শ্ৰদ্ধাৰ্ঘ লেখা

সম্পাদনা কৰক

অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা শশী শৰ্মাৰ জীৱন ঘাট প্ৰতিঘাতেৰে ভৰা এখন উপন্যাসৰ দৰে। দৰিদ্ৰতাক বহু ওচৰৰ পৰা পাইছিল বাবে তেখেতে কেতিয়াও অভাৱ অনাটনৰ সম্মুখীন হবলৈ ভয় কৰা নাছিল। পানীৰ মাজত থাকিলে যেনেদৰে সৰু লৰা এটিক সাঁতুৰিবলৈ কোনেও শিকাব নালাগে, অভাৱ অনাতনৰ মাজত থকা মানুহক জীৱনৰ সংজ্ঞা কি কোনেও বুজাব নালাগে। যজমানি কৰা পিতাকে কেইটামান ধাৰে লোৱা টকা সোধ কৰিব নোৱাৰা বাবে মৌজাদাৰে টিনৰ ঘৰ ভাঙি লৈ যোৱা ঘটনাটোৱেই শশী শৰ্মাৰ জীৱনৰ টাৰ্নিং পইণ্ট। ইয়েই ফুল কুমলীয়া শশীৰ মনত সাঁচ বহুৱাই থৈ গল সমাজত দুটা জাতি আছে, ধনী আৰু দুখীয়া। ধনী মানুহবোৰ টকাৰ বলত বলীয়ান,কিন্তু দুখীয়াবোৰ যেন সিহঁতৰ আজ্ঞাবাহী, সিহঁতৰ দয়াত চলে! দিন যোৱাৰ লগে লগে কণমানি শশী শৰ্মাৰ মনত ভয়ৰ সলনি বিদ্ৰোহী মনোভাবৰসৃষ্টি হল, এই ঘটনাই তেখেতৰ মনত জগাই তুলিছিল মানুহৰ প্ৰতি মানুহৰ মনত ঘৃণাৰ সলনি মৰমৰ জন্ম হওক, প্ৰেম আৰু ভালপোৱাৰ এখন সমাজ গঠনৰ তীব্ৰ স্পৃহা। হাইস্কুলত পঢ়ি থাকোঁতে পিঠিত গামোচাৰে বান্ধি লৈ যোৱা বটলবোৰত চৰকাৰী ডাক্টৰখানাৰ পৰা ঔষধ নি ঘৰে ঘৰে বিলাইছিল, কোনোবাৰ অসুখ হলে নিজে টাউনৰ পৰা ডাক্তৰ মাতি নি চিকিৎসা কৰাইছিল। কেতিয়াবা কোনোবাই ডাক্তৰৰ ফিজ চাৰিঅনা দিব নোৱাৰিলে নিজৰ সাঁচতীয়া পইচাৰ পৰাই দিছিল। ইয়াৰ কাৰণ আছিল দুটা, এক, মানুহৰ মানবিক সম্পৰ্কবোৰ বৰ্তি থাকক আৰু দ্বিতীয়তে গাঁৱৰ মানুহবোৰ বেজ, কবিৰাজৰ কবলৰ পৰা মুক্ত হৈ কু সংস্কাৰ আৰু অন্ধবিশ্বাসৰ সলনি বিজ্ঞান মানসিকতাত বিশ্বাসী হওক। এই কামবোৰে সেই তাহানিৰে পৰা তেখেতৰ মনত জন্ম দিছিল কিবা এটা কৰাৰ প্ৰবল ইচ্ছাশক্তি আৰু অন্তৰত স্থাপন কৰিছিল মানুহ আৰু মানৱতাবাদৰ তেওঁৰ মূল ভেঁটি। পৰৱৰ্তী সময়ত ৰবীন্দ্ৰনাথৰ এই কবিতা ফাঁকি শশী শৰ্মাৰ জীৱনৰ পাথেয় হৈছিল

"মৰিতে সাহিনা আমি এই ভুৱনে

মানুষেৰ মাজে বাচিবাকে চায়"

শশী শৰ্মাই মানুহৰ মাজত মানুহ বিচাৰি ফুৰিছিল। মানুহৰ মাজত জীয়াই থাকিব বিচাৰিছিল। সততা,প্ৰেম ভালপোৱা আছিল যদি তেখেতৰ কায়া, সাহস, মানৱতা আৰু সাম্যৰ পৃথিৱীখন আছিল তেখেতৰ ছায়া।

■প্ৰগতিশীল চিন্তাবিদ শ্ৰদ্ধাৰ শশী শৰ্মা দেৱৰ গ্ৰন্থ "অসমৰ হিন্দু-মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক" সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক ঐতিহাসিক দলিল।

 ★ভাবেশ নাথ
 প্ৰগতিশীল চিন্তাবিদ শ্ৰদ্ধাৰ শশী শৰ্মা দেৱৰ "অসমৰ হিন্দু-মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক " বৰ্তমান সময়ৰ বাবে এখন খুবেই প্ৰাসংগিক গ্ৰন্থ। গ্ৰন্থখনত তথ্য সহকাৰে এনে কিছুমান দিশ বিশ্লেষণ কৰা হৈছে যিবোৰৰ অধ্যয়নে বৃহত্তৰ মুছলমান সমাজখনৰ প্ৰতি সততে থকা নেতিবাচক মানসিকতাক সলনি কৰাৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা গ্ৰহণ কৰিব পাৰিব।   গোটেই গ্ৰন্থখন দহটা অধ্যায়ত সমাপ্ত কৰা হৈছে।   গ্ৰন্থ খনৰ বিভিন্ন আলোচনা  মূলত দুটা ভাগত বিশ্লেষণ কৰা হৈছে। 

প্ৰথমটো ভাগত বৃটিছ সকল অহাৰ আগলৈকে অসম তথা ভাৰতবৰ্ষত হিন্দু-মুছলমানৰ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰা হৈছে। দ্বিতীয়টো ভাগত বৃটিছ সকল অহাৰ পৰৱৰ্তী পৰ্যায়ৰ বিভিন্ন দিশ সাঙুৰি লোৱা হৈছে। গ্ৰন্থ খনত সন্নিবিষ্ট অসমৰ সমাজ জীৱনৰ বাবে বৰ্তমানে আটাইতকৈ প্ৰাসংগিক প্ৰবন্ধ দুটা হৈছে 'অসমত মুছলমান' আৰু 'সমন্বয়ত গঢ় লৈ উঠা অসমীয়া এটা নতুন জাতি'। ১২০৫ খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজীৰ অসম আক্ৰমণৰ জৰিয়তে অসমলৈ আগমণ ঘটা মুছলমান সকল পৰৱৰ্তী পৰ্যায়ত কি দৰে সামাজিক আৰু সাংস্কৃতিক ভাৱে অসমীয়া হৈ পৰিল; আহোম ৰাজত্বৰ সময়ছোৱাত মুছলমান সকলৰ অৱদান; শৰাইঘাটৰ ৰণত মুছলমান সেনাপতি বাঘ হাজৰিকাৰ ভূমিকা; ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, আদিৰ ক্ষেত্ৰত মুছলমান সমাজ খনে আঁকোৱালি লোৱা হিন্দু পৰম্পৰা আদি বিভিন্ন দিশ উপৰোক্ত প্ৰবন্ধ দুটাত আলোচনা কৰা হৈছে। তদুপৰি সামাজিক, ৰাজনৈতিক তথা সাংস্কৃতিক ক্ষেত্ৰখনত বৃটিছ অহাৰ আগলৈকে হিন্দু-মুছলমানৰ ঐক্যক

