বাহৰেইনৰ মহিলাসকলে জীৱনৰ প্ৰতিটো দিশতে বৈষম্যৰ সমুখীন হৈছে আৰু তেওঁলোকৰ ব্যক্তিগত স্বাধীনতা বাহৰেইনৰ আইন আৰু বাহৰেইনৰ সমাজৰ দ্বাৰা গুৰুতৰভাৱে বাধাপ্ৰাপ্ত। বাহৰেইনৰ মাত্ৰ এক চতুৰ্থাংশ মহিলাইহে ঘৰৰ বাহিৰত চাকৰি কৰে।[1] বাহৰেইনৰ মহিলা দিৱস প্ৰতি বছৰে ১ ডিচেম্বৰত পালন কৰা হয়।[2]

পৰম্পৰাগত কইনাৰ সাজত এগৰাকী বাহৰেইনৰ যুৱতী
হিজাব পৰিহিত অৱস্থাত বাহৰেইনৰ নাৰী

পৰম্পৰাগত সাজ সম্পাদনা কৰক

বাহৰেইনৰ মহিলাসকলৰ পৰম্পৰাগত কাপোৰৰ ভিতৰত জেলাবিয়া, দীঘল, ঢিলা পোছাক, যিটো ঘৰৰ বাবে অন্যতম পছন্দৰ কাপোৰৰ শৈলী। বাহৰেইনৰ মহিলাসকলে চুলি আংশিকভাৱে ঢাকি মুহতাছিমা বা চুলি সম্পূৰ্ণৰূপে ঢাকি মুহাজিবা ব্যৱহাৰ কৰিব পাৰে।[3]

সামাজিক ভূমিকা সম্পাদনা কৰক

পূৰ্বতে, যেনে ১৯৬০ চনত বাহৰেইনৰ মহিলাৰ ভূমিকা নিৰ্ভৰ কৰিছিল স্বামীৰ ভূমিকা বা চাকৰিৰ ওপৰত। মাছমৰীয়াৰ লগত বিবাহিত মহিলাসকলে নিজৰ স্বামীক মাছ চাফা কৰা আৰু মাছ বিক্ৰেতা হিচাপে ব্যৱসায়ত সহায় কৰিব বুলি আশা কৰা হৈছিল। কৃষকৰ সৈতে বিবাহিত মহিলাসকলে কৃষিভূমিৰ সহায়ক হিচাপে আৰু উৎপাদিত সামগ্ৰীৰ বজাৰকৰ্তা হিচাপে কাম কৰিব বুলি আশা কৰা হৈছিল। চহৰ-নগৰত পৰম্পৰাগতভাৱে মহিলাসকলক ঘৰৰ কাম-কাজ আৰু শিশুৰ যত্ন লোৱাৰ দায়িত্ব দিয়া হৈছিল। ধনী বাহৰেইন মহিলাসকলে সাধাৰণতে তেওঁলোকৰ বাবে দৈনন্দিন কাম-কাজ কৰিবলৈ ভৃত্য নিয়োগ কৰিছিল।[3]ইয়াৰ উপৰিও বাহৰেইনৰ মহিলাসকল পৰম্পৰাগত বস্ত্ৰ এম্ব্ৰয়ডাৰীত পাৰদৰ্শিতাৰ বাবে বিখ্যাত। বাহৰেইনৰ মহিলাসকলৰ এই প্ৰতিভা বাহৰেইনৰ সংস্কৃতি আৰু ঐতিহ্যৰ পৰিচায়ক।[4]

যোৱা ত্ৰিশ বছৰমানৰ ভিতৰত বাহৰেইনৰ মহিলাসকলে সমাজত গতানুগতিক নাৰী ভূমিকাৰ পৰা আঁতৰি অহাৰ সুযোগ লাভ কৰিছে। তেওঁলোকে শিক্ষা, চিকিৎসা, নাৰ্চিং প্ৰেকটিছ আৰু অন্যান্য স্বাস্থ্য সম্পৰ্কীয় চাকৰি, বিত্তীয়, কেৰাণী, লঘু উৎপাদন, বেংকিং বৃত্তি, পশু চিকিৎসা বিজ্ঞান আদিৰ ক্ষেত্ৰত নিজৰ ভূমিকা সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে।[3]

