বাঁহ পূজা অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ এটি উল্লেখযোগ্য লোকানুষ্ঠান। মদন চতুৰ্দশীৰ দিনা এই পূজা এই জিলাত অনুষ্ঠিত হয়। নাৰীৰ প্ৰৱেশ ৰুদ্ধ এই পূজাত বাঁহ এডালক সুসজ্জিত কৰি বাঁহৰ জন্মৰপৰা চিতা নিৰ্মাণলৈকে সমস্ত কথাকে গীত আৰু নৃত্যৰ যোগেদি প্ৰকাশ কৰাটো বাঁহ পূজাৰ আকৰ্ষক দিশ। হাজং আৰু ৰাজবংশীসকলে বসন্ত কালত। উদযাপন কৰা বাঁহ পূজাত মদন আৰু গোপালৰ প্ৰতীকৰূপে তিনিডাল বাঁহ চাফ-চিকুণ কৰি লয়।[1] প্ৰথম ডালত বগা কাপোৰ, দ্বিতীয় ডালত ৰঙা কাপোৰ আৰু তৃতীয় ডালত জাকৈ, খালৈ আৰু এখন অৰ্ধভগ্ন নাঙল আঁৰি লোৱাটো মন কৰিবলগীয়া। প্ৰথম দুডাল বাঁহৰ শীৰ্ষস্থানত দুটা চোঁৱৰ বান্ধি ওচৰা-উচৰিকৈ পোতা হয়। তৃতীয় ডাল অলপ আঁতৰত সংস্থাপন কৰা নিয়ম। বাঁহ কেইডালৰ গুৰিত তিনিদিন জুৰি পূজা-অৰ্চনা চলে। ডেকা-বুঢ়া নিৰ্বিশেষে বিভিন্ন বাদ্য বজাই গীত আৰু নৃত্যেৰে বাঁহ দেৱতাক তুষ্ট কৰাৰ প্ৰযত্ন চলায়। ড॰ ধীৰেন দাসে গোৱালপৰীয়া লোকসংস্কৃতি আৰু লোকগীতত গোৱালপৰীয়া বাঁহ পূজাৰ গীতক বহলভাৱে দুটা ভাগত ভগাইছে -বাঁহ পৰ্ব আৰু ভাং পৰ্ব। বাঁহ পৰ্ব উপবিভাগবোৰ হ’ল -বাঁহ সৃজন, চোৱৰ সৃজন, কাপোৰ সৃজন, মদনকামৰ বাঁশ আৰু বাঁহ খেলা। ভাং পৰ্বত শিৱ-পাৰ্বতীৰ কথা পোৱা যায়। যেনে—

  • বাইছখান ডেকিৰে তাৰ তেইসখান কুলা। ঠেকিয়া ঠুকিয়া নিল জটিয়া ভাংগেৰ গুৰা।[2]
বাঁহ পূজা
বাঁহ পূজা
পালন কৰে অসমীয়া
প্ৰকাৰ ধৰ্মীয় উৎসৱ

গোৱালপাৰাৰ পশ্চিম অঞ্চলত মহা পয়োভৰেৰে উদ্যাপিত বাঁহ পূজাক ড॰ ধীৰেন দাসে চাৰিটা উপবিভাগত শ্ৰেণীভুক্ত কৰিছে—মদন কাম, কামদেৱ, চাতালি বাঁশ আৰু অকাল বাঁহ। শ্ৰদ্ধেয় শিৱানন্দ শৰ্মাৰ দৃষ্টিত, মদনকাম পূজা প্ৰকৃততে লিংগ পূজা। স্থান। বিশেষে মুছলমানসকলেও এই পূজাত ভাগ লয়। তেতিয়া তাক মাদাৰ, মীদাৰবা দাকা পূজা কোৱা হয়। জনশ্ৰুতিমতে, জয়জয়তে এহাল নিঃসন্তান মুছলমান দম্পতীয়ে সভক্তিৰে এই পূজা কৰি সন্তানৰ মুখ দেখিছিল। বহু থানত মাদাৰ দেৱতাৰ প্ৰতীক ৰূপে এডাল বাঁহ পোতাটো তাৎপৰ্যপূৰ্ণ। উত্তৰ কামৰূপত প্ৰচলিত পাওৰা বা পাউৰা উৎসৱ, দহৰ ফুৰোৱা অথবা ভঠেলি অনুষ্ঠানকো বাঁহ পূজাৰেই প্ৰকাৰ ভেদ আখ্যা দিব পাৰি।[3]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. অসমৰ সংস্কৃিত কোষ, ড॰ নাৰাষণ দাস, পৰমানন্দ ৰাজবংশী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, দ্বিতীয় প্ৰকাশ, ২০১৪, পৃষ্ঠা-৪৫১
  2. অসমৰ সংস্কৃিত কোষ, পৃষ্ঠা-৪৫১
  3. অসমৰ সংস্কৃিত কোষ, পৃষ্ঠা-৪৫১