চেৰাউ নৃত্য
চেৰাউ নৃত্য (ইংৰাজী: Cheraw dance) মিজোৰামৰ এক জনপ্ৰিয় পৰম্পৰাগত নৃত্য। বাঁহৰ সৈতে নচা এই নৃত্যবিধ বাঁহ নৃত্য বুলিও জনপ্ৰিয়। ৰাজ্যখনৰ প্ৰতিটো উৎসৱতে ই এক প্ৰচলিত নৃত্য। মিজো যুৱক যুৱতী একেলগে মিলি এই নৃত্য কৰে। মিজোৰামৰ প্ৰাচীনতম নৃত্যবোৰৰ এটা এই নৃত্যবিধ ৰাজ্যখনৰ প্ৰতিটো উৎসৱৰ এৰাব নোৱাৰা অংগ হৈ পৰিছে।[1]
চেৰাউ নৃত্য | |
---|---|
চেৰাউ নৃত্য | |
শৈলী | লোকনৃত্য |
উৎপত্তিমূল | ভাৰত |
চেৰাও নৃত্যত সাধাৰণতে ছয়ৰ পৰা আঠজন লোকে মাটিত দীঘল কেঁচা বাঁহ স্থাপন কৰে আৰু তাৰ ওপৰত দূডাল বাঁহ দুজনে দুইমুৰত ধৰে। পুৰুষ শিল্পীসকলে ছন্দোবদ্ধভাৱে বাঁহেৰে চাপৰ মাৰে, আনহাতে মহিলা নৃত্যশিল্পীৰ দলবোৰে বাঁহবোৰৰ মাজে মাজে ছন্দোবদ্ধ পদক্ষেপত নাচে। ই হৈছে মিজোৰামৰ আটাইতকৈ বিখ্যাত আৰু সুন্দৰ নৃত্য, আৰু এই নৃত্য উৎসৱৰ সময়ত এক আকৰ্ষণৰ কেন্দ্ৰ হয়। ফিলিপিন্সে দেশত একে ধৰণৰ নৃত্য দেখা যায় যি টিনিক্লিং নামেৰে বিখ্যাত। ২০১০ চনত গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰা হৈছিল, যেতিয়া এক বৃহৎ সংখ্যক চেৰাউ নৃত্যশিল্পীয়ে একে সময়তে একেলগে নৃত্য কৰিছিল।
ইতিহাস
সম্পাদনা কৰকবিশ্বাস কৰা হয় যে চেৰাও নৃত্যৰ উদ্ভৱ হৈছিল ১ম শতিকাৰ আৰম্ভণিতে। প্ৰাচীন কালত চেৰাও নৃত্য এক ৰীতি হিচাপে নৱজাতক সন্তানক পৃথিৱীত এৰি যোৱা মৃত মাতৃৰ আত্মাক সান্ত্বনা প্ৰদান কৰিবলৈ পৰিবেসন কৰা হৈছিল। অৱশ্যে,এই পাৰম্পৰিক বিশ্বাসবোৰ এতিয়া লোপ পাইছে আৰু চেৰাও নৃত্য যথেষ্ট প্ৰসাৰিত হৈছে। দৰাচলতে এই নৃত্যটো প্ৰতিটো অনুষ্ঠানতে মিজৰামবাসিসকলে পৰিৱেশন কৰে।
তথ্যসূত্ৰ
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত চেৰাউ নৃত্য সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Mizoram Tourism Archived 2012-05-02 at the Wayback Machine
- mapsofindia.com