আগৰ তথ্য সম্পাদনা কৰক

আগতে ৱিকিত "কুঁহিয়াৰ শাল" নামৰ এটা প্রবন্ধ আছিল। সেইটো সালসলনি কৰি মই প্ৰবন্ধটো "অসমৰ কুঁহিয়াৰ শাল" বুলি কৰিলোঁ। তাতে অলপ তথ্য মই কমেন্ট আউট কৰি থৈছিলোঁ (এতিয়াও আছে, "সম্পাদনা"-ত ক্লিক কৰিলে পাব)- কিবা কামত আহিলে এই প্ৰবন্ধত কামত লগাব পাৰে

প্রভাকৰ শৰ্মা নেওগ (talk) 16:21, 24 নৱেম্বৰ 2013 (UTC)


মই এই তথ্যখিনি "কুঁহিয়াৰ" প্ৰবন্ধটোত ভৰাই দিছো৷ Rumi Borah (talk) 14:58, 25 নৱেম্বৰ 2013 (UTC)
ধন্যবাদ। আপুনি বৰ ভাল কাম কৰি আছে। প্রভাকৰ শৰ্মা নেওগ (talk) 05:00, 26 নৱেম্বৰ 2013 (UTC)

কুঁহিয়াৰ এবিধ বছৰেকীয়া খেতি। ই অতিশয় ৰসাল আৰু মিঠা স্বাদযুক্ত। চ’ত, ব’হাগ মাহত ইয়াক ৰোৱা হয় আৰু পুহৰ পৰা চ’ত মাহৰ ভিতৰত পেৰা হয়। এই খেতিৰ বাবে মানুহ অধিক লাগে। বিভিন্ন জাতৰ কুঁহিয়াৰ বোৰ হ’ল – আঁকি, পুৰা, পিয়াজী, মক, ইকৰা পুৰা (উজনি অসমত প্ৰচলিত শব্দ), জাভা, বোম্বাই, পাখৰি ইত্যাদি।

পূজা-পাতল, ঔষধ, চেনী আৰু গুড় প্ৰস্তুতকৰণত

কুঁহিয়াৰ শালৰ বৰ্ণনা সম্পাদনা কৰক

কুঁহিয়াৰ শালকুঁহিয়াৰ পেৰা হয়। শালখনত তিনিটা লোহাৰ ভীম থাকে। ডাঙৰটো হ’ল মতা ভীম। ইয়াৰ মাজৰ লোহাডাল ওপৰলৈ ওলোৱা। তাত মুণ্ডা বহুৱাই এডাল কাতৰি ভৰোৱা হয়। গৰু যুঁৱলীৰে সৈতে যুতি এডাল মেটকাৰে কাতৰিডাল ঘূৰোৱা হয়। মতা ভীমটো ঘূৰোৱাৰ লগে লগে তাৰ গাত সংলগ্ন মাইকী আৰু পোৱালী ভীম দুটাও ঘূৰে। পোৱালী ভীমৰ গাত সিৰ থাকে। এইবোৰে কুঁহিয়াৰ ফালে। কুঁহিয়াৰ পোৱালী আৰু আৰু মাইকী ভীমৰ মাজেদি গৈ মতা আৰু মাইকী ভীমৰ মাজত চেপা খাই বিপৰীত দিশেৰে ডাবৰি হৈ ওলাই যায়। ৰসখিনি তলৰ ৰহতা নাম লোহাৰ পাট এচলাতে পৰি নিগৰি গৈ আন পাত্ৰত পৰেগৈ। ওচৰতে প্ৰকাণ্ড জালিগাঁতত তেৱা (ফেলাই) পাতি তাত ৰস বা ৰহ অৰ্থাৎ কেঁচা ৰহবোৰ পগোৱা হয়। ক্ৰমান্বয়ে ৰসবোৰ ডাঠ হৈ আহে। এক নিৰ্দিষ্ট পদ্ধতিৰ মাজেৰে পাগ লৈ লৈ নিৰ্দিষ্ট সময়ত তেৱা জালিগাঁতৰ পৰা নমোৱা হয়। কেইবাজনো বাঢ়ৈ থাকিলে ভিন্নজনৰ ভিন্ন মতত কাম কৰিলে নিৰ্দিষ্ট সময়ত তেৱা নমোৱা নহয়। ফলত গুৰ ধমনা হয়।

কুঁহিয়াৰ শালত ব্যৱহৃত শব্দ সম্পাদনা কৰক

কৰণি, কাতৰি, কেঁচা ৰহ, খৰ মিঠাই, গেদেৰি (গুড় পাগোতে পোনতে পেলোৱা গেদ অংশ), চালনী, জাকি, জাবৰি (ৰসহীন, কুঁহিয়াৰ গছৰ খণ্ড), জুলীয়া গুড়, জেলুকা গুড়, ঢিমা মিঠাই, থালী, নিচিলা (জাবৰি ৰসত বান্ধি দি কৰা মিঠাই), ফুট (জেলেকা ফুট, পকা ফুট, ৰোৱা ফুট), ভীম মূৰী (মূৰীয়াল), ৰহীপাট, সেওট আদি।


"কুঁহিয়াৰ" পৃষ্ঠালৈ উভতি যাওক।