প্ৰতিপন্ন কৰিবলৈ বিভিন্ন তথ্যভিত্তিক উদাহৰণ গ্ৰন্থখনত সন্নিবিষ্ট কৰা হৈছে। তলত এনে কেইটামান উদাহৰণ দাঙি ধৰা হ'ল যিবোৰে হিন্দু -মুছলমানৰ ঐক্যক সচা অৰ্থত প্ৰতিপন্ন কৰে -----

১. উগ্ৰ মুছলমানৰূপে পৰিচিত ঔৰংগজেৱৰ সেনাপতি আছিল ৰাজপুত মানসিংহ, যিজনক অসম আক্ৰমণৰ বাবে পঠাইছিল।

২. আলাউদ্দিন খিলজী আৰু তেওঁৰ পুত্ৰই ভাৰতীয় হোৱাৰ মানসেৰে বিয়া কৰাইছিল হিন্দু ৰমণীক।

৩. দিল্লীৰ চুলতান ফিৰোজ ছাহ আৰু গিয়াচুদ্দিন টোগলকৰ মাক আছিল হিন্দু।

৪. অসমৰ ক্ষেত্ৰতো চুতীয়া ৰজা ৰত্নধ্বজ পালে গৌড়ৰ নবাবৰ জীয়াৰীক পুতেকলৈ বোৱাৰীৰূপে আৰু কমতাৰ ৰজা নীলাম্বৰে গড়মা কুৱৰীক ৰাণীৰূপে গ্ৰহণ কৰা কাৰ্য্যই সেই সময়ৰ সাধাৰণ প্ৰজাবৰ্গকো জাতি ধৰ্ম নিৰ্বিশেষে সামাজিক সম্পৰ্ক গঢ়াত উৎসাহিত কৰিছিল।

৫. ওজাপালি সকলৰ জনপ্ৰিয় কাব্য " পদ্মপুৰাণ" ত আৰৱ দেশৰ বিশিষ্ট গাজী আৰু শ্বহীদ হাছান-হুছেইনৰ বিষয়ে এক বিস্তৃত কাহিনী বৰ্ণনা কৰা হৈছে আৰু দুয়োগৰাকীকেই মনসাৰ একান্ত ভক্তৰূপে প্ৰতিষ্ঠা কৰা হৈছে।

৬. অসমৰ অন্যতম লোক নাট্য অনুষ্ঠান ওজাপালি, বিশেষকৈ দৰঙ জিলাত ইয়াৰ প্ৰচলন সৰ্বাধিক। দৰঙৰ বহু ওজাপালি দল এটা সময়ত মুছলমান লোকৰ দ্বাৰা পৰিচালিত হৈছিল। দৰঙৰ মাৰৈৰ বৰ ওজাৰ বংশধৰ সকল আজিও বিদ্যমান। মাৰৈ গাঁৱৰ পৰশু ওজা মুছলমান ওজা যাক মানুহে গৰীয়া ওজা বুলি জানিছিল। দেশ স্বাধীন হোৱাৰ আগলৈকে কামৰূপ, গোৱালপাৰা, দৰঙৰ বহু মুছলমানে মনসা পূজা কৰিছিল।