শিক্ষা সম্পাদনা কৰক

১৯২৮ চনত ফাৰুক আমিনৰ মতে বাহৰেইন আছিল প্ৰথমখন উপসাগৰীয় ৰাজ্য য’ত মহিলাৰ শিক্ষা প্ৰথমবাৰৰ বাবে প্ৰাপ্ত হয়।

১৯৫০ চনত বাহৰেইনৰ মহিলাসকলে কায়ৰো, ইজিপ্ত, বেইৰুট, লেবাননত অধ্যয়ন কৰি বাহৰেইনত শিক্ষক আৰু বিদ্যালয়ৰ অধ্যক্ষ হৈছিল। ১৯৫৯ চনত স্বাস্থ্য বিজ্ঞান মহাবিদ্যালয় মুকলি হোৱাৰ লগে লগে বাহৰেইনৰ প্ৰথমখন চিকিৎসালয়ভিত্তিক নাৰ্চিং স্কুলে বাহৰেইনৰ মহিলাসকলক নাৰ্ছ হিচাপে কাম কৰাৰ সুযোগ প্ৰদান কৰে। জৰ্ডান, বেইৰুট আৰু ইজিপ্তত মহিলাসকলে চিকিৎসা বিজ্ঞান আৰু আনুষংগিক ক্ষেত্ৰসমূহত অধ্যয়ন কৰিবলৈ সক্ষম হয়। যিসকল মহিলাই তেনে কৰিছিল তেওঁলোকে বিভাগীয় মুৰব্বী, কলেজ আৰু বিশ্ববিদ্যালয়ৰ ডীন আৰু অধ্যাপক হিচাপে অধ্যাপনা কৰিবলৈ সক্ষম হৈছিল।[5]

ঘৰুৱা হিংসা সম্পাদনা কৰক

বাহৰেইনত ঘৰুৱা হিংসাৰ পৰা মহিলাক সুৰক্ষা প্ৰদানৰ বাবে কোনো আইন নাই৷[6]ref name=bahrainrights>The Legal Status of Women in Bahrain Archived 2020-01-28 at the Wayback Machine</ref>

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Women in Bahrain". Archived from the original on 26 May 2011. https://web.archive.org/web/20110526070314/http://www.kwintessential.co.uk/resources/global-etiquette/bahrain-country-profile.html। আহৰণ কৰা হৈছে: 29 May 2011. 
  2. "Bahrain celebrates Women’s Day". www.tradearabia.com. Archived from the original on 18 February 2020. https://web.archive.org/web/20200218015221/http://www.tradearabia.com/news/MISC_247479.html. 
  3. 3.0 3.1 3.2 McCarthy, Julanne. "Bahrain (Al-Bahrayn)". Archived from the original on 24 May 2011. https://web.archive.org/web/20110524193133/http://www2.hu-berlin.de/sexology/IES/bahrain.html। আহৰণ কৰা হৈছে: 29 May 2011. 
  4. "Workshop: Nasaej (Traditional Embroidery), Workshop Owner: Bahrain Young Ladies Association". Archived from the original on 15 June 2011. https://web.archive.org/web/20110615011454/http://www.moic.gov.bh/MoIC/En/Industry/IndustrialDevelopment/SmallIndustriesCraftsDirectorate/Workshops/। আহৰণ কৰা হৈছে: 29 May 2011. 
  5. "About RUW". http://www.ruw.edu.bh/। আহৰণ কৰা হৈছে: 29 May 2011. 
  6. General Travelling Issues in Bahrain for Women