বাৰ্তা:প্ৰথম বিশ্বযুদ্ধ

Latest comment: 3 বছৰৰ পূৰ্বে by Kuldha Rabha in topic World War I

World War I

সম্পাদনা কৰক

প্ৰথম বিশ্বযুদ্ধ ১৯১৪ চনৰ পৰা ১৯১৯ চনলৈ চলিছিল । এই বিশ্বযুদ্ধখন কেৱল এটা কাৰণত বা একেদিনাই সংঘটিত হোৱা নাছিল ।ঊনৈশ শতিকাৰ পৰা ইউৰোপত বিৰাজ কৰা ৰাজনৈতিক পৰিস্থিতিৰ পৰিণতিতে এই বিশ্বযুদ্ধ সংঘটিত হৈছিল । ইউৰোপৰ শক্তিশালী দেশ সমূহ নিজৰ শ্ৰেষ্ঠত্ব প্ৰমানৰ প্ৰতিযোগিতাত নামি পৰিছিল । জাৰ্মানী, অষ্ট্ৰিয়া, হাংগেৰী আৰু ইটালীয়ে একত্ৰিত হৈ ত্ৰিৰাষ্ট্ৰীয় মৈত্ৰী চুক্তিত স্বাক্ষৰ কৰিছিল । ইয়াৰ বিপৰীতে ইংলেণ্ড, ফ্ৰান্স আৰু ৰাছিয়াৰ ত্ৰিৰাষ্ট্ৰীয় সৌহাৰ্দ্য চুক্তিৰ দ্বাৰা একত্ৰিত হৈছিল । এইদৰে ত্ৰিৰাষ্ট্ৰীয় মৈত্ৰী আৰু ত্ৰিৰাষ্ট্ৰীয় সৌহাৰ্দ্য চুক্তিৰ দ্বাৰা ইউৰোপৰ দেশ সমূহ দুটা শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল । প্ৰথম বিশ্বযুদ্ধৰ কাৰণ সমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি-

১) উগ্ৰ জাতীয়্তাবাদঃ- জাতীয়্তাবাদৰ বিকাশ প্ৰথম বিশ্বযুদ্ধৰ এক অন্যতম কাৰণ আছিল । ফৰাছী বিপ্লৱৰ প্ৰভাৱত ঊনৈশ শতিকাত ইউৰোপত জাতীয়তাবাদৰ বিকাশ ঘটিছিল । ইটালী আৰু জাৰ্মানীৰ একত্ৰীকৰণৰ সময়ত জাতীয়তাবাদী ভাৱধাৰাৰ বিকাশে যথেষ্ট প্ৰভাৱ পেলাইছিল । ই বিভিন্ন জাতিসমূহৰ জাতীয় গৌৰৱ জগাই তোলাৰ লগতে প্ৰতিখন দেশে নিজক আনতকৈ শ্ৰেষ্ঠ বুলি ভৱাত অনুপ্ৰাণিত কৰিছিল । এনে জাতীয়তাবাদী মনোভাৱ ইমান বৃদ্ধি পাইছিল যে প্ৰতিখন দেশে নিজক লৈ  দন্ভালিপূৰ্ণ ঘোষণা কৰিছিল । প্ৰতিৱেশী দেশসমূহৰ এনে মনোভাৱৰ ফলত ইউৰোপত জাতীয়্তাবাদে উগ্ৰ ৰূপ ধাৰণ কৰিছিল । উগ্ৰ জাতীয়্তাবাদে দেশসমূহৰ মাজত প্ৰতিযোগিতা সৃষ্টি কৰিছিল । ইংলেণ্ড আৰু জাৰ্মানীৰ মাজৰ নৌ বাহিনীৰ প্ৰতিযোগিতাই তীব্ৰ ৰূপ ধাৰণ কৰিছিল । উগ্ৰ জাতীয়্তাবাদৰ ফলতেই এছিয়া, আফ্ৰিকা আৰু বলকান অঞ্চলত থকা ঔপনিবেশিক শক্তি সমূহৰ মাজত কাজিয়াৰ সুত্ৰপাত হৈছিল । জাতীয়তাবাদী ভাৱধাৰাৰ বিকাশৰ ফলতে বলকান জাতিসমূহে একত্ৰিত হৈ বলকান অঞ্চলত তেঁওলোকৰ আধিপত্য বিস্তাৰৰ সবিধা বিছাৰিছিল । এনেদৰেই উগ্ৰ জাতীয়তাবাদী ভাৱধাৰাই ইউৰোপৰ দেশসমূহক উত্তেজিত কৰি তুলিছিল ।

