বাম্বোল পিটা উৎসৱ
বাম্বোল পিটা উৎসৱ নামনি অসমৰ তামুলপুৰ, দৰং জিলাৰ বিভিন্ন অঞ্চলৰ লগতে বাক্সা, ওদালগুৰি আদি এক বিস্তীৰ্ণ অঞ্চলত মহখেদা উৎসৱৰ শাৰীৰ এটা জনপ্ৰিয় উৎসৱ হ’ল বাম্বোল পিটা। মহোহোৰ দৰে এই উৎসৱতো উক্ত অঞ্চলৰ ডেকা-বুঢ়া হাতত টোকোন,লৰো বা এচাৰি লৈ ঘৰে ঘৰে গৈ গীত গাই নৃত্য কৰে আৰু হাতত নিয়া টোকোনেৰে চোতালত খুন্দিয়াই গৃহস্থৰ পৰা পা-পইচা আদায় কৰে। আৰু শেষত সংগৃহীত ধনেৰে প্ৰীতিভোজ খায়। এই উৎসৱৰ মাজেদি গাঁৱলীয়া চহা জীৱনৰ মুকলিমূৰীয়া ছবি এখন প্ৰকাশিত হয়। ভাদ মাহত ৰাইজৰ ধান খেতিৰ ৰোৱা শেষ হয়। ৰবি শস্যৰ কাম আৰম্ভ হ’বলৈও সময় থাকে। গতিকে খেতিয়কসকলে মুকলি মনেৰে কেইটামান দিন আনন্দ উৎসৱ কৰাৰ সুযোগ পায়।
বাম্বোল পিটা উৎসৱটোৰ নামকৰণক লৈ বিভিন্ন মত প্ৰচলিত হৈ থকা দেখা পোৱা যায়। কোনো কোনোৰ মতে এই শব্দটোৱে ১৮৬৪-১৮৬৬ চনত সংঘটিত ব্ৰিটিছ আৰু ভূটীয়া ৰজাৰ মাজত হোৱা ৰণৰ স্মৃতি বহন কৰে। এই ৰণত ব্ৰিটিছৰ সেনাধ্যক্ষ আছিল কৰ্ণেল কেম্ববেল। তেওঁৰ নিৰ্দেশত ভূটান আৰু বৰ্তমানৰ বাক্সা অঞ্চলৰ বহুলোকৰ প্ৰাণ লোৱা হৈছিল। এই ঘটনাই স্থানীয় লোকক বিদ্ৰোহী কৰি তুলিছিল। ভূটীয়া ৰজাৰ লগতে স্থানীয় লোকেও কেম্পবেল চাহাবক পিটিবলৈ টাঙোন বা টোকোন লৈ যুদ্ধত যোগ দিছিল। কেম্পবেল চাহাবৰ নামটো স্থানীয় লোকৰ মুখত পৰি ভুলকৈ "বাম্বেল" বা "বাম্বোল" বুলি উচ্চাৰিত হোৱাত সিয়েই পিছলৈ "বাম্বোলপিটা" নামে পৰিচিত হয় বুলি জনশ্ৰুতিয়ে কয়। এনে পৰিস্থিতিৰ পৰাই বাম্বোল পিটা উৎসৱ আৰু বাম্বোল পিটা গীতৰ জন্ম হোৱা বুলি জনশ্ৰুতিৰ প্ৰচলন আছে। কিন্তু প্ৰকৃততে বাম্বোলৰ অৰ্থ হ’ল "বাম্" মানে বাঁহ আৰু "বোল" মানে টুকুৰাই কোৱা বা গোৱা। অৰ্থাৎ দীঘল বাঁহ এডালত সৰু বাঁহৰ টুকুৰাৰে কোবাই কোবাই গোৱা গীতকেই বাম্বোল পিটা গীত বুলি কোৱা হয়।[1]
অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে বসবাস কৰা ৰাভা জনগোষ্ঠীৰ মাজত মূলত তামুলপুৰ জিলাৰ তামুলপুৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত এই 'বাম্বোলপিটা' উৎসৱ এসময়ত বহুল প্রচলিত আছিল। এই উৎসৱ ৰাভা সকলে বিশেষকৈ টোটলা ৰাভা সকলে প্ৰতিবছৰে ভাদ মাহৰ পূৰ্ণিমা তিথিত পালন কৰে। বাম্বোলপিটিব অহা ল’ৰাবোৰে/চেংৰা-বুঢ়া বোৰে নিশা চিনিব নোৱাৰাকৈ মূৰত মথুৰা পাগ মাৰি বাম্বোলপিটা গীতৰ তালে তালে ছেও ধৰি নাচে। দলটোৰ এজনে ওজা হৈ গীত লগাই দি থাকে আৰু বাকীবোৰে তেওঁৰ পিছে পিছে মাটিত টোকোনেৰে তাল ৰাখি ঘূৰি ঘূৰি গায়। এনেদৰে গীতৰ শেষত দলৰ আটায়ে এক নিৰ্দিষ্ট সময়ৰ মূৰত টোকোনেৰে তিনিবাৰ মাটিত গুৰিয়াই গীতৰ সামৰণি মাৰে। ল'ৰাবোৰে ঘৰে ঘৰে গীত-পদ গাই পোৱা চাউল-পইচাৰে পথাৰত/কৰবাত ‘খানা' খায়।
বাম্বোলপিটা গীত