   এনেদৰে গোটেই গ্ৰন্থখনত বিভিন্ন উদাহৰণ সহিতে হিন্দু মুছলমান ঐক্যৰ বিভিন্ন ঘটনা তথ্যভিত্তিক ভাৱে বিশ্লেষণ কৰা হৈছে। গোটেই গ্ৰন্থখন অধ্যয়নৰ জৰিয়তে সামগ্ৰীক ভাৱে এটা সিদ্ধান্তত উপনীত হব পাৰি যে  ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিলৈকে অসমত হিন্দু মুছলমানৰ সম্পৰ্ক আছিল সৌহাৰ্দ্যমূলক। মুছলমান শাসক সকলৰ কালতো অসম সহিতে সমগ্ৰ ভাৰতবৰ্ষত হিন্দু মুছলমানৰ তেনে কোনো তিক্ততা পূৰ্ণ সম্পৰ্ক নাছিল। অৱশ্যে সম্ৰাট ঔৰংগজেৱৰ কাৰ্য্যকালত  জিজিয়া কৰ পুনৰ প্ৰচলনকে আদি কৰি কিছু হিন্দু বিৰোধী কাৰু কাৰ্য্য সংঘটিত হৈছিল। তাৰ ব্যতিৰকে বাকীকেইজন মুছলমান শাসকৰ কাৰ্য্যকালত হিন্দু ধৰ্মৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাৱ পৰা কোনো ধৰণৰ লেখত লবলগীয়া ঘটনা সংঘটিত হোৱা নাছিল। মোগল সম্ৰাট বাবৰৰ পৰা আৰম্ভ কৰি ঔৰংগজেৱলৈকে বহু কেইজন মোগল শাসকৰ অধীনত প্ৰায় বহু দশক জুৰি ভাৰতবৰ্ষক শাসন কৰা হৈছিল। ইচ্ছা কৰিলে শাসন ক্ষমতাৰ মূল অধিকৰ্তা হিচাপে তেওঁলোকে তেওঁলোকৰ ধৰ্ম প্ৰজাৰ ওপৰত জোৰ জবৰদস্তি জাপি দিব পাৰিলেহেতেন, কিন্তু তেনে কাৰ্যৰ পৰা তেওঁলোক আঁতৰি আছিল‌। সেইবাবেই চাগে বহু দশক জুৰি শাসন ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতো হিন্দুৰ পৰা মুছলমানলৈ  ধৰ্মান্তৰিত হোৱাৰ ঘটনা সেই সময়ত বহু বেছি পৰিমাণে সংঘটিত হোৱা নাছিল। যাৰ বাবে ভাৰতবৰ্ষত হিন্দুসকল আজিও  সংখ্যাগৰিষ্ঠ হিচাপেই ৰৈ গ'ল। বৃটিছৰ শাসন যুগমীয়া কৰাৰ স্বাৰ্থত বৃটিছে গ্ৰহণ কৰা সাম্প্ৰদায়িক বিভাজন বাদী নীতিয়েহে পৰৱৰ্তী পৰ্যায়ত হিন্দু-মুছলমান ঐক্যত ব্যাঘাত জন্মাইছিল। বৃটিছে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ১৯০৫ চনত বংগ বিভাজনৰ জৰিয়তে। তাৰ পৰৱৰ্তী পৰ্যায়ত বৃটিছৰ ছত্ৰছায়াত মুছলিম লীগ, মুছলমানৰ সুকীয়া নিৰ্বাচক মণ্ডলী গঠন কৰাৰ মাজেৰে বৃটিছে সাম্প্ৰদায়িক ৰাজনীতিক আৰু অধিক সাৰ-,পানী যোগাইছিল। এনেবোৰ কাৰুকাৰ্য ই হিন্দু সকলকো হিন্দু হিচাপে সংগঠিত হবলৈ অনুপ্ৰেৰণা যোগাইছিল। যাৰ ফলস্বৰূপে হিন্দু মহাসভাৰ দৰে সংগঠনে আত্মপ্ৰকাশ কৰিছিল। পৰিণতিত স্বাধীনতা আন্দোলনৰ সময়ছোৱাতে  বৃটিছৰ কৌশলমতেই ভাৰতবৰ্ষত হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক অশান্তিয়ে ক্ৰমে ক্ৰমে তীব্ৰ ৰূপ ধাৰণ কৰিছিল, শেষত এই প্ৰক্ৰিয়াই ভাৰতক দু খণ্ডত বিভক্ত কৰিছিল। ইয়াৰ ফলতেই বছৰ বছৰ ধৰি হিন্দু আৰু মুছলমানৰ ঐক্যৰ ভেটিটোত ঠাই লৈছিল হিংসা বিদ্বেষ আৰু শত্ৰুতাই। 
      বৰ্তমান সময়ত ভাৰত বৰ্ষত মুছলমান মানেই এনে এক ধাৰণাৰ সৃষ্টি কৰিব বিচৰা হৈছে যে তেওঁলোক হিন্দুৰ শত্ৰু। আনকি মুছলমান সম্প্ৰদায়টোৱেই হৈছে কিছুমান ৰাজনৈতিক দলৰ ৰাজনৈতিক কৰ্মকাণ্ডৰ মূল এজেণ্ডা। গতিকে এনে প্ৰেক্ষাপটত হিন্দু - মুছলমানৰ ঐক্যক প্ৰতিনিধিত্ব কৰা  যিবোৰ ঐতিহাসিক সমল আমাৰ মাজত বিদ্যমান, সেইবোৰক উলিয়াই অনাটো নিতান্তই প্ৰয়োজন। শ্ৰদ্ধাৰ শশী শৰ্মাদেৱৰ গ্ৰন্থ " অসমৰ হিন্দু মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক" তেনে এক ঐতিহাসিক দলিল যাৰ জৰিয়তে ঐতিহাসিক ভাৱে হিন্দু - মুছলমানৰ সম্পৰ্কক বিশ্লেষণ কৰিব বিচৰা হৈছে। আশা কৰোঁ সচেতন গণতান্ত্ৰিক চেতনা সম্পন্ন জনতাই গ্ৰন্থখন অধ্যয়ন কৰিব আৰু তাৰ জৰিয়তে সাম্প্ৰদায়িক ঐক্যক অক্ষুণ্ণ ৰখাৰ সংগ্ৰামখনত সহযোগিতা আগবঢ়াব। 

২০১৮ চনত "অন্তিমৰ কথা" তেখেতৰ অন্তিম গ্ৰন্থ। পাতনিত 'অন্তিম দুআষাৰ..'

মোৰ বয়সে নব্বৈত ভৰি দিলে। বৃদ্ধত্বই মোৰ দেহ মন বাৰুকৈয়ে স্পৰ্শ কৰিছে, কিন্তু আপোনালোকৰ মৰম ভালপোৱা, পৰিয়ালৰ পৰিচৰ্যা আৰু ডাক্তৰ বন্ধু সকলৰ শুশ্ৰূষাই মোৰ মনটোক এতিয়াও নিষ্ক্ৰিয় হব নিদিয়াকৈ ৰাখিছে, হয়তো আৰু কিছু বছৰ জীয়াই থাকিব পাৰিম মোৰ চিন্তা আৰু চেতনাক বৃদ্ধত্বই বিকল কৰি তুলিব নোৱাৰালৈকৈ, এনে এটি আশা বুকুত লৈ মই আজিও লিখি আছোঁ। লিখি উলিয়াইছো, মোৰ ডায়েৰীৰ পৃষ্ঠাই পৃষ্ঠাই সজীৱ হৈ থকা জীৱনৰ অলিয়ে গলিয়ে সম্মুখীন হোৱা বিভিন্ন ঘাট প্ৰতিঘাত, পোৱা নোপোৱাৰ অন্তিম স্মৃতিচাৰণ, "অন্তিমৰ কথা", হয়তো এইখনেই হব পাৰে মোৰ জীৱনৰ অন্তিম লেখা। মাজে মাজে কলম থমকি ৰয়, স্মৃতি বিভ্ৰমত দিক বিদিক হেৰাই যায়, তথাপিও চেষ্টাএৰি দিয়া নাই। অৱশ্যে মই আশাবাদী, আপোনালোকৰ মৰম চেনেহে মোক লিখি থাকিবলৈ মনত শক্তি দিব।

সমগ্ৰ জীৱনটোত কেৱল লিখিয়েই থাকিলোঁ, এখন নতুন সমাজ দেখা পোৱাৰ আশাত। সাম্যবাদী দৰ্শনে মোক সমাজখন নতুনকৈ চাবলৈ শিকালে, মানুহক ভাল পাবলৈ শিকালে, উদাৰ মানসিকতা সম্পন্ন ব্যক্তি ৰূপে গঢ়ি তুলিলে। সাৰে থকা অৱস্থাত এটা মিনিট সময়ো অপচয় নকৰাকৈ বহু গ্ৰন্থ লিখিলোঁ, কাকত আলোচনীত বহু কথাই লিখিলোঁ, এই লেখাবোৰে পাঠকৰ সমুখত মোক হয়তো এগৰাকী লেখক হিচাবে প্ৰতিষ্ঠা কৰিলে, কিন্তু যেতিয়ালৈ মই গ্ৰহণ কৰা আদৰ্শই সমাজখনক দিক নিৰ্দেশনা দিব নোৱাৰে, নতুন প্ৰজন্মক আকৰ্ষিত কৰিব নোৱাৰে, সমগ্ৰ জীৱন জোৰা মোৰ এই সাধনাৰ কিবা মূল্য থাকিবনে? বিচাৰ আপোনালোকে কৰিব।

