বাৰ্তা:বিভূতিভূষণ বন্দ্যোপাধ্যায়

বিভূতিভূষণ বন্দোপাধ্যায় (১২ই সেপ্টেম্বৰ ১৮৯৪-১ নভেম্বৰ,১৯৫০) আছিল এজন জনপ্ৰিয় ভাৰতীয় বঙালী কথাসাহিত্যিক। তেওঁ মূলত উপন্যাস আৰু অণুগল্প লিখি খ্যাতি অৰ্জন কৰিছিল। পথেৰ পাঁচালী আৰু অপৰাজিতা তেওঁৰ দুখন সবাতোকৈ জনপ্ৰিয় উপন্যাস। তেওঁৰ অন্যান্য উপন্যাসৰ ভিতৰত আৰণ্যক, আদৰ্শ হিন্দু হোটেল, ইছামতী আৰু অশনি সংকেত বিশেষ ভাবে উল্লেখযোগ্য। উপন্যাস লিখাৰ উপৰিও বিভূতিভূষণ বন্দোপাধ্যায় ২০টা গল্পগ্ৰন্থ , কেইটামান কিশোৰ পাঠ্য উপন্যাস, ভ্ৰমণ কাহিনী আৰু দিনলিপিও ৰচনা কৰে। বিভূতিভূষণ পথেৰ পাঁচালী উপন্যাস অবলম্বনে সত্যজিৎ ৰায় পৰিচালিত চলচিত্ৰ খন আন্তৰ্জাতিক খ্যাতিসম্পন্ন। ১৯৯১ চনত ইছামতী উপন্যাসৰ বাবে বিভূতিভূষণ পশ্চিমবঙ্গ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ ৰবীন্দ্ৰপুৰস্কাৰ মৰণোত্তৰ কালত লাভ কৰে।

জন্ম ১২ সেপ্টেম্বৰ ১৮৯৪

মুৰাতিপুৰগ্ৰাম,

জিলা-উত্তৰ চৌব্বিছ পৰগনা)

প্ৰদেশ-পশ্চিমবঙ্গ,ভাৰত

মৃত্যু ১নভেম্বৰ ১৯৫০

ঘাটশিলা,ঝাৰখণ্ড(বিহাৰ

পেশা লেখক
জাতীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত
উল্লেখযোগ্য ৰচনাবলী পথেৰ পাঁচালী

আৰণ্যক, অপৰাজিতা

আদৰ্শ হিন্দু হোটেল,

ইছামতী, অশনি সংকেত

মেঘমল্লাৰ, তালনবমী,

চাঁদেৰ পাহাৰ, দৃষ্টিপ্ৰদীপপ্ৰদীপ, দেবযান।


উল্লেখযোগ্য পুৰস্কাৰ ৰবীন্দ্ৰপুৰস্কাৰ
(মৰণোত্তৰ,১৯৫১)
দাম্পত্যসঙ্গী গৌৰীদেবী(১৯১৭-১৮)

ৰমা দেবী(১৯৪০-৫০)

সন্তান তাৰাদাস বন্দোপাধ্যায়

জন্ম আৰু পৰিয়াল

বিভূতিভূষণ পশ্চিমবঙ্গ উত্তৰ ২৪ পৰগনা জিলাৰ কাঁচৰাপাড়াৰ নিকটবৰ্তী ঘোষপাৰা মুৰাতিপুৰ নামৰ গাওঁত মামাৰ ঘৰত জন্মগ্ৰহণ কৰে। তেওঁৰ পৈতৃক নিবাসী উত্তৰ২৪ পৰগণা জিলাৰ বনগাঁৰ সমীপবৰ্ত্তী বাৰাকপুৰ গাওঁত। তেওঁৰ দেউতা আছিল এজন প্ৰখ্যাত সংস্কৃত পন্ডিত কথকতাৰ বাবে তেওঁ শাস্ত্ৰী উপাধিত ভূষিত হৈছিল। মা-দেউতাৰ পাঁচজন ল'ৰাছোৱালীৰ ভিতৰত বিভূতিভূষণে আছিলে সবাতোকৈ ডাঙৰ।

শিক্ষাজীৱন

দেউতাৰ ওচৰতেই শিশু বিভূতিভূষণ পঢ়াশুনা আৰম্ভ কৰিছিলে। আৰু ইয়াৰ পিছত নিজৰ গাওঁ আৰু ওচৰ চুবুৰীয়া কেইটামান গাওঁত পাঠশালা পঢ়া শেষ কৰি বনগ্ৰাম উচ্চ ইংৰাজী বিদ্যালয়ত নামভৰ্ত্তি কৰে। তাতে বিভূতিভূষণ বিনামূলীযা পঢ়াশুনাৰ সুযোগ লাভ কৰিছিলে। সৰুকিলৰ পৰাই বিভূতিভূষণ মেধাবী আছিল। তেওঁ অষ্টম শ্ৰেণীত পঢ়িথকা সময়তে তেওঁৰ দেউতাৰ মৃত্যু হয়। ১৯১৪চনত প্ৰথম বিভাগত এনট্ৰান্স আৰু ১৯১৬ চনত কলকাতা ৰিপন কলেজ(বৰ্তমান সুৰেন্দ্ৰনাথ কলেজ) ৰ পৰা প্ৰথম বিভাগত আইএ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯১৮ চনত একেখন কলেজৰ পৰা বি.এ. পৰীক্ষাত ডিস্টিংচন লৈ পাস কলে। ইয়াৰ পিছত তেওঁ এম এ আৰু আইন পঢ়িবলৈও আৰম্ভ কৰিছিল। কিন্তু ১৯১৯ চনত তেওঁ লিখাপঢ়া এৰি দিয়ে।

বৈবাহিক জীৱন

১৯১৯ চনত হুগলী জিলাৰ জাঙ্গীপাড়াত দ্বাৰৰক্ষক হাই স্কুলত তৃতীয় শ্ৰেণীত পঢ়োৱাৰ সময়ত বসিৰবাটৰ মোক্তাৰ কালীভূষণ মুখোপাধ্যায়ৰ কন্যা গৌৰীদেবীৰ লগত বিয়া হয়। কিন্তু বিয়াৰ একবছৰ পাছতেই গৌৰীদেবীৰ মৃত্যু হয়। স্ত্ৰীৰ মৃত্যু শোকত তেওঁ সন্ন্যাসীৰ নিচিনা জীৱন-যাপন কৰিছিল কিছুদিন। পিছত ১৯৪০ চনৰ ৩ ডিসেম্বৰ তাৰিখত ফৰিদপুৰ(বৰ্তমান বাংলাদেশ) জিলাৰ ছয়গাঁও নিবাসী ষোৰশীকান্ত চট্টোপাধ্যায়ৰ ছোৱালী ৰমা দেবীৰ লগত বিবাহ বন্ধনত আৱদ্ধ হয়। বিজয়ৰ সাত বছৰ পিছত তেওঁৰ একমাত্ৰ সন্তান তাৰাদাস বন্দোপাধ্যায়ৰ জন্ম হয়।

"বিভূতিভূষণ বন্দ্যোপাধ্যায়" পৃষ্ঠালৈ উভতি যাওক।