বাগৰুম্বা (বড়ো: बागुरुम्बा) হৈছে বড়োসকলৰ বসন্তকালীন লোক-নৃত্য বিশেষ। মূলতঃ লোক-নৃত্য যদিও ইয়াত লাস্যময়ী নৃত্যৰ বহু উপাদান পৰিলক্ষিত হয়। 'বগ্ৰুম বাগ্ৰুম মৌছাদে' বাক্যাংশৰ অৰ্থ হ'ল দেও দি নাচা। লগ-সমনীয়াৰ লগত নৈসৰ্গিক পৰিৱেশত নিৰিবিলি ঠাইত গৈ চৰাই-চিৰিকতি বা পখিলা আদি উৰি ফুৰাৰ অংগী-ভংগীক অনুকৰণ কৰি নচা হয় বাবে এই নৃত্য-গীত বাগ্ৰুম্বা > বাগৰুম্বা নামেৰে জনাজাত।

বাগৰুম্বা নৃত্য
শৈলী লোক-নৃত্য

গীতৰ ভাৱ-ভাষা

সম্পাদনা কৰক

বাগৰুম্বা নৃত্যৰ লগত জড়িত গীতৰ ভাৱ-ভাষা অতি সৰল-

"জিৰ্‌ জিৰ্‌কৈ বৈ যোৱা পানী যুঁৱলিত (দৈ জিৰি জিৰি) লানি নিছিগা শিকলি সদৃশ (ছোনানি জিঞ্জিৰি) নেগুৰীয়া শামুকৰ (ছাবো খিংখিৰি) দৰে আহা সমনীয়া আমিও উলাহতে নাচোহঁক। আমাৰ নৃত্য দেখি উলুৱনিত থকা সৰু চৰাইটি (থুৰি বাৰীনি দাওছেন) তুমিও ভয় নাখাবা। তুমি আমাৰ একে জাত-কুলৰ (প্ৰজাতিৰ) নহ'লা; নহ'লে তোমাকো বুকুত সাৱটি লৈ, সমনীয়া (লৌগৌ) আমিও প্ৰাণ খুলি নাচিলোঁহেতেন। "

বৰ্তমানৰ বাগৰুম্বা

সম্পাদনা কৰক

বাগৰুম্বা নৃত্য নাৰীকেন্দ্ৰিক যদিও বৰ্তমান মঞ্চত পৰিৱেশনৰ সময়ত কেইবাজনো পুৰুষ বাদকে খান, ছিফুং, জথা, ছেৰজা আদি লোকবাদ্যৰে গীতৰ সুৰ তুলি বাদ্য সংগত কৰে।[1]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১৪৭ (১)