২) গোপন চুক্তিঃ-প্ৰথম বিশ্বযুদ্ধৰ আন এক উল্লেখযোগ্য কাৰণ হৈছে ইউৰোপৰ বিভিন্ন দেশসমূহৰ মাজত স্বাক্ষৰিত হোৱা গোপন চুক্তি সমূহ । প্ৰথম অৱস্থাত এই চুক্তি সমূহ প্ৰতিৰক্ষামূলক আৰু শান্তি ৰক্ষাৰ বাবে কৰা হৈছিল । ১৮৭৯ চনত জাৰ্মানীয়ে অষ্ট্ৰিয়া-হাংগেৰীৰ লগত দ্বি-ৰাষ্ট্ৰীয় মৈত্ৰী চুক্তিত স্বাক্ষৰ কৰিছিল যদিও ১৮৮২ চনত ইটালীয়ে ইয়াত যোগ দিয়াত ই ত্ৰিৰাষ্ট্ৰীয় মৈত্ৰী চুক্তিত ৰূপান্তৰিত হৈছিল । আনহাতে ৰাছিয়া, ফ্ৰান্স আৰু ইংলেণ্ড একত্ৰিত হৈ ত্ৰিৰাষ্ট্ৰীয় সৌহাৰ্দ নামৰ চুক্তি স্বাক্ষৰিত কৰিছিল । এনেদৰে ইউৰোপৰ দেশ সমূহ দুটা শক্তি গোটত বিভক্ত হৈছিল যি প্ৰথম বিশ্বযুদ্ধ আসন্ন কৰি তুলিছিল ।

৩) অৰ্থনৈতিক কাৰণঃ- প্ৰথম বিশ্বযুদ্ধৰ আন এক প্ৰধান কাৰণ আছিল ইউৰোপীয় দেশসমূহৰ মাজত হোৱা অৰ্থনৈতিক প্ৰতিদ্ব্ন্দিতা । বিশেষকৈ নতুন বৈদেশিক বজাৰ, কেঁচামালৰ উৎস, পুঁজিবিনিয়োগ ক্ষেত্ৰ আৰু উপনিৱেশ স্থাপন আদি বিষয়ক কেন্দ্ৰ কৰি এনে প্ৰতিদ্বন্দ্বিতা আৰম্ভ হৈছিল । এনে প্ৰতিযোগিতাত জাৰ্মানীৰ অগ্ৰগতি দেখি গ্ৰেট ব্ৰিটেইন শংকিত হৈ পৰিছিল । জাৰ্মানীৰ এনে উত্থান সহ্য কৰিব নোৱাৰি ব্ৰিটেইন জাৰ্মানীৰ প্ৰধান শত্ৰুৰূপে থিয় দিছিল । এনে অৰ্থনৈতিক প্ৰতিযোগিতাৰ ফলত দু্য়োখন দেশৰ মাজত স্ংঘৰ্ষৰ সৃষ্টি হৈছিল । পিছলৈ মিত্ৰ ৰাষ্ট্ৰসমূহেও পৰস্পৰ মিত্ৰ ৰাষ্ট্ৰসমূহক সমৰ্থন দিয়াৰ ফলত এনে স্ংঘৰ্ষই তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল ।

