বাৰ্তা:জুৰী বৰা বৰগোহাঞি

মই ইয়াত এটা উদ্ধৃতি দিছিলো। উদ্ধৃতিটো আছিল দৈনিক অসমত প্ৰকাশিত এটা প্ৰৱন্ধ "প্ৰতিভাসম্পন্না লেখিকা জুৰী বৰা বৰগোহাঞি, লেখক কুশল হালৈ, আৰু প্ৰকাশ হৈছিল দৈনিক অসম কাকতৰ দেওবৰীয়া চ'ৰাত, ৮ এ'প্ৰিল ২০১২। পিছত কোনোবাই মোহাৰি দিলে। কাৰণটো জানিব বিছাৰিছোঁ, মোৰ তথ্যসূত্ৰ দিয়াত কিবা ভুল হ'ল নেকি??

এই উদ্ধৃতিটো কেতিয়া দিছিল আপুনি? মই ইতিহাসত কেবাটাও সংশোধনী বিচাৰি চালোঁ, কিন্তু ক'তো 'দৈনিক অসম'ৰ পৰা দিয়া প্ৰসংগ-সংগতি বিচাৰি নাপালোঁ। যিটো তাৰিখত দিছিল, তাৰ ওপৰৰ সংশোধনীৰ লগত মিলাই চাওকচোন, তেতিয়াহে কোনে কি কাৰণত গুচাইছিল ওলাব। অৱশ্যে কোনোবাই অজানিতেও কৰিব পাৰে। সম্পাদনাৰ দন্দৰ বাবেও কেতিয়াবা এনে খেলিমেলি হয়। সাধাৰণতে জানি-বুজি কিবা এটা মচিলে, সেইটো উল্লেখ কৰি থোৱা হয়। অৱশ্যে কেতিয়াবা কোনোবাজনে পাহৰি যাব পাৰে।উদ্দীপতালুকদাৰ (talk) 09:48, 20 নৱেম্বৰ 2012 (UTC)
"জুৰী বৰা বৰগোহাঞি" পৃষ্ঠালৈ উভতি যাওক।