শেষত পুথিখন প্ৰকাশ কৰি উলিওৱা বাবে নতুন সাহিত্য পৰিষদৰ বৰক্ষেত্ৰী শাখালৈ আন্তৰিক কৃতজ্ঞতা জনালোঁ। প্ৰুফ চোৱাৰে পৰা কিতাপ খনৰ চন তাৰিখৰ শুধৰণি আৰু বিভিন্ন সমল হাতত তুলি দি মোক সহায় কৰি দিয়া বৰ জোৱাই প্ৰণৱজ্যোতি ডেকা, প্ৰয়াত পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কিতাপখন প্ৰকাশৰ ক্ষেত্ৰত আৰ্থিক ভাৱে সহায় কৰা প্ৰিয় ছাত্ৰ আব্দুৰ ৰউফ, পুথিখনি লিখি উলিয়াবলৈ সকলো সময়তে মোক তাগিদা দি থকা মৰমৰ পৰীক্ষিত বৈশ্য আৰু ডিটিপিৰ সকলো কাম সুচাৰুৰূপে পালন কৰা শ্ৰীমান বিৰিঞ্চি দাসলৈও মই কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

মৃত্যুৰ পিছত বাতৰি কাকতৰ লেখা:

গনশক্তি: সাদিনীয়া কাকত

শশী শৰ্মা: এক ব্যতিক্ৰমী ব্যক্তিত্ব

॥প্ৰণৱজ্যোতি ডেকা॥

অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা শশী শৰ্মাৰ জীৱন ঘাট প্ৰতিঘাতেৰে ভৰা এখন উপন্যাসৰ দৰে। দৰিদ্ৰতাক বহু ওচৰৰ পৰা পাইছিল বাবে তেখেতে কেতিয়াও অভাৱ অনাটনৰ সম্মুখীন হবলৈ ভয় কৰা নাছিল। পানীৰ মাজত থাকিলে যেনেদৰে সৰু লৰা এটিক সাঁতুৰিবলৈ কোনেও শিকাব নালাগে, অভাৱ অনাতনৰ মাজত থকা মানুহক জীৱনৰ সংজ্ঞা কি কোনেও বুজাব নালাগে। যজমানি কৰা পিতাকে কেইটামান ধাৰে লোৱা টকা সোধ কৰিব নোৱাৰা বাবে মৌজাদাৰে টিনৰ ঘৰ ভাঙি লৈ যোৱা ঘটনাটোৱেই শশী শৰ্মাৰ জীৱনৰ টাৰ্নিং পইণ্ট। ইয়েই ফুল কুমলীয়া শশীৰ মনত সাঁচ বহুৱাই থৈ গল সমাজত দুটা জাতি আছে, ধনী আৰু দুখীয়া। ধনী মানুহবোৰ টকাৰ বলত বলীয়ান,কিন্তু দুখীয়াবোৰ যেন সিহঁতৰ আজ্ঞাবাহী, সিহঁতৰ দয়াত চলে! দিন যোৱাৰ লগে লগে কণমানি শশী শৰ্মাৰ মনত ভয়ৰ সলনি বিদ্ৰোহী মনোভাবৰসৃষ্টি হল, এই ঘটনাই তেখেতৰ মনত জগাই তুলিছিল মানুহৰ প্ৰতি মানুহৰ মনত ঘৃণাৰ সলনি মৰমৰ জন্ম হওক, প্ৰেম আৰু ভালপোৱাৰ এখন সমাজ গঠনৰ তীব্ৰ স্পৃহা। হাইস্কুলত পঢ়ি থাকোঁতে পিঠিত গামোচাৰে বান্ধি লৈ যোৱা বটলবোৰত চৰকাৰী ডাক্টৰখানাৰ পৰা ঔষধ নি ঘৰে ঘৰে বিলাইছিল, কোনোবাৰ অসুখ হলে নিজে টাউনৰ পৰা ডাক্তৰ মাতি নি চিকিৎসা কৰাইছিল। কেতিয়াবা কোনোবাই ডাক্তৰৰ ফিজ চাৰিঅনা দিব নোৱাৰিলে নিজৰ সাঁচতীয়া পইচাৰ পৰাই দিছিল। ইয়াৰ কাৰণ আছিল দুটা, এক, মানুহৰ মানবিক সম্পৰ্কবোৰ বৰ্তি থাকক আৰু দ্বিতীয়তে গাঁৱৰ মানুহবোৰ বেজ, কবিৰাজৰ কবলৰ পৰা মুক্ত হৈ কু সংস্কাৰ আৰু অন্ধবিশ্বাসৰ সলনি বিজ্ঞান মানসিকতাত বিশ্বাসী হওক। এই কামবোৰে সেই তাহানিৰে পৰা তেখেতৰ মনত জন্ম দিছিল মানুহৰ বাবে কিবা এটা কৰাৰ প্ৰবল ইচ্ছা আৰু অন্তৰত স্থাপন কৰিছিল বিজ্ঞানমনস্কতাৰ মূল ভেঁটি। সমাজখনক যি মুহূৰ্তত ধনী দুখীয়া দুটা শ্ৰেণীত বিভক্ত কৰি চাবলৈ শিকিলে, সেই তেতিয়াৰ পৰাই হয়তো বুজা নুবুজাকৈ শ্ৰেণী সমাজৰ ধাৰণাৰ জন্ম হৈছিল। স্থিতাবস্থা আৰু পৰম্পৰাই যে সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ মুখলৈ ঠেলি দিয়ে, সেই কথা তেওঁ সৰুতেই উপলব্ধি কৰিব পাৰিছিল। ডাক্তৰে মৰমতে নাম দিয়া "বটল কঢ়িওয়া লৰা"জনেই যে ভৱিষ্যতে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ ধ্বজা কঢ়িয়াব, তেতিয়া হয়তো কোনেও ভবা নাছিল। পৰৱৰ্তী সময়ত তেখেতে সম্পাদনা কৰি উলিওৱা "বিজ্ঞান আৰু আমাৰ সমাজ", গ্ৰন্থ খনিয়ে বিজ্ঞানস্কতাৰ প্ৰতি শশী শৰ্মাৰ দায়বদ্ধতাৰ উমান পোৱা যায়। দীনেশ মিশ্ৰ আছিল সম্পৰ্কত শশী শৰ্মাৰ খুড়াক। পঢ়া শুনাত আছিল অতি চোকা বুদ্ধিৰ। ১৯৪২চনত প্ৰৱেশিকা পৰীক্ষাত কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত পঞ্চম আৰু অসমৰ প্ৰথম স্থান লাভ কৰা দীনেশ মিশ্ৰ পৰিসংখ্যা বিভাগত ১ম শ্ৰেণীৰ ১ম স্থান, স্নাতকোত্তৰ শ্ৰেণীত কলিকতা বিশ্ববিদ্যালয়ৰ ১ম শ্ৰেণীৰ ১ম স্থান অধিকাৰ কৰি অক্সফৰ্ড বিশ্ববিদ্যালয়ত phd ৰ বাবে সাজু হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাবে ১৯৪৯চনত ব্ৰহ্মপুত্ৰৰ এক নাও দুৰ্ঘটনাত এই বিদগ্ধ পণ্ডিত গৰাকীৰ মৃত্যু ঘটে। তেতিয়া শশী শৰ্মা নৱম মান শ্ৰেণীৰ ছাত্ৰ। আৰু তেতিয়াই শশী শৰ্মাই তেখেতৰ প্ৰথম পুথি "কৃতি ছাত্ৰ দীনেশ চন্দ্ৰ মিশ্ৰ" ৰচনা কৰে। এইগৰাকী অসম সন্তান, নলবাৰীৰ গৌৰৱ দীনেশ মিশ্ৰৰ সোঁৱৰণত অময়াপুৰত এটি পুথিভঁৰালো স্থাপন কৰা হয়। জনগণৰ মাজত বিজ্ঞান মানসিকতা সৃষ্টিৰ আশাৰে ২অক্টোবৰ ২০০৫ চনত পোন প্ৰথমবাৰৰ বাবে দীনেশ মিশ্ৰ পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হয় এলানি বক্তৃতামালা। প্ৰথম বক্তৃতাটো প্ৰদান কৰিছিল শ্ৰী দীনেশ গোস্বামীয়ে, বিষয় আছিল "বিজ্ঞান আৰু আমাৰ সমাজ।" এনেদৰে এঘাৰতা বক্তৃতা অনুষ্ঠানৰ শেষৰটো বক্তৃতা আছিল [[1]] চনত "গোলকীয় উষ্ণতাৰ" ওপৰত, বক্তা আছিল শ্ৰীযুত চন্দ্ৰমোহন শৰ্মা। এই বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰিছিল তেখেতৰ গাঁৱত। মনে প্ৰাণে বিচাৰিছিল, গাঁৱৰ মানুহ বিজ্ঞানমনস্ক হৈ উঠক। এই লানি বক্তৃতা অনুষ্ঠানত ডাঃ নোমল বৰা, ডাঃ হেমচন্দ্ৰ কলিতা, ডাঃ জয়দেৱ শৰ্মা, ডাঃ জ্ঞানেন শৰ্মা, ডাঃ খগেন্দ্ৰ নাৰায়ণ বৰুৱা, ডাঃ কৈলাস ডেকা, ডাঃ যোগেশ শৰ্মা,ডাঃ মানস প্ৰতিম বৰুৱা, ডাঃ তপন ডেকা আৰু ডাঃ অমল চন্দ্ৰ কটকী। বিজ্ঞানমনস্কতা বৃদ্ধিৰ বাবে ৰাজ্যৰ খ্যাতিমান ডাক্তৰ সকলক জড়িত কৰিব পৰাটো ধেমালি কাম নাছিল! তাকো যজ্ঞভূমিৰ দৰে এই ভিতৰুৱা অঞ্চল এটাত। শশী শৰ্মাৰ এটা ডাঙৰ গুণ আছিল যে কৰিম বুলি ভবা কামটো তেওঁ যেনেতেনে কৰিহে এৰিব।