৪) সামৰিক শক্তিৰ উত্থানঃ-সামৰিক শক্তিৰ উত্থান প্ৰথম বিশ্বযুদ্ধৰ এক প্ৰধান কাৰণ আছিল । ইউৰোপৰ দেশ সমূহ দুটা ভাগত বিভক্ত হোৱাৰ পাছত দুয়োপক্ষৰে পৰস্পৰৰ প্ৰতি ভয়, সন্দেহ আৰু ঈৰ্ষা যথেষ্ট পৰমাণে বৃদ্ধি পাইছিল । এনে সন্দেহৰ ফলত প্ৰতিখন ৰাষ্ট্ৰই নিজৰ নিৰাপত্তাৰ কাৰণে সামৰিক শক্তি বৃদ্ধি কৰিছিল । এনে সামৰিক প্ৰতিযোগিতাই যুদ্ধৰ পৰিৱেশ ৰচনা কৰিছিল ।

৫) জাৰ্মানী আৰু ইংলেণ্ডৰ মাজৰ শত্ৰুতাঃ- সাম্ৰ্জ্যবাদ আৰু ঔপনিৱেশবাদক কেন্দ্ৰ কৰি জাৰ্মানী আৰু ইংলেণ্ডৰ মাজত তীব্ৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল । প্ৰথম অৱস্থাত ইংলেণ্ড ইৰোপৰ অন্যতম শক্তিশালী দেশ আছিল য্দিও পৰবৰ্তী কালত জাৰ্মানীৰ উত্থানে ইংলেণ্ডক শংকিত কৰি তুলিছিল । বিষেশকৈ জাৰ্মানীৰ নৌবাহিনীৰ উত্থানে ইংলেণ্ডক শংকিত কৰি তুলিছিল । জাৰ্মানীৰ নৌশক্তি বৃদ্ধি আৰু জাৰ্মানীৰ সম্ৰাটে জাৰ্মানী অতি শীঘ্ৰে কেৱল ইউৰোপৰ নহয় , সমগ্ৰ বিশ্বৰে শীৰ্ষস্থানৰ ৰাষ্ট্ৰ হ’ব বুলি ঘোষণা কৰাৰ পাছত জাৰ্মানী আৰু ব্ৰিটেইনৰ মাজৰ প্ৰতিদ্বন্দ্বিতাই যুদ্ধৰ পৰ্যায় পায় ।

৬) ফ্ৰান্সৰ প্ৰতিশোধ পৰায়ণ মনোভাৱঃ- ১৮৭০ চনৰ ফ্ৰেংক-প্ৰুছিয়ান যুদ্ধত জাৰ্মানীৰ হাতত ফ্ৰান্স পৰাজিত হৈ আলছাচ আৰু লৰেইন হেৰুৱাবলগীয়া হৈছিল । ফ্ৰান্সে এই ক্ষতি সহজভাৱে মানি লব পৰা নাছিল । জাৰ্মানীক অকলশৰীয়া কৰাৰ উদ্দেশ্যে ফ্ৰান্সে ইংলেণ্ডৰ লগত মিত্ৰতা স্থাপন কৰিছিল আৰু সুবিধা পালেই জাৰ্মানীৰ পৰা নিজৰ হেৰুৱা অঞ্চল উদ্ধাৰ কৰিবলৈ সুযোগৰ অপেক্ষা কৰি আছিল ।

৭) ইটালীৰ আকাংক্ষাঃ- ঊনৈশ শতিকাৰ অন্যান্য ইউৰোপীয় দেশসমূহৰ দৰে ইটালীয়ে নিজৰ আকাংক্ষা পূৰণ কৰিব বিছাৰিছিল । ইটালীৰ ভাষা-ভাষী লোকৰ বাসস্থান ট্ৰায়েষ্ট আৰু ট্ৰেন্টিন নামৰ অঞ্চল দুটা অষ্ট্ৰিয়া-হাংগেৰীৰ পৰা উদ্ধাৰ কৰিব বিছাৰিছিল । ইটালীয়ে এই আকাংক্ষা পূৰণৰ কাৰণে জাৰ্মানীৰ লগত মিত্ৰিতা স্থাপন কৰিছিল । এনে পৰিস্থিতিত অষ্ট্ৰিয়া আৰু ইটালীৰ মাজৰ সম্পৰ্কৰ অৱনতি হৈছিল ।

