বাৰবাসী আই

নাৰায়ণ দাস ঠাকুৰ আতাৰ পত্নী

বাৰবাসী আই (ইংৰাজী: Barabasi Aai) শংকৰদেৱৰ শিষ্য নাৰায়ণ দাস ঠাকুৰ আতাৰ পত্নী আছিল৷ তেওঁ নিজেও শংকৰদেৱত শৰণ লৈ আইসকলৰ মাজত ধৰ্ম প্ৰচাৰত আগভাগ লৈছিল৷ বাৰটি সজ গুণৰ অধিকাৰী আছিল বাবে তেওঁৰ নাম বাৰবাসী থোৱা হৈছিল৷[1]

শংকৰদেৱত শৰণ লোৱাৰ আগতে ভবানন্দ এগৰাকী ব্যৱসায়ী আছিল৷ নানা ধৰণৰ ব্যৱসায় কৰি কৰি ডিঙ্গানগৰত বাস কৰাৰ সময়ত তেওঁ পাণৰ ব্যৱসায় কৰিছিল৷ সেইসময়ত তেওঁৰ সজ আচৰণ আৰু ব্যৱসায়ৰ শ্ৰীবৃদ্ধি দেখি দীঘল কায়থ নামৰ এজন লোকে তেওঁৰ ৰূপৱতী কন্যা বাৰবাসীক তেওঁলৈ বিয়া দিয়ে৷ বিয়াৰ পিছত তেওঁলোক হালধীয়া গ্ৰামত বসবাস কৰিবলৈ লয়৷[1]ভবানন্দ ডিঙ্গানগৰত যিঘৰ মানুহৰ বাৰীত ঘৰ সাজি বাস কৰি আছিল সেইঘৰৰে দুহিতা বাৰবাসী৷ তেওঁ ভবানন্দৰ ঘৰ-বাৰী পৰিস্কাৰ কৰা আদি কাম কৰি দি ভবানন্দক ভাল পাই মাকৰ আগত তেওঁলৈ বিয়া হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল৷

মহা গহীন গম্ভীৰ ধীৰ সান্ত দিব্য সুন্দৰী সৰ্ব্ব সুলক্ষণী : তেৱে আতাৰ পৰিচৰ্যা সেৱাখানি কৰিচিল আগতে : সৰা মচা খৰি পানি .......... এদিন মাকত কলে বোলে পিতাত কবা আমাক আৰাতে বিয়া দি থব৷’’[2]

এই ভবানন্দ পিছলৈ নাৰায়ণ দাস ঠাকুৰ আতা নামে জনাজাত হৈছিল৷

বাৰবাসী আই অতি উদাৰমনা নাৰী আছিল৷ নাৰায়ণ দাস ঠাকুৰ আতাই তেওঁৰ সন্মতিতহে বাৰবাসীক শংকৰদেৱৰ ওচৰত শৰণ দিয়াইছিল৷ তাৰ পিছৰ পৰাই স্বামী-স্ত্ৰী দুয়ো ভকতৰ সেৱাতে তেওঁলোকৰ সকলো ধন-সম্পদ ব্যয় কৰিছিল৷ মধাই নামৰ ভিক্ষু এজনক ভিক্ষাবৃত্তি এৰি তেওঁ শংকৰদেৱৰ ধৰ্মত মন সঁপি দিবলৈ উপদেশ দি তেওঁৰ যাৱতীয় খৰচ নিজে বহন কৰিছিল৷ ঠাকুৰ আতাই পত্নীক সোণৰ আঙুঠি গঢ়াই দিয়াত আপত্তি কৰি সেই ধন দৰিদ্ৰ ভকতসকলৰ বাবে ব্যয় কৰিবলৈ দিছিল৷ সংসাৰী হয়ো দুয়ো উদাসীন আছিল৷[3]

শংকৰদেৱ পাটবাউসীত থাকোঁতে নৰনাৰায়ণ ৰজাই কেইজনমান ব্ৰাহ্মণৰ মিছা অভিযোগত তেওঁক ধৰিবলৈ গৰমলি পঠিয়ায়৷ খবৰ পাই তেও শএই ঠাইৰ পৰা আঁতৰি যোৱাত গৰমলিয়ে নাৰায়ণ দাস ঠাকুৰ আতা আৰু গোকুল চান্দ আতৈ ধৰি নিয়ে৷ স্বামীৰ অনুগামিনী হৈ বাৰবাসীও তেওঁলোকৰ পিছে পিছে যায়৷ ৰজাৰ দূতে ঠাকুৰ আতা আৰু গোকুল চান্দক ধৰি পোতাশালত থয়৷ কিন্তু দয়াপৰবশ হৈ হৰিগতি নামৰ গৰমলিজনে বাৰবাসীক নিজৰ ঘৰতে আশ্ৰয় দি ৰাখে৷ অন্তঃসত্বা আই তাতেই থাকি স্বামীৰ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰি দিন নিয়ায়৷ কিছুদিন পিছত গৰমলিৰ ঘৰতে বাৰবাসীৰ এটা পুত্ৰসন্তান জন্ম হয়৷ পিছত ৰজাই তেওঁলোকক মুক্তি দিয়াত বাৰবাসীয়ে সন্তানসহ স্বামীক দেখা কৰি শংকৰ গুৰুৰ কাষলৈ আহে আৰু শংকৰদেৱে সন্তানটোৰ নাম পৰমানন্দ ৰাখে৷[1][2] পৰমানন্দৰ পিছত তেওঁলোকৰ কেইবাটিও সন্তান জন্ম হৈছিল৷ গুৰু চৰিতত আছে, সাংসাৰিক দিশৰ প্ৰতি সম্পূৰ্ণ উদাৰ দুয়ো স্বামী-স্ত্ৰীয়ে তেওঁলোকৰ কিমান সন্তান আছে তাৰে হিচাপ নাজানিছিল৷ এবাৰ শংকৰদেৱে ঠাকুৰ আতাক সোধাত পত্নীক সুধি ক’ম বুলিছিল যদিও বাৰবাসীয়েও সদুত্তৰ দিব নোৱাৰিছিল৷ ধৰ্ম আৰু কৰ্মত সমানে নিমজ্জিত আছিল তেওঁলোকৰ মন৷ বৃন্দাবনী বস্ত্ৰ বোৱাৰ সময়ত ঠাকুৰ আতাই গুৰু দায়িত্ব পালন কৰাৰ সময়ত বাৰবাসীয়েও স্বামীক নানা ধৰণে সহায় কৰিছিল তেওঁ নিজেও নিপুণ শিপিনী আছিল৷ ঘোষা-পদ তেওঁৰ মুখস্থ আছিল৷ আইসকলক তেওঁ নেতৃত্ব দি আগুৱাই নিছিল৷[1] স্বামী ঠাকুৰ আতাৰ মৃত্যুৰ পিছত বাৰবাসী আইৰ বিষয়ে চৰিত পুথিসমূহত উল্লেখনীয় কথা পোৱা নাযায়৷

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 দাস, অৰ্জুন চন্দ্ৰ (২০০৬). মহাপুৰুষীয়া ধৰ্মৰ নৱৰত্ন. লেখক আৰু প্ৰকাশন সমিতি, বৰপেটা. পৃষ্ঠা. ৪৯. 
  2. 2.0 2.1 নেওগ, মহেশ্বৰ(সম্পা:) (১৯৯৯). গুৰু চৰিত কথা. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৭১-৭২. 
  3. বৰা, ৰেণু (ডিচেম্বৰ ২০১৬). "বাৰবাসী আই". মৌচাক.