১৯৮০চনত প্ৰকাশিত "ধৰ্ম আৰু সমাজ গ্ৰন্থ"ত শশী শৰ্মাই ধৰ্মীয় ব্যভিচাৰৰ স্বৰূপ উদঙাই দেখুৱাইছিল। কৈছিল, "ৰজা, মহাৰজা, পুঁজিপতি জমিদাৰহঁতে ধৰ্মৰ পৃষ্ঠপোষকতা কৰি ধৰ্ম ৰক্ষাৰ কবচৰ আঁৰত ৰাইজক অবাধে শোষণ কৰাৰ পথ চিৰকাল মুকলি ৰখাৰ যথোপযুক্ত ব্যৱস্থা কৰি লোৱা।

"তেখেতৰ আলোচনাসমূহৰ ভিত্তি আছিল মাৰ্ক্সীয়, প্ৰায়বোৰ গ্ৰন্থতে মাৰ্ক্সীয় তত্ত্বৰ প্ৰয়োগৰ দ্বাৰা কেনেদৰে মানৱ সমাজ শ্ৰেণী প্ৰভুৰ হাতোৰাৰ পৰা ওলাই আহিব পাৰিব সেই কথা দোহাৰিবলৈ নাপাহৰিছিল।"

মেক্সিম গৰ্কীৰ মানৱতাবাদী আদৰ্শই মনত গভীৰ সাঁচ বহুওৱা শশী শৰ্মাই ৩৭বছৰ বয়সত "মেক্সিম গৰ্কী" ৰ জীৱনী গ্ৰন্থ লিখি১৯৬৭চনত ছোভিয়েট দেশ বঁটা লাভ কৰে। চচিয়েলিষ্ট পাৰ্টীৰ সদস্য হৈ থাকি ১৯৭৮চনতহে তেখেতে মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিত যোগ দিয়াৰ পাছতে আৰম্ভ হয় অসমৰ বিদেশী বিতাড়ণ আন্দোলন। দলীয় স্বাৰ্থত তেখেতে আমি কি বিচাৰো,ফেচিবাদ বনাম বাওঁ গণতান্ত্ৰিক মৰ্চা,মানৱ বিদ্বেষ, লু সুন, টলষ্টয়, কাৰ্ল মাৰ্ক্স, সংখ্যা লঘু সমস্যাৰ গতিপথ গ্ৰন্থ ৰচনা কৰাৰ উপৰিও "লাগে আমূল পৰিবৰ্তন লাগে", "প্ৰকৃত কমিউনিষ্ট কিদৰে হব পাৰি", "গণশত্ৰু" আদি কিতাপ অনুবাদ কৰিছিল। মাৰ্ক্সবাদী দলৰ সংস্পৰ্শলৈ অহাৰ আগতে ১৯৭১চনতে "লেনিন, ৰুছবিপ্লব আৰু ভাৰত" নামৰ পুথিখন ৰচনা কৰিছিল।