৮) আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অভাৱঃ-প্ৰথম বিশ্বযুদ্ধৰ আগলৈকে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ৰক্ষা কৰাৰ কাৰণে কোনো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান বা সংস্থা গঠিত হোৱা নাছিল । ইউৰোপৰ প্ৰতিখন ৰাষ্ট্ৰই সমূহীয়া সমূহিইয়া স্বাৰ্থৰ বিপৰীতে ব্যক্তিগত স্বাৰ্থ পূৰণৰ চেষ্টাত অধিক আগ্ৰহী আছিল । ১৮৯৯ আৰু ১৯০৭ চনত দুবাৰকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্ংস্থা খুলিবৰ কাৰণে দুখন সন্মিলনৰ আয়োজন কৰাঝৈছিল যদিও ই সফল হোৱা নাছিল । গতিকে কোনো ৰাষ্ট্ৰৰ ওপৰত কাৰো নিয়ন্ত্ৰন নথকাৰ কাৰণে বেমেজালিৰ সৃষ্টি হৈছিল ।

৯) তৎকালীন কাৰণঃ- অষ্ট্ৰিয়াৰ যুৱৰাজ আৰ্কডিউক ফ্ৰান্সিছ ফাৰ্ডিনাণ্ডক ১৯১৪ চনৰ ১৮ জুন তাৰিখে বচনীয়াৰ ৰাজধানী ছাৰাজেভ’ত ব্লেক হেণ্ড নামৰ এটা গোপন সংগঠনে হত্যা কৰিছিল । অষ্ট্ৰিয়াই এই ঘটনাৰ বাবে চাৰ্বিয়াৰ কেইজনমান উচ্ছপদস্থ বিষয়া জড়িত আছিল বুলি দাবী কৰিছিল । এই হত্যাকাণ্ডৰ প্ৰতিশোধ লবলৈ অষ্ট্ৰিয়াই জাৰ্মানীৰ সহায় বিচাৰে । অষ্ট্ৰিয়াই জাৰ্মান প্ৰশাসনৰ লগত আলোচনা কৰি চাৰ্বিয়ালৈ এক চৰম পত্ৰ প্ৰেৰণ কৰে কেইটামান দাবী উত্থাপন কৰে আৰু অতি শীঘ্ৰে দোষী ব্যক্তি সকলক অষ্ট্ৰিয়াৰ হাতত অৰ্পণ কৰিবলৈ কয় । চাৰ্বিয়াই কিছুমান দাবী মানি লৈছিল যদিও অপৰাধী সকলক হস্থান্তৰ কৰিবলৈ অপৰাগতা প্ৰকাশ কৰাত ক্ষুব্ধহৈ অষ্ট্ৰিয়াই চাৰ্বিয়াৰ বিৰুদ্ধে ১৯১৪ চনৰ ২৮ জুলাই তাৰিখে যুদ্ধ ঘোষণা কৰে । এনে পৰিস্থিতিত ৰাছিয়া চাৰ্বিয়াৰ সহায়ৰ কাৰণে আগুৱাই অহাত অষ্ট্ৰিয়াৰ সহায়ৰ বাবে জাৰ্মানী আগুৱাই আহে । এইদৰে ইখনৰ পিছত সিখন মিত্ৰৰাষ্ট্ৰ এই যুদ্ধত জড়িতহৈ পৰইছিল যি লাহে লাহে প্ৰথম বিশ্বযুদ্ধৰ ৰূপ লৈছিল ।

World War I-ৰ পৰা কপি পেষ্ট কৰি অনা হৈছে৷ -𝕂𝕦𝕝𝕕𝕙𝕒𝕣 ℝ𝕒𝕓𝕙𝕒𝕋𝕒𝕝𝕜- 16:13, 19 December 2021 (ইউ.টি.চি.)উত্তৰ দিয়ক

"প্ৰথম বিশ্বযুদ্ধ" পৃষ্ঠালৈ উভতি যাওক।