলাইচাঁদ মুখোপাধ্যায় বিবাহপাশত আৱদ্ধ হয়।[3] ১৯২৯ চনত তেওঁলোকৰ প্ৰথম সন্তান কেয়াৰ জন্ম।[3]

শি‍ক্ষা আৰু কৰ্মজীৱন

সম্পাদনা কৰক

বলাইচাঁদ মুখোপাধ্যায়ৰ দেউতাকৰ প্ৰচেষ্টাত মণিহাৰীত এখন লৱাৰ প্ৰাইমেৰী স্কুল স্থাপিত হৈছিল।[3] পৰৱৰ্তী সময়ত সেইখন মাইনৰ স্কুললৈ পৰিৱৰ্তিত হোৱাত সেই স্কুলতে বলাইচাঁদ মুখোপাধ্যায়ে নামভৰ্তি কৰে। মণিহাৰী মাইনৰ পৰীক্ষাত প্ৰথম হৈ ১৯১৪ চনত চাহেবগঞ্জ ৰেলৱে হাইস্কুলত নামভৰ্তি কৰে। ১৯১৮ চনত মেট্ৰিকুলেশ্বন পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগে লগেই 'চাহেবগঞ্জ জীৱন'ৰ অধ্যায় সামৰণি পৰে।[3] তাৰ পৰা আহি কলম্বাছ কলেজত ভৰ্তি হয়হি। হাজাৰীবাগ চেণ্ট কলম্বাছ কলেজৰ পৰা দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ ১৯২০ চনত তেওঁ কলিকতা মেডিকেল কলেজত নামভৰ্তি কৰে। মেডিকেল কলেজৰ শি‍ক্ষা সাং কৰিয়েই কিছুদিনৰ ভিতৰত তেওঁ পাটনা মেডিকেল কলেজত জুনিয়ৰ হাউচ চাৰ্জন হিচাপে নিযুক্ত হয়।[3] ১৯২৮ চনত আজিমগঞ্জ চিকিৎসালয়ৰ মেডিকেল অফিচাৰ পদত নিয়ুক্ত হয়৷[3]১৯৬৮ চনৰ মাজভাগত ভাগলপুৰ এৰি কলিকতাত স্থায়ীভাৱে থাকিবলৈ লয়। ১৯৬৮-১৯৭৯ চনলৈকে কলিকতাৰ লেক টাউনৰ বি ব্লকৰ পি‍-৬৬ ঠিকনাত বসবাস কৰিছিল বলাইচাঁদ মুখোপাধ্যায়।[4]

বনফুল ছদ্মনামৰ আঁৰৰ কাহিনী

সম্পাদনা কৰক

১৯১৫ চনত কালীপ্ৰসন্ন দাশগুপ্ত সম্পাদিত 'মালঞ্চ' নামৰ আলোচনীত বলাইচাঁদ মুখোপাধ্যায়ৰ প্ৰথম কবিতা ছপা হয়।[3] বটুদা অৰ্থাৎ সুধাংশুশেখৰ মজুমদাৰৰ উদ্যোগতেই তেওঁৰ কবিতাই প্ৰথম ছপাৰূপ পাইছিল।[2] মাহেকীয়া আলোচনী 'মালঞ্চ'ত প্ৰকাশিত তেওঁৰ কবিতা পঢ়ি সকলো আনন্দিত হৈছিল যদিও শিক্ষাগুৰু তথা সংস্কৃত পণ্ডিত ৰামচন্দ্ৰ ঝা মুঠেও সুখী হোৱা নাছিল।[2] কাব্যচৰ্চা কৰাৰ বাবে তেওঁ বলাইচাঁদ মুখোপাধ্যায়ক তিৰস্কাৰ কৰিছিল। শিক্ষাগুৰুৰ পৰা ৰক্ষা পোৱাৰ স্বাৰ্থতেই বলাইচাঁদ মুখোপাধ্যায়ে পৰৱৰ্তী সময়ত ছদ্মনাম ব্যৱহাৰ কৰিছিল।[2] বটুদা অৰ্থাৎ সুধাংশুশেখৰ মজুমদাৰে নিৰ্বাচন কৰি দিয়া ছদ্মনামবোৰৰ মাজৰ পৰা বলাইচাঁদ মুখোপাধ্যায়ে 'বনফুল' নামটো বাচি লৈছিল।[3] পৰৱৰ্তী কালত তেওঁ বাংলা সাহিত্যত সেই নামেৰেই অৰ্থাৎ 'বনফুল' নামেৰেই পৰিচিত হৈ উঠে।

সন্মান আৰু পুৰস্কাৰ[3]

সম্পাদনা কৰক
  • ১৯৫১ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা 'শৰৎচন্দ্ৰ স্মৃতি পুৰস্কাৰ' লাভ।
  • ১৯৬২ চনত 'হাটে-বাজাৰে'(১৯৬১) গ্ৰন্থখনৰ বাবে 'ৰবীন্দ্ৰ পুৰস্কাৰ' লাভ।
  • কলকাতা বিশ্ববিদ্যালয়ৰ পৰা 'জগত্তাৰিণী স্বৰ্ণপদক', 'কুমাৰ বিশ্বনাথ ৰায় স্মৃতি স্বৰ্ণপদক' লাভ।
  • শৰৎচন্দ্ৰ আৰু ডি.এল.ৰায় লেকচাৰাৰ পদ লাভ।
  • ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয়ৰ লেকচাৰাৰ পদ লাভ।
  • 'সুৰেশচন্দ্ৰ স্মৃতি পুৰস্কাৰ' লাভ।
  • ভাৰত চৰকাৰে প্ৰদান কৰা পদ্মভূষণ সন্মান লাভ।
  • ভাগলপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডি.লিট উপাধি লাভ।

প্ৰকাশিত গ্ৰন্থ[5]

সম্পাদনা কৰক

প্ৰকাশিত উপন্যাস

সম্পাদনা কৰক
  • তৃণখণ্ড- ১৯৩৫
  • বৈতৰণীৰ তীৰ‍ে-১৯৩৬
  • নিৰঞ্জনা-১৯৫৫
  • ভুবন সোম-১৯৫৭
  • মহাৰাণী-১৯৫৮
  • অগ্নীশ্বৰ-১৯৫৯
  • মানসপুৰ-১৯৬৬
  • এৰাও আছে-১৯৭২
  • নবীন দত্ত-১৯৭৪
  • হৰি‍শ্চন্দ্ৰ-১৯৭৯
  • কিছুক্ষণ-১৯৩৭
  • সে ও আমি-১৯৪২
  • সপ্তৰ্ষি-১৯৪৫
  • উদয় অস্ত-১৯৭৪
  • গন্ধৰাজ
  • পীতাম্বৰেৰ পুনৰ্জন্ম-১৯৬৩
  • নঞ তৎপুৰুষ
  • কৃষ্ণপক্ষ
  • সন্ধিপূজা
  • হাটেবাজাৰে‍

  • কন্যাসু
  • অধিকলাল
  • গোপালদেবেৰ স্বপ্ন
  • স্বপ্নসম্ভব
  • কষ্টিপাথৰ
  • প্ৰচ্ছন্ন মহিমা
  • দুই পথিক
  • ৰাত্ৰি
  • পিতামহ
  • পক্ষীমিথুন
  • তীৰ্থেৰ কাক
  • ৰৌৰব
  • জলতৰঙ্গ
  • ৰূপকথা এবং তাৰপৰ
  • প্ৰথম গৰল
  • ৰঙ্গতুৰঙ্গ
  • আশাবাৰি‍
  • সাত সমুদ্ৰ তেৰো নদী
  • আকাশবাসী

  • তুমি
  • অসংলগ্ন
  • সীমাৰেখা
  • ত্ৰিবৰ্ণ
  • অলংকাৰপুৰী
  • জঙ্গম
  • অগ্নি
  • দ্বৈৰথ
  • মৃগয়া
  • নিৰ্মোক
  • মানদণ্ড
  • নবদিগন্ত
  • কষ্টিপাথৰ
  • স্থাবৰ
  • ভীমপলশ্ৰী
  • পঞ্চপৰ্ব
  • লক্ষ্মীৰ আগমন
  • ডানা

চুটিগল্প সংকলন

সম্পাদনা কৰক
  • বনফুলেৰ গল্প
  • বনফুলেৰ আৰো গল্প
  • বাহুল্য
  • বিন্দু বিসৰ্গ
  • অনুগামিনী
  • বনফুলেৰ শ্ৰেষ্ঠ গল্প
  • বনফুলেৰ গল্প সংগ্ৰহ - ১
  • বনফুলেৰ গল্প সংগ্ৰহ - ২
  • মানুষেৰ মন
  • শ্ৰীমধুসূদন
  • বিদ্যাসাগৰ

আত্মজীৱনী

সম্পাদনা কৰক
  • পশ্চাৎপট (১৯৮৭)

কাব্যগ্ৰন্থ

সম্পাদনা কৰক
  • বনফুলেৰ কবিতা (১৯৩৬)
  • অঙ্গাৰপৰ্ণী (১৯৪০)
  • চতুৰ্দশী (১৯৪০)
  • আহবনীয় (১৯৪৩)
  • কৰকমলেষু (১৯৪৯)
  • বনফুলেৰ ব্যঙ্গকবিতা (১৯৫৮)
  • নূতন বাঁকে (১৯৫৯)
  • সুৰসপ্তক (১৯৭০)

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 "বনফুলেৰ মৰ্জিমহল". https://www.anandabazar.com/patrika/how-is-the-journey-of-writer-balai-chand-mukhopadhyay-1.880744। আহৰণ কৰা হৈছে: 7 October 2024. 
  2. 2.0 2.1 2.2 2.3 "বলাইচাঁদ মুখোপাধ্যায় কেন বনফুল হলেন?". https://www.prothomalo.com/onnoalo/others/3wrvafvqwp। আহৰণ কৰা হৈছে: 7 October 2024. 
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 3.10 "বিভূতি, বলাই ইত্যাদি". https://shodhganga.inflibnet.ac.in/bitstream/10603/205246/1/sumita_roy_thesis.pdf। আহৰণ কৰা হৈছে: 7 October 2024. 
  4. "আৰ্যভট্ট খান". https://www.anandabazar.com/west-bengal/kolkata/balai-chand-mukhopadhyays-grandson-finds-a-new-way-to-give-him-tribute/cid/1532018#goog_rewarded। আহৰণ কৰা হৈছে: 4 October 2024. 
  5. বিপ্লব চক্ৰবৰ্তী (২০০৫). ভাৰতীয় সাহিত্যকাৰ পুস্তকমালা: বনফুল (বলাইচাঁদ মুখোপাধ্যায়). সাহিত্য অকাডে‍মি, নতুন দিল্লী. পৃষ্ঠা. ৭০-৭৬.