বাহা পৰৱ
[[অসমৰ অন্তৰ্গত থকা চাওঁতালসকলে পালন কৰা অন্যতম প্ৰধান উৎসৱ হ'ল বাহা পৰৱ। এই উৎসৱ খন ছাওঁতালী দিনপুঞ্জী হিচাপে ফাগুন মাহৰ আৰম্ভণিৰ পঞ্চমী দিনা পোৱাৰ পৰা আৰম্ভ কৰা হয়। কোনো কোনো ঠাইত এই উৎসৱ প্ৰায় এমাহ জুৰি-বহাগ বিহুৰ সময়লৈকে। বাহা পৰৱ উৎসৱ হৈছে বসন্ত উৎসৱ। বসন্ত কালৰ সময়ত প্ৰকৃতিৰ সমস্ত বৈভৱৰে এই বাহা উৎসৱত অৰ্চনা কৰা হয়। এই উৎসৱ সুদূৰ অতীজৰ কোনো কৃষি উৎসৱৰে পৰৱৰ্তী কালত হোৱা বিকাশ বুলি ঠাৱৰ কৰা থল আছে। পৰম্পৰাগত ভাৱে মাৰাং বুৰু আৰু জাহেৰ আয়ৌ (ভগৱান)-ৰ শ্ৰীচৰণত নতুন সালগছৰ ফুলেৰে অৰ্চনা কৰাৰ লগতে মাৰাং বুৰু আৰু জাহেৰ আয়ৌ বিবাহ সম্পন্ন কৰা হয় ।এই বাহা পৰৱ কৰাৰ পিছত ছাওঁতাল সমাজত বিবাহ আৰম্ভ কৰা হয়।[1] অগ্নিপিণ্ডৰূপী মাৰাংবুৰুযে অতীজৰে কোনোবা এদিন চিকাৰজীৱী চাওঁতালসকলৰ আগত অগ্নিপিণ্ডৰূপে দেখা দিছিল আৰু অৰণ্যৰ মাজত এজোপা জৰীগছ সদৃশ বৃহৎ বৃক্ষত আশ্ৰয় লৈছিল। গতিকে মাৰাংবুৰুক শ্ৰদ্ধা জনাই চিকাৰজীৱী চাওঁতালসকলে অস্ত্ৰ-শস্ত্ৰ সামৰি থৈ মাৰাংবুৰুক আৰাধনা কৰি সন্তুষ্ট কৰিছিল। বৰ্তমানেও এই মাৰাংবুৰুকে আজিও প্ৰকৃতিৰ জীৱন্ত প্ৰতীক বৃক্ষ ৰোপণ কৰি, নাইবা একোখন কৃত্ৰিম হাবি নিৰ্মাণ কৰি পূজা কৰা হয়।
মাৰাংবুৰু অৰ্চনাৰ বাবে আয়োজিত বাহা উৎসৱৰ আগদিনা চাওঁতালৰ নাইকে বাবাই (পুৰোহিতে) তেওঁৰ সহযোগী সকলক লৈ নৈৰ ঘাটলৈ চাকৱা (শিঙা) ফাৰ্চা (পৰশুকুঠাৰ) আঃচাৰ (ধনু-কাঁড়) আদি অস্ত্ৰ-শস্ত্ৰ জাতীয় পূজাৰ সামগ্ৰী বোৰ নি ধুই-পখালি আনে।[1] এই নাইকে বাবাৰ সহযোগীসকলক সাসৌৰিয়া বোলে। সেইদিনা গধূলিয়ে নাইকেৰ ঘৰত সকলো চাওঁতাল সমবেত হৈ পিছদিনাৰ বাহা পূজাৰ সময় আৰু অগন্তক বিপদ-আপদ সম্পৰ্কে চাটিয়াৰ পৰা জানি লয় আৰু এই চাটিয়া হ'ল উপাসনাৰ কালত দৈৱ শক্তি অৰ্জন কৰা লোক। ইয়াৰ পিছত পুৰুষ-নাৰী সকলে নৃত্য গীতেৰে বাহা জাগৰণ কৰে। পিছদিনা পুৱাই নাইকে বাবাৰ লগতে আন আন লোকসকলেও গা ধুই নতুন কাপোৰ পিন্ধি গাওঁবুঢ়াৰ ঘৰত উপস্থিত হয় আৰু কৃত্ৰিম ভাৱে পাতিলোৱা অৰণ্যলৈ যায়। তাত কুকুৰা এটা উৎসৰ্গা কৰি তাৰে মাংস ভাতৰ লগত কলপাতত খায় আৰু লগতে পূজালৈ অনা ফুল (টিলাই বাহা) সকলোৰে মাজত বিলাই দিয়ে। এওঁ ফুলক পবিত্ৰ জ্ঞান কৰে আৰু পুৰোহিতৰ পৰা এই ফুল যিসকলে নাপায় তেওঁলোকক দুৰ্ভগীয়া বুলি ধৰা হয়। নাইকে বাবাৰ পৰা পোৱা ফুল নাৰীসকলে খোপাত আৰু পুৰুষসকলে কাপত গুজি লয়। সাজপাৰ পিন্ধা, খোপাত ফুল গোজাৰ পিছত পুৰুষ-নাৰী সকলে মাঝী হাড়মৰ নেতৃত্বত মাঝী হাড়মে লগাই দিয়া নৃত্য-গীত পৰিবেশন কৰে।
এই উৎসৱ চাওঁতালসকলৰ সম্পূৰ্ণ নিজা উৎসৱ। ই বসন্তকালীন ভাৰতত সকলো জনগোষ্ঠীৰ মাজত সৃষ্টি হোৱা নৃত্য-গীত আৰু আনন্দ-উলাহৰ সৰ্বজনীনতাকে প্ৰমাণ কৰে। বসন্তৰ আৰম্ভণিতে চাওঁতাল সকলে পালন কৰা এই উৎসৱৰ জৰিয়তে বসন্তকালীন উৰ্বৰতা কৃষ্টি তথা কৃষি উৎসৱৰে বাস্তৱতা আৰু মহত্ত্ব দাঙি ধৰিছে।