বাৰ্টলী পি. গ্ৰিফিথ

বাৰ্টলী পি গ্ৰিফি তেঁ‌ও এজন খ্যাতিসম্পন্ন আমেৰিকান হৃদশল্য চিকিৎসক। তেওঁ ১৯৫৬ চনত পিটছবাৰ্গত

বাৰ্টলী পি গ্ৰিফিথ(ইংৰাজী: Bartley P. Griffith, ১৯৫৬-) এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন আমেৰিকান হৃদশল্য চিকিৎসক।[1][2] তেওঁ ১৯৫৬ চনত পিটছবাৰ্গত জন্মগ্ৰহণ কৰে। ২০২২ চনৰ ৭ জানুৱাৰীত তেওঁ এজন ব্যক্তিৰ শৰীৰত আনুবংশিকভাৱে পৰিৱৰ্তিত গাহৰিৰ হৃদযন্ত্ৰৰ প্ৰথম সফল সংৰোপণ কৰিছিল। এই ৰোগী গৰাকী আছিল ৫৭ বছৰীয়া ডেভিদ বেনেট। হৃদযন্ত্ৰ সংৰোপণৰ এই প্ৰক্ৰিয়াটো মেৰিলেণ্ড চিকিৎসা কেন্দ্ৰ বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল।[3]

অধ্যাপক
বাৰ্টলী পি গ্ৰিফিথ
ৰাষ্ট্ৰীয়তা আমেৰিকান
শিক্ষা জেফাৰ্চন মেডিকেল কলেজ, থমাছ জেফাৰ্চন ইউনিভাৰ্চিটি (ডক্তৰ অফ মেডিচিন) (১৯৭৪)
জনা যায় অনুবংশিক গাহৰিৰ হৃদযন্ত্ৰ মানৱ দেহত সফলতাৰে সংস্থাপন কৰা প্ৰথমগৰাকী চিকিৎসক
'চিকিৎসা জীৱন'
জীৱিকা শল্য চিকিৎসক
ক্ষেত্ৰ হৃদযন্ত্ৰীয় অস্ত্ৰোপচাৰৰ অধ্যাপক
শিক্ষানুষ্ঠান উনিভাৰ্চিটি অফ মেৰিলেণ্ড মেডিকেল চেণ্টাৰ
ইউনিভাৰ্চিটি অফ পিটছবাৰ্গ স্কুল অফ মেডিচিন
উপ-দক্ষতা হৃদযন্ত্ৰ সম্বন্ধীয় অস্ত্ৰোপচাৰ
হৃদযন্ত্ৰ সংৰোপণ
হাঁওফাঁও সংৰোপণ
বাৰ্টলী পি গ্ৰিফিথে ২০২২ চনৰ ৭ জানুৱাৰীত হৃদযন্ত্ৰ সংৰোপণ কৰে।

১৯৯৭ চনত গাহৰিৰ হৃদযন্ত্ৰৰ প্ৰথম সংৰোপণ এগৰাকী ভাৰতীয় শল্য চিকিৎসক ধনীৰাম বৰুৱাৰ দ্বাৰা কৰা হৈছিল।[4] এটা সাধাৰণ গাহৰিৰ হৃদযন্ত্ৰ সংৰোপণ কৰা ৩২ বছৰীয়া পূৰ্ণ শইকীয়া নামৰ ৰোগীজনৰ এসপ্তাহৰ পিছত মৃত্যু হয়।

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক