অসমীয়া উপন্যাসৰ আৰম্ভণিৰ পৰা ১৯৫০ চনলৈ এক সংক্ষিপ্ত তালিকা-

বাস্তৱ জীৱনৰ কলা সন্মত প্ৰকাশ উপন্যাস, আধুনিক সাহিত্যৰ এক অন্যতম জনপ্ৰিয় ভাগ। স্পেইনৰ মিগুৱেল্ ডি চাৰভেন্টিজৰ “ডন্ কুইকছট” (Don Quixote) ৰে পাশ্চাত্য সাহিত্যত আৰম্ভ হোৱা উপন্যাসৰ পাতনিয়ে ইংৰাজী সাহিত্যত প্ৰৱেশ কৰে ডেনিয়েল ডিফোৰ “ৰবিনছন ক্ৰুছো” (Robinson Crusoe) ৰ জৰিয়তে। অসমীয়া সাহিত্যত উপন্যাসৰ উকমুকনিলৈ আমি বাট চাব লগা হয় ১৮৪৮ চনলৈ। অসমীয়া সাহিত্যত ইয়াৰ আৰম্ভণি হয় অৰুণোদইৰ পাতত প্ৰকাশিত জন বুনিয়নৰ “পিলগ্ৰিমছ প্ৰগ্ৰেছ” (Pilgrim’s Progress) ৰ নাথান ব্ৰাউনে কৰা অসমীয়া অনুবাদ “জাত্ৰিকৰ জাত্ৰা” (যাত্ৰিকৰ যাত্ৰা) ৰ জৰিয়তেহে। তাৰ পৰৱৰ্তী ১৯৫০ চনলৈকে প্ৰকাশিত অসমীয়া উপন্যাসৰ এখন সংক্ষিপ্ত তালিকা তলত দিয়া হল –

১. জাত্ৰিকৰ জাত্ৰা (যাত্ৰিকৰ যাত্ৰা) (১৮৪৮-১৮৫৭) ২. বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী – হেমচন্দ্ৰ বৰুৱা(১৮৭৬) ৩. ফুলমণি আৰু কৰুণা – শ্ৰীমতী গাৰ্ণি(১৮৭৭) ৪. এলোকেশী বেশ্যাৰ কাহিনী – এ. কে গাৰ্ণি (১৮৭৭) ৫. কামিনীকান্ত – এ.কে. গাৰ্ণি (১৮৭৭) ৬. কানি বেহেৰুৱাৰ বিষয় – এ.কে. গাৰ্ণী (১৮৭৮) ৭. ৰুথ আৰু জোছেফৰ বিৱৰণ – এ.কে গাৰ্ণি (১৮৮০) ৮. সুধৰ্মাৰ উপাখ্যান – পদ্মাৱতী দেৱী ফুকননী (১৮৮৪) ৯. প্ৰমীলা – কৰুণাভিৰাম বৰুৱা (১৮৮৫, আসাম বন্ধু) ১০. ভানুমতী – পদ্মনাথ গোহাঞিবৰুৱা (১৮৯১) ১১. পদুম কুৱৰী –লক্ষ্মীনাথ বেজবৰুৱা (১৮৯১) ১২. লাহৰী -পদ্মনাথ গোহাঞিবৰুৱা (১৮৯২) ১৩. মেম – নীলকন্ঠ বৰুৱা (১৮৯২) ১৪. মিৰি জীয়ৰী – ৰজনীকান্ত বৰদলৈ (১৮৯৪) ১৫. হৰিদেউ কানীয়াৰ কথা – মহীৰাম দাস (১৮৯৮) ১৬. কুসুম কুমাৰী – হৰেশ্বৰ শৰ্মাবৰুৱা (১৮৯৮)

১৯০১ মনোমতী (১৯০১)

১৯০৫ কুসুম কুমাৰী – হৰেশ্বৰ শৰ্মা (১৯০৫)

১৯০৮ চন্দ্ৰপ্ৰভা – নবীনচন্দ্ৰ ভট্টাচাৰ্য ফুল – দণ্ডিনাথ কলিতা

১৯১৪ মালিতা - হিতেশ্বৰ বৰবৰুৱা

১৯২১ সংসাৰ-চিত্ৰ – চিন্তাহৰণ পাটগিৰি

১৯২২ চপলা – দণ্ডীধৰ সোণোৱাল ধুঁৱলী-কুঁৱলী – দৈৱচন্দ্ৰ তালুকদাৰ

১৯২৩ যুগলমূৰ্তি – দণ্ডীধৰ সোণোৱাল

১৯২৪ লীলা – পণ্ডিত ভৱদেব ভাগৱতী আগ্নেয়গিৰি – দৈৱচন্দ্ৰ তালুকদাৰ

১৯২৫ নিৰ্মল ভকত – ৰজনীকান্ত বৰদলৈ

১৯২৬ তাম্ৰেশ্বৰী মন্দিৰ - ৰজনীকান্ত বৰদলৈ বীণা –স্নেহলতা বৰুৱা

১৯২৮ দন্দুৱা দ্ৰোহ - ৰজনীকান্ত বৰদলৈ সাধনা – দণ্ডিনাথ কলিতা

১৯৩০ ৰহদৈ লিগিৰী - ৰজনীকান্ত বৰদলৈ

১৯৩১ চিত্ৰদৰ্শন – হৰিনাৰায়ণ দত্তবৰুৱা অপূৰ্ণ - দৈৱচন্দ্ৰ তালুকদাৰ (১৯৩১-১৯৩২)

১৯৩২ খাম্বা থুইৰী - ৰজনীকান্ত বৰদলৈ

১৯৩৪ বেমেজালি- স্নেহলতা বৰুৱা

১৯৩৭ পিতৃভিঠা – চন্দ্ৰপ্ৰভা শইকীয়ানী

১৯৩৮ চিন্তা – বিষ্ণুকিংকৰ কলিতা (পত্ৰোপন্যাস)

১৯৪১ ল.সা.গু. – চৈয়দ আব্দুল মালিক

১৯৪২ অপূৰ্ণ – দৈৱচন্দ্ৰ তালুকদাৰ

১৯৪৪ জীৱনৰ বাটত – বীণা বৰুৱা

১৯৪৫ অসীমত যাৰ হেৰাল সীমা – কাঞ্চন বৰুৱা

১৯৪৭ হত্যাকাৰী কোন ? – দণ্ডিনাথ কলিতা

১৯৪৮ গণবিপ্লৱ - দণ্ডিনাথ কলিতা বিদ্ৰোহী – দৈৱচন্দ্ৰ তালুকদাৰ প্ৰীতি-উপহাৰ – মহম্মদ পিয়াৰ সংগ্ৰাম - ঐ শেষ ক’ত – প্ৰফুল্ল দত্ত গোস্বামী

১৯৪৯ শেষ পথ – গোবিন্দ মহন্ত অদৃষ্ট - দণ্ডিনাথ কলিতা

১৯৫০ পৰিচয় - দণ্ডিনাথ কলিতা ৰথৰ চকৰি ঘূৰে – চৈয়দ আব্দুল মালিক

"অসমীয়া উপন্যাস" পৃষ্ঠালৈ উভতি যাওক।