বহনি হৈছে দেশী জনগোষ্ঠী মুছলমান সকলৰ পৰম্পৰাগত খাদ্য। অবিভক্ত গোৱালপাৰা জিলাৰ লগতে মেঘালয়ৰ গাৰোপাহাৰৰ সমতল ভূমিত বসবাস কৰা দেশী জনগোষ্ঠীৰ মুছলমান সকলৰ পৰম্পৰাগত খাদ্য। ইয়াক বকুনি বুলিও কোৱা হয়। বহনি তৈয়াৰ কৰা আৰু খোৱাৰ উপযুক্ত সময় ভাদ মাহ যদিও বেলেগ মাহতো খাব পাৰি।

প্ৰস্তুতকৰণ

সম্পাদনা কৰক

বহনিৰ কাৰণে বৰো ধান বিশেষভাবে উপযোগী যদিও অবিভক্ত গোৱালপাৰাত উৎপন্ন হোৱা কাতাৰি, মালসিৰা, গৰিয়া ধানো ব্যবহাৰ হয়। প্ৰথমে ধানখিনি পানীত ভিজা (তিতিবলৈ) দিয়া হয়। ধানখিনি পানীৰ পৰা তুলি আনি ঘৰত গজালি হ'বলৈ থোৱা হয়। ধান এৰাতি তিয়াই থৈ পিছদিনা পানীৰ পৰা ধানখিনি তুলি মজিয়াত কলপাতৰ ওপৰত মেলি দি কলপাতেৰে ঢাকি দিব লাগে। তাৰ ওপৰত বস্তা দি ইটা বা তেনে কোনো ওজন দি চাপ দি থলে ৩/৪ দিন পিছত গজালি মেলে। গজালি মেলা ধানখিনি ৰ'দত ভালকৈ শুকুৱাব লাগে। গজালি হোৱা ধানখিনি আকৌ ৰ'দত শুকোৱা হয়, শুকোৱাৰ পিছত ধানখিনি ঢেঁকী, উখলি বা উৰালত পাৰ দি তুঁহ আৰু চাউলখিনিক পৃথক কৰা হয়। তুঁহখিনি ভালদৰে থোৱা হয়। চাউলবোৰ আকৌ পানীত তিতিবলৈ দিয়া হয়। তিতোৱা চাউলখিনি উখলি বা ঢেঁকীত গুড়ি কৰা হয়। চাউলৰ গুড়িখিনি ভালদৰে এটা বেলেগ পাত্ৰত থোৱা হয়। গজালি হোৱা ধানৰ তুঁহখিনি পানীত তিতিবলৈ দিয়া হয় আৰু সেই পানীখিনি আন এটা পাত্ৰত থোৱা হয়। পাত্ৰটোৰ তলিত প্ৰথমে কঁঠালৰ পাতৰ এটা তৰপ দি তাৰ ওপৰত ৰন্ধা ভাতখিনিৰ লগত তুঁহৰ পানী আৰু চাউলৰ গুড়ি মিহলাই মিহলাই দিয়া হয়। বহনি থোৱাৰ দিনাখন খোৱা নহয়। তৃতীয় দিনাখন বহনিৰ সোৱাদ অতি জুতি লগা হয় আৰু এলাহ ভাব হয়। চতুৰ্থ দিনাখন বহনি নিচাযুক্ত হয়।[1] ধৰ্মীয় কাৰণত 'বহনি'ক দেশীসকলে নিচা বুলি অভিহীত কৰাতকৈ খাদ্য তালিকাতহে ঠাই দিছে। সেয়ে সত্যতাক অস্বীকাৰ নকৰাকৈ আনহাতে ধৰ্মীয় প্ৰতিবন্ধকো আওকান নকৰাকৈ খাদ্যবিধক চিধা চিধি নিচা বা ৰাগিয়াল বুলি নকৈ মন মতলীয়া কৰা খাদ্য বুলি ক’লে দুয়োকূলে ৰক্ষা পৰিব।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. ছাহাৰুল ইছলাম (২০১৫-১৬). "দেশী জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য 'বহনি' (সাংস্কৃতিক নিবন্ধ)". In স্বপন গোস্বামী. পৃষ্ঠা: ২৮.