বাক-সংহতি
কম কথাৰে বহু অৰ্থ প্ৰকাশ কৰিবলৈ মানুহে যত্ন কৰে আৰু তেনে প্ৰক্ৰিয়াকে বাক-সংহতি বুলি অভিহিত কৰা হয়। অসমীয়া ব্যাকৰণৰ এটা বিষয় হ’ল বাক-সংহতি। বাক-সংহতিৰ দ্বাৰা ভাষা শুনিবলৈ শুৱলা হয় আৰু মূলতঃ বাক্যাংশৰ প্ৰতি শব্দৰে বা সমাসৰ দ্বাৰা এনে বাক-সংহতি কৰা হয়৷[1]
বাক-সংহতিৰ উদাহৰণ
সম্পাদনা কৰকবহুপদৰ পৰা একপদ
সম্পাদনা কৰক- যাৰ পুুত্ৰ নাই: অপুুত্ৰক
- এটি সন্তান হোৱা তিৰোতা: একুতী
- পুৰণি হৈ ভেঁকুৰা চাউল: মলঙা
- কষ্টেৰে যাক পাব পাৰি: দুৰ্লভ
- আনৰ উন্নতি দেখিব নোৱাৰা: পৰশ্ৰীকাতৰ,চকুচৰহা
- আদিৰ পৰা অন্তলৈকে: আদ্যোপান্ত
- যাৰ পূৰ্বজন্মৰ কথা মনত আছে: জাতিস্মৰ
- কাৰো নাম নধৰাকৈ পৰা গালি: গুৱাল গালি
- তিনি কালৰ কথা যি জনে জানে: ত্ৰিকালজ্ঞ
- যাক সহজে পাব পাৰি: সুুুলভ
- শিং নথকা গৰু: লাওমূৰা
- বৰষুণ নোহোৱা যি বতৰ: খৰাং
- সোণৰ দৰে বৰণ যাৰ: সোণালী
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ আধুনিক অসমীয়া ভাষা (MIL) BPP-MIL(AS F).