বাষ্প উদ্ভাৱক (ইংৰাজী: Boiler) হৈছে পানীৰ পৰা বাষ্প বা ভাপ উদ্ভাৱনৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ বিশেষ সঁজুলি। বাষ্প উদ্ভাৱকক বৃহাদাকাৰ বন্ধ পাত্ৰৰ লগত ৰিজাব পাৰি। ইন্ধনৰ দহন কৰি পানীক বাষ্পলৈ ৰূপান্তৰিত কৰি এই বাষ্প ভাগ প্ৰয়োজনীয় কাম-কাজত ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ ৰাসায়নিক কল-কাৰখানা, বস্ত্ৰ উদ্যোগ, চেনীকল, বাষ্প চালিত ইঞ্জিন আদি চলোৱাৰ কামত বাষ্প উদ্ভাৱকৰ ব্যৱহাৰ অপৰিহাৰ্য্য। [1]

এটি অব্যৱহৃত পুৰণি বাষ্প উদ্ভাৱকৰ আলোকচিত্ৰ

বাষ্প উদ্ভাৱকৰ শ্ৰেণীবিভাজন: সম্পাদনা কৰক

ভিন ভিন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বাষ্প উদ্ভাৱকৰ কেইবাটাও শ্ৰেণীবিভাজন কৰা হৈছে।

অনুভূমিক, উলম্ব অৰু কৌণিক বাষ্প উদ্ভাৱক সম্পাদনা কৰক

(ইংৰাজী: Horizontal, Vertical & Inclined Boiler) বাষ্প উদ্ভাৱকৰ অক্ষৰ ওপৰত নিৰ্ভৰ কৰি এই শ্ৰেণীবিভাজন কৰা হৈছে। ভূ পৃষ্ঠৰ সমান্তৰাল হিচাপে থকা বাষ্প উদ্ভাৱকক অনুভূমিক, লম্ব ভাৱে থকা অনুযায়ী উলম্ব আৰু হেলনীয়াকৈ থকা বাষ্প উদ্ভাৱকক কৌণিক বাষ্প উদ্ভাৱক নামাকৰণ কৰা হৈছে।

অগ্নি নলীকা আৰু জল নলীকা বাষ্প উদ্ভাৱক: সম্পাদনা কৰক

(ইংৰাজী: Fire tube and water tube Boiler) অগ্নি নলীকা বাষ্প উদ্ভাৱকত নলীকাৰ মাজেৰে উত্তপ্ত গেছীয় পদাৰ্থ পৰিবাহিত কৰা হয় আৰু এই নলীকা সমূহ আৱৰি ৰাখে ভাপলৈ ৰূপান্তৰিত কৰিব বিচৰা পানীভাগে। নলীকাৰ পৰা তাপ শোষণ কৰি পানীভাগ ভাপলৈ পৰিৱৰ্তন হয়। উদাহৰণ: কোক্ৰাণ, লেনকাচায়াৰ, লোকোমটিভ (ইংৰাজী: Cochran, Lancashire, Locomotive)

 
অগ্নি নলীকা বাষ্প উদ্ভাৱক

আনহাতে জলনলীকা বাষ্প উদ্ভাৱকসমূহত নলীকাৰ মাজেৰে পানী পৰিবাহিত কৰা হয়। নলীকাবোৰ আৱৰি ইন্ধন দহন কৰি বাহিৰত জুই জ্বলোৱা হয়। বাহিৰৰ উত্তাপৰ জৰিয়তে নলীকাৰ ভিতৰৰ পানী ভাপলৈ ৰূপান্তৰিত হয়। উদাহৰণ: বেবকক অৰু উইলকক্স, ষ্টায়াৰ্লিং, য়াৰ্ৱ (ইংৰাজী: Babcock and Wilcox, Stirling, Yarrow)

 
জল নলীকা বাষ্প উদ্ভাৱক

অন্তৰ্দাহী আৰু বহিৰ্দাহী বাষ্প উদ্ভাৱক সম্পাদনা কৰক

(ইংৰাজী: Internally Fired and Externally Fired Boiler) অন্তৰ্দাহী বাষ্প উদ্ভাৱকবোৰত ইন্ধনৰ দহন মূল পাত্ৰৰ ভিতৰতে সম্পাদন কৰা হয়। উদাহৰণ স্বৰূপে, বেবকক অৰু উইলকক্স, ষ্টায়াৰ্লিং বাষ্প উদ্ভাবক। অন্যহাতে বহিৰ্দাহী বাষ্প উদ্ভাৱকবোৰত ইন্ধনৰ দহনৰ বাবে সুকীয়াকৈ ঠাই ৰখা হয় আৰু এই ইন্ধন দহনৰ ফলত উদ্ভৱ হোৱা তাপ পৰিবহন কৰি বাষ্প উদ্ভাৱনৰ কামত ব্যৱহাৰ কৰা হয়। উদাহৰণ: কোক্ৰাণ, লেনকাচায়াৰ।

উচ্চ চাপ আৰু নিম্ন চাপৰ বাষ্প উদ্ভাৱক: সম্পাদনা কৰক

(ইংৰাজী: High pressure and Low pressure Boiler) যিবোৰ বাষ্প উদ্ভাৱকত ৮০ বাৰ (বাৰ- চাপৰ একক, ১ বাৰ= ১০০০০০ নিউটন প্ৰতি বৰ্গমিটাৰ) বা ততোধিক চাপৰ বাষ্প উদ্ভৱ কৰিব পাৰে সেইবোৰক উচ্চ চাপৰ বাষ্প উদ্ভাৱক বোলা হয়। উদাহৰণ: ভেলক্স, ল্যামণ্ট, বেনচন (ইংৰাজী: Velox, Lamont, Benson) ৮০ বাৰতকৈ কম চাপযুক্ত বাষ্প উদ্ভাৱন কৰাবোৰক নিম্ন চাপৰ বাষ্প উদ্ভাৱক হিচাপে নামাকৰণ কৰা হৈছে। উদাহৰণ: কোক্ৰাণ, কৰ্ণিচ আৰু লেনকাচায়াৰ (ইংৰাজী: Cochran, Cornish, Lancashire) [2]

তথ্য সংগ্ৰহ: সম্পাদনা কৰক

  1. T.S. Rajan, Basic Mechanical Engineering
  2. R.K. Rajput, Thermal Engineering

বাহ্যিক সংযোগ সম্পাদনা কৰক