বাম্বোলপিটা গীতবোৰ বাম্বোলপিটা উৎসৱৰ সময়ত গোৱা হয়। বাম্বোলপিটা গীতবোৰ মূলত বাস্তৱিক। বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিক উপস্থাপন কৰি এই গীতসমূহ ৰচিত/গোৱা দেখা যায়। এই গীতৰ জড়িয়তে কিছুমান ঐতিহাসিক তথ্যও অনুধাৱন কৰিব পাৰি। উদাহৰণস্বৰূপে তামুলপুৰৰ এসময়ৰ 'ঠোঠা' ৰজা বা কালক্রমত টোটলা ৰজা কথা ক'ব পাৰি। তাৰোপৰি বিভিন্ন পৰিস্থিতিৰ কথা এই গীতৰ জড়িয়তে প্ৰকাশ পোৱা দেখা যায়। তলত দুটামান বাম্বোলপিটা লিখিতভাবে উপস্থাপন কৰা হ'ল -
কিনো মাছ মাৰি লুং
তোৰা/তৰা বা হৰি হৰি
কিনো মাছ মাৰিলুং তোৰা/তৰা
কিছু মাছ মাৰিলুং তৰা
অ-হো ঠোঠা ৰজাৰ পুতেকে (২)
মেৰ ঘৰ বান্ধিছে, চেউতী নাখালা জোৰা।
অ-হো দদাই চেউতী নাখালা জোৰা
কি আইহাতৌ বোলে বাইহাতৌ
বাম্বোল বাম্বোল পিটিব যায়।
মনিয়া বেহাৰৰ তেল হৰি হৰি
মনিয়া বেহাৰৰ তেল
মনিয়া বেহাৰৰ তেল। (মূলগীত)
ওহো, ভাঙিও নপৰে
ওহো, ছিঙিও নপৰে
এনেহে তামুলপুৰীয়া মেল কি
আইহাঁত ও বোলে
বাইহাঁত ও বোলে
বাম্বোল বাম্বোল পিটিব যাং (যাওঁ) (শেষৰছোৱা)
ও হুৰে, ও হুৰে, ও হুৰে।
প্ৰতিটো গীতৰ অন্তত আনুষংগিকভাৱে উক্ত গীতটোৰ শেষৰছোৱা জোৰা লগাই সমস্বৰে গাব লাগে। গোৱাৰ সময়ত কথাখিনি সকলোৱে মনত ৰাখিব লাগে।
প্ৰতিটো গীতৰে দ্বিতীয় ফাকিৰ শাৰী দুটাৰ আৰম্ভণিত থকা ‘ওহো' শব্দটো সুৰব্যঞ্জক ধ্বনি মাথোন। তেনেদৰে প্ৰতিটো গীতৰ শেষতেই “আইহাঁত ও বোলে, বাইহাঁত ও বোলে, বাম্বোল, বাম্বোল পিটিব যাং। ও হুৰে, ও হুৰে, ও হুৰে” ফাকিটো সংযোজিত হয়। এই ফাকিটো মূল গীতৰ অংশ নহয়, সুৰব্যঞ্জক ধ্বনি মাথোন।
(১)
নিগনি এ কি আধাৰ খোৱা
শহুৰে আইভা লাগছে
মূৰ দাঙি চোৱা ।
আহক বা নাহক নকৰং ভয়
লেটুং দাঙি দাঙি নাচিম মই ।
এক চৰিয়া কাৰে গুৰা
দুই চৰিয়া পানী
কি সুখে খাবি তই
বাপেৰ গোসাঁনী।
ধুন ধুন বাদুলী
একবেলা কান্দে
মায়েকৰ ঘৰত যাবা নাপাই
টালি-টপলা বান্ধে কি
আইহাঁত ও বোলে
বাইহাঁত ও বোলে
বাম্বোল বাম্বোল পিটিব যাং (যাওঁ)
ও হুৰে, ও হুৰে, ও হুৰে।
(২)
সিং জাতি কোকৰা
ছাগল জাতি ভোবৰা
বাৰী বাৰী চুৱাপাত খায়
বাৰী বাৰী চুৱাপাত খায়।
ওহো, ছাগাল বুলি নাজানলু
ওহো, মই ফৰমত মাৰিলো
লোকৰ ছাগাল খোৰাই খোৰাই যায় কি
আইহাঁত ও বোলে
বাইহাঁত ও বোলে
বাম্বোল বাম্বোল পিটিব যাং (যাওঁ)
ও হুৰে, ও হুৰে, ও হুৰে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ নাৰায়ণ দাস (মুখ্য সম্পাদক), পৰমানন্দ ৰাজবংশী (সম্পাদক) (২০১৪). অসমৰ সংস্কৃতি-কোষ. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন.
২. সাহিত্যিক ত্ৰিদশ পাঠকৰ 'দৈনিক অসম' কাকতৰ ৮ ডিচেম্বৰ, ১৯৬৮ চন, সংখ্যাৰ দেওবৰীয়া আলোচনীত প্ৰকাশিত 'তামুলপুৰীয়া
চহাগীত বাম্বোলপিটা' শীৰ্ষক প্ৰবন্ধ লগতে ‘ত্ৰিদশ পাঠক ৰচনা সমগ্র’ গ্ৰন্থখনত সন্নিবিষ্ট বাম্বোলপিটা বিষয়ক প্ৰবন্ধসমূহ ।