বাৰ্তা:নেঘেৰিটিং শিৱদৌল


নেঘেৰিটিংৰ শিৱদৌল নামে থকা আন এটা প্ৰবন্ধ থকা তথ্য স্বৰ্গেদউ ৰাজেশ্বৰ সিংহই দেৰগাঁৱৰ নেঘেৰিটিং নামৰ এটা টিলাত প্ৰতিষ্ঠা কৰিছিল এটা শিৱদৌল। পোনপ্ৰথমে গেলাবিল নদীৰ পাৰত প্ৰতিষ্ঠা কৰা এই দৌলেটো নদীৰ খহনীয়াত জাহ যোৱাৰ ফলত পৰৱৰ্তী সময়ত নেঘেৰি টিলালৈ স্থানান্তৰ কৰা হয় দৌলটো। সুউচ্চ টিলাটোত নেঘেৰি নামৰ এবিধ চৰাইৰ বসতিস্থল আছিল বাবে এই টিলাটো পৰৱৰ্তী সময়ত নেঘেৰিটিলা বা নেঘেৰি টিং হিচাপে পৰিচিত হয়। গোলাঘাট জিলাৰ দেৰগাঁও নগৰৰ পৰা নাতি দূৰৈত অৱিস্থত এই নেঘেৰিটিং শিৱদৌল। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় আধা কিলোমিটাৰ সোমাই গলেই পোৱা যায় এই নেঘেৰিটিং শিৱদৌল। ১৬৮৭ খ্ৰীষ্টাব্দত স্বৰ্গেদউ ৰাজেশ্বৰ সিংহই এই দৌল প্ৰতিষ্ঠা কৰিছিল। আহোম ৰাজত্ব কালত ঘনশ্যাম খনিকৰে নিৰ্মাণ কৰিছিল এই দৌলটো। এই দৌলত থকা শিৱলিংগটো বাণ লিংগ বুলি বুৰঞ্জীত উল্লেখ আছে। গুৰুত্বপূৰ্ণ বিষয় যে, এই শিৱদৌলতে সংলগ্ন আছে বিষ্ণু, গণেশ, সূৰ্য আৰু দুৰ্গা মন্দিৰ। স্বৰ্গেদউ ৰাজেশ্বৰ সিংহই দৌল প্ৰতিষ্ঠা কৰি ভূধৰ আগমাচাৰ্য নামৰ এগৰাকী পুৰোহিতক মাটি-বাৰীসহ বহুৱাই পূজা-সেৱাৰ দায়িত্ব অৰ্পণ কৰিছিল।

"নেঘেৰিটিং শিৱদৌল" পৃষ্ঠালৈ উভতি যাওক।