পৰৱৰ্তী সময়ত ৰবীন্দ্ৰনাথৰ এই কবিতা ফাঁকি শশী শৰ্মাৰ জীৱনৰ পাথেয় হৈছিল

"মৰিতে সাহিনা আমি এই ভুৱনে

মানুষেৰ মাজে বাচিবাকে চায়"

১৯৮৩ চন আছিল অসমৰ বাবে এক মচিব নোৱাৰা ইতিহাসৰ সাক্ষী।

অসম আন্দোলনৰ ভৰপক। বিদেশী বহিষ্কাৰৰ বাবে আৰম্ভ হোৱা আন্দোলন এসময়ত হিংস্ৰ ৰূপ ধাৰণ কৰিছিল। শশী শৰ্মা আছিল এই হিংস্ৰতাৰ বিৰোধী। ছাত্ৰ সমাজক উদ্দাত্ত কণ্ঠে আহ্বান জনালে, হিংস্ৰতা পৰিহাৰ কৰি তেওঁলোকে গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰি অসমলৈ শান্তি ঘূৰাই আনক। কিন্তু ছাত্ৰ সকলে তেখেতৰ কথা নুশুনিলে। ছাত্ৰ সকলে শ্ৰেণী বৰ্জন কৰিলে। নলবাৰী কলেজৰ পৰা দৰমহা বন্ধ কৰি দিয়া হল। কাবুলিৰ পৰা অধিক সুতত ধাৰ লৈ পৰিয়াল ভৰণ পোষণ দিবলগীয়া হল। বিদেশী খেদা আন্দোলন হিংস্ৰতাৰ শেষ সীমাত উপনীত হল। এফালে গণতান্ত্ৰিক, যুক্তিবাদী মানুহৰ ওপৰত সংগবদ্ধ পৰিকল্পিত আক্ৰমণ, আনফালে সাম্প্ৰদায়িকতাৰ ৰহণ সানি নেলী গণ হত্যাৰ দৰে হত্যাকাণ্ড। এই ঘটনাবোৰে তেখেতক ব্যথিত কৰি তুলিছিল। কিন্তু মানৱীয় প্ৰমূল্য ঘূৰাই আনিবলৈ শশী শৰ্মাৰ চেষ্টা অব্যাহত থাকিল।

২০জানুৱাৰী। ১৯৮৩চন। চাইকেল চলাই গৈ থাকোঁতে কলেজৰ কাষত দহ বাৰজন ছাত্ৰই তেখেতক আগভেটি ধৰিলে। চাইকেলৰ পৰা নমাই প্ৰহাৰ কৰা আৰম্ভ কৰিলে। আৰু মৃত্যু হোৱা বুলি ভাবি আঁতৰি গল। তেজেৰে লুতুৰী পুতুৰী হৈ শশী শৰ্মা পথৰ দাঁতিত পৰি থাকিল। কিন্তু তেওঁলোকে জনা নাছিল যে জীয়াই থকাৰ অদম্য হেঁপাহ পুহি ৰখা সেই মানুহজনৰ মৃত্যু হোৱা নাছিল, হয়তো ৰক্ত বন্যাৰ মাজত সততা আৰু মানৱতাও কৰবাত জীয়াই আছিল। কোনো সুহৃদয় ব্যক্তিয়ে পুলিচ থানাত গৈ খবৰ দিছিল আৰু তেওঁৰ সহযোগত পুলিচে তেখেতক নলবাৰী চিকিৎসালয়ত ভৰ্তি কৰাইছিল। পুলিচে সাতজন ছাত্ৰক গ্ৰেপ্তাৰ কৰি জেললৈ চালান দিছিল। কোনোবা এদিন পুলিচ আহি শশী শৰ্মাক বিচাৰকৰ কক্ষলৈ লৈ গল। বিচাৰকে সুধিলে, এই লৰা কেইজনক চিনি পায় নে?

"হয়, পাওঁ, মোৰেই ছাত্ৰ"

"আপোনাৰ ওপৰত আক্ৰমণ কৰা সকলৰ কোনোবা ইয়াৰ মাজত আছেনে?"

শশী শৰ্মাই প্ৰতিগৰাকী ছাত্ৰৰ মুখবোৰ তন্ন তন্ন কৈ পৰীক্ষা কৰি চালে। দেহ মন কপি উঠিল। তেওঁলোকৰ মুখৰ অশ্ৰাব্য গালিবোৰে তেওঁক যেন হেঁচা মাৰি ধৰিলে। হয়, কেইজনমানক তেওঁ ভালদৰেই চিনি পাইছে।

"আপুনি চিনাক্ত কৰক। আপোনাক কোনে হত্যাৰ চেষ্টা কৰিছিল।"

শশী শৰ্মাই হাঁহিলে। কিন্তু তেখেতে কি কৰিব মুহূৰ্ততে ঠিক কৰি পেলালে।

"হয়, এওঁলোক মোৰ ছাত্ৰ। জানি বুজি এইসকল ছাত্ৰই হিংসাৰ পথ বাছি লোৱা নাই। আনৰ নিৰ্দেশত কৰিছে। তেওঁলোকে জেলৰ চাৰিবেৰৰ মাজত থকা সময় নহয় এতিয়া, বৰং নিজকে উপলব্ধি কৰাৰ সময়হে এতিয়া। এওঁলোকক উৰিবলৈ দিয়ক মুক্ত আকাশত, মই সকলোকে ক্ষমা কৰি দিছো।"

ইয়াৰে এজনে পিছত নলবাৰী কলেজত সহকৰ্মী শিক্ষক হিচাবে যোগদান কৰিবলৈ আহোঁতে প্ৰথমে শশী শৰ্মাৰ চৰণ চুই আশীৰ্বাদ বিচাৰিছিল আৰু শশী শৰ্মাই "ভৰি চুব নালাগে, এইবুলি ছাত্ৰ গৰাকীক আঁকোৱালি ধৰি আশীৰ্বাদ কৰিছিল। এয়াই আছিল শশী শৰ্মাৰ মহানুভৱতা!! তেখেতৰ উদাৰ মানসিকতাই তেখেতৰ জীৱনী শক্তি বুলি নিজেই উপলব্ধি কৰিব পাৰিছিল।

"অন্তিমৰ কথা" নামৰ জীৱনী গ্ৰন্থ খনি প্ৰনয়ন কৰি থকাৰ সময়ত হয়তো তেখেতৰ উপলব্ধি এনেদৰে ব্যক্ত কৰিছিল,

"মোৰ বয়সে নব্বৈত ভৰি দিলে। বৃদ্ধত্বই মোৰ দেহ মন বাৰুকৈয়ে স্পৰ্শ কৰিছে, কিন্তু আপোনালোকৰ মৰম ভালপোৱা, পৰিয়ালৰ পৰিচৰ্যা আৰু ডাক্তৰ বন্ধু সকলৰ শুশ্ৰূষাই মোৰ মনটোক এতিয়াও নিষ্ক্ৰিয় হব নিদিয়াকৈ ৰাখিছে, হয়তো আৰু কিছু বছৰ জীয়াই থাকিব পাৰিম, চিন্তা আৰু চেতনাক বৃদ্ধত্বই বিকল কৰি তুলিব নোৱাৰালৈকৈ, এনে এটি আশা বুকুত লৈ মই আজিও লিখি আছোঁ। লিখি উলিয়াইছো, মোৰ ডায়েৰীৰ পৃষ্ঠাই পৃষ্ঠাই সজীৱ হৈ থকা জীৱনৰ অলিয়ে গলিয়ে সম্মুখীন হোৱা বিভিন্ন ঘাট প্ৰতিঘাত, পোৱা নোপোৱাৰ অন্তিম স্মৃতিচাৰণ, "অন্তিমৰ কথা", হয়তো এইখনেই হব পাৰে মোৰ জীৱনৰ অন্তিম লেখা। মাজে মাজে কলম থমকি ৰয়, স্মৃতি বিভ্ৰমত দিক বিদিক হেৰাই যায়, তথাপিও চেষ্টা এৰি দিয়া নাই। অৱশ্যে মই আশাবাদী, আপোনালোকৰ মৰম চেনেহে মোক লিখি থাকিবলৈ মনত শক্তি দিব।

সমগ্ৰ জীৱনটোত কেৱল লিখিয়েই থাকিলোঁ, এখন নতুন সমাজ দেখা পোৱাৰ আশাত। সাম্যবাদী দৰ্শনে মোক সমাজখন নতুনকৈ চাবলৈ শিকালে, মানুহক ভাল পাবলৈ শিকালে, উদাৰ মানসিকতা সম্পন্ন ব্যক্তি ৰূপে গঢ়ি তুলিলে। সাৰে থকা অৱস্থাত এটা মিনিট সময়ো অপচয় নকৰাকৈ বহু গ্ৰন্থ লিখিলোঁ, কাকত আলোচনীত বহু কথাই লিখিলোঁ, এই লেখাবোৰে পাঠকৰ সমুখত মোক হয়তো এগৰাকী লেখক হিচাবে প্ৰতিষ্ঠা কৰিলে, কিন্তু যেতিয়ালৈ মই গ্ৰহণ কৰা আদৰ্শই সমাজখনক দিক নিৰ্দেশনা দিব নোৱাৰে, নতুন প্ৰজন্মক আকৰ্ষিত কৰিব নোৱাৰে, সমগ্ৰ জীৱনজোৰা মোৰ এই সাধনাৰ কিবা মূল্য থাকিবনে? বিচাৰ আপোনালোকে কৰিব।"

এইখিনি কথা লিখিছিল [[2]] তাৰিখে অৰ্থাৎ মৃত্যুৰ কেইমাহমানৰ আগতে লিখা তেখেতৰ এই উপলব্ধিৰ সতে আমিও সদায় আশাবাদী, তেখেতৰ জীৱনজোৰা সাধনা অথলে নাযায়। সঠিক সময়ত ৰাইজে বুজি পাব, এইগৰাকী দূৰদৰ্শী মহান জনদৰদী সাহিত্য কৰ্মীয়ে একো ভুল সপোন দেখা নাছিল। নিপীড়িত,নিৰ্যাতিত সাধাৰণ মানুহৰ অৰ্থনৈতিক মুক্তি আনি দিব পৰা সাম্যবাদী আদৰ্শ এদিন জনতাই গ্ৰহণ কৰিব।

মুজিবুৰ ৰহমান এগৰাকী সাংবাদিক। তেওঁলোকৰ সংগঠন নলবাৰী প্ৰেছ ক্লাৱৰ তৎপৰতাতেই প্ৰেছক্লাব প্ৰাংগণত ২০১৬ চনৰ ৩অক্টোবৰত শশী শৰ্মাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। জীৱন্ত কালত প্ৰতিমূৰ্তি স্থাপন হোৱা লোকৰ সংখ্যা তেনেই আঙুলিৰ মূৰত গণিব পৰা। শশী শৰ্মা তাৰ মাজৰ এজন। নিজৰ জন্ম দিনৰ দিনা ২০১৬ চনত শশী শৰ্মাই নিজেই নিজৰ আবক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ বিৰল কীৰ্তিত্বৰ অধিকাৰী হয়।

আমাৰ সমাজখনত ভিন ভিন মতাদৰ্শৰ লোক আছে, কোনোবা মাৰ্ক্সবাদী, কোনোবা জাতীয়তাবাদী, কোনোবা আকৌ নিৰপেক্ষ কিন্তু সময়ৰ সোঁতত শশী শৰ্মাক সকলোৱে আদৰি লৈছিল তেখেতৰ উদাৰ মানসিকতাসম্পন্ন গুণৰ বাবে। প্ৰতিমূৰ্তি উন্মোচনৰ দিনা এই ছবিখন ভালদৰে ফুটি উঠিছিল। সেইখন সভাতেই বিশিষ্ট লেখক, গৱেষক গোবিন্দ প্ৰদাদ শৰ্ম্মাই মুকলি ভাবে কৈছিল যে শশী শৰ্মাক ভল্টেয়াৰৰ লগতহে তুলনা কৰিব পাৰি। ৰুছুৰ আবেগিক ৰাজনীতিৰ বশৱৰ্তী হৈ ফৰাচী জনসাধাৰণে এসময়ত ভল্টেয়াৰক নিৰ্বাসন দি ফ্ৰান্সৰ পৰা বিতাড়ণ কৰিছিল, আৰু শেষত সেই ভল্টেয়াৰকেই ৰাইজে আদৰি আনিছিল ফ্ৰান্সলৈ। একেখন ছবি পুনৰবাৰ দেখিবলৈ পালোঁ যোৱা উন্ত্ৰিছ জানুৱাৰীত শশী শৰ্মাৰ নশ্বৰ দেহৰ প্ৰতি নলবাৰীৰ ৰাইজৰ আন্তৰিক শ্ৰদ্ধা নিবেদনৰ মাজেৰে। যি সময়ত মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিয়ে ৰঙা পতাকাৰে ঢাকি কমৰেডক শ্ৰদ্ধা জনাইছিল, সেই একে সময়তে আন আন দল সংগঠনেও শশী শৰ্মাক অন্তিম সন্মান জনাবলৈ এৰা নাছিল। ফুলেৰে উপচি পৰিছিল ৰাইজৰ মৰমৰ "ছাৰ'' গৰাকীৰ নশ্বৰ দেহ। প্ৰশ্ন হয়, তেওঁলোকে কোনজন শশী শৰ্মাক সন্মান জনাইছে? নকলেও হয় যে মানুহৰ কথা কোৱা, মানুহৰ কাষত থকা উদাৰমনা নিৰ্ভীক দেশপ্ৰেমিক, কমৰেড শশী শৰ্মাকহে তেওঁলোকে সন্মান জনাইছে, দলৰ দলীয় কৰ্মীৰ পৰিচয় অতিক্ৰম কৰি বহু উৰ্দ্ধলৈ গমন কৰিব পাৰিছিল শশী শৰ্মাই, উদাৰতাকে জীৱনৰ ব্ৰত বুলি লৈ জীয়াই থাকিব বিচৰা মানৱ দৰদী শশী শৰ্মাৰ বিশাল ব্যক্তিত্বক সকলো স্তৰৰ ৰাইজে স্বীকৃতি দিলে। ইয়াৰ আগতে বিষ্ণু ৰাভাৰ বাহিৰে আন কোনো মাৰ্ক্সবাদী চিন্তা ধাৰাৰ ব্যক্তিয়ে এনে সন্মান পাইছিল বুলি মনত নপৰে।

শিশু কালত মৌজাদাৰে ঘৰ ভাঙি নিয়াৰ দিনৰে পৰা জীৱনটোক উপলব্ধি কৰিবলৈ চেষ্টা কৰি সমগ্ৰ জীৱন সাম্যবাদী সমাজ গঢ়াৰ সংকল্প গ্ৰহণ কৰি কথাই কামে একেটা পথেৰে আগবাঢ়ি যোৱাৰ পাছতো শশী শৰ্মাই মাজে মাজে কয়, "মই কমিউনিষ্ট নহয়, কমিউনিষ্ট হোৱাৰ চেষ্টাহে কৰিছোঁ।" ১৯৭৮ চনৰ পৰা ১৯৯৩ চনলৈ তেখেত মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীৰ সদস্য হৈ আছিল। ভাবি আচৰিত হওঁ, কমিউনিষ্ট পাৰ্টীৰ দলীয় অনুশাসন ভংগ নকৰাকৈ কেনেদৰে পোন্ধৰ বছৰকাল পাৰ্টীৰ সদস্য হৈ থাকিব পাৰিছিল, কাৰণ শশী শৰ্মা কোনো বান্ধোনেৰে বান্ধি ৰাখিব ব্যক্তি নাছিল। ভালটোক যিদৰে ভাল বুলিছিল, বেয়া দেখিলে বেয়া বুলি কবলৈ পিছ হুহুকী যোৱা নাছিল। বহু সময়ত পাৰ্টিৰ কাম কাজৰ পৰ্যালোচনা কৰিবলৈ গৈ পাৰ্টীৰ ঋণাত্মক দিশ সমূহৰ কথাও কবলগীয়া হোৱাত পাৰ্টীৰ একাংশৰ অপ্ৰিয়ভাজন হব লগীয়াও হৈছিল। তেখেতে বিশ্বাস কৰিছিল যে পাৰ্টি ৰাইজৰ দল, গতিকে পাৰ্টিৰ কিবা ভুল দেখিলে আঙুলিয়াই দিয়া উচিত। ই আছিল শশী শৰ্মাৰ এক সৰল বিশ্বাস, কিন্তু দলীয় সংবিধানৰ দৃষ্টিৰে ই হয়তো দল বিৰোধী কামৰ উদাহৰণ হৈ পৰে, যাৰ ফলত তেখেতে কেতিয়াও ভাবিব নোৱাৰা ঘটনা এটি ঘটি গল ১৯৯৩ চনত। শশী শৰ্মাৰ পাৰ্টি সদস্য পদ খাৰিজ কৰা হল। এই কথা দলৰ কাৰ্যালয়ৰ পৰা তেখেতক জনাইছিল নে নাই নাজানো, কিন্তু কোনোবা এখন কাকতত কমৰেড নন্দেশ্বৰ তালুকদাৰ স্বাক্ষৰিত চিঠি পঢ়িবলৈ পাই তেখেত মৰ্মাহত হৈ পৰিছিল। অৱশ্যে পাৰ্টিৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তেখেতে কোনো ঠাইতে মন্তব্য কৰা নাছিল, সদস্য পদৰ বাবে আবেদনো কৰা নাছিল, কিন্তু পাৰ্টিৰ সকলো কামকাজত সৰ্বতোপ্ৰকাৰে যেনেদৰে সহায় কৰি গৈছিল, বেয়া দেখিলে আগৰ দৰে সমালোচনা কৰিবলৈও নেৰিছিল। সময়ৰ লগে লগে পাৰ্টিৰ ৰাজ্যিক নেতৃত্বই শশী শৰ্মাৰ সৰলতাৰ উমান পাইছিল আৰু মাজে সময়ে তেওঁলোকে খা খবৰ লোৱা আৰম্ভ কৰিছিল আৰু ২০১৭ চনত পাৰ্টিয়ে তেখেতক যথাযোগ্য ভাবে সম্বৰ্ধনা জনাইছিল নলবাৰী নাট্য মন্দিৰত। সেইখন সভাতে শশী শৰ্মাই নিজে থকা ঘৰটো পাৰ্টিৰ নামত দান দিয়াৰ কথা ঘোষণা কৰিছিল। ই আছিল পাৰ্টিৰ প্ৰতি থকা তেখেতৰ উদাৰ মনোভাৱ। শশী শৰ্মাৰ গ্ৰন্থৰাজী, মূল্যবান পুথিভঁৰালটো, তেখেতৰ ব্যৱহৃত সামগ্ৰী সমূহ, ঘৰটো, অক্ষতভাবে সংৰক্ষণ কৰি নলবাৰীৰ সৰ্বজনৰ আদৰৰ এই মানৱদৰদী সাহিত্য কৰ্মী(তেখেতে নিজকে সাহিত্য কৰ্মী বুলি কৈ ভাল পাইছিল) গৰাকীক সৰ্বস্তৰৰ লোকৰ মাজত জীয়াই ৰাখিব লাগিব। এই ক্ষেত্ৰত সুধী সমাজৰ লগতে পাৰ্টিৰ দিহা পৰামৰ্শও নিত্যান্ত আদৰণীয়। শশী শৰ্মাক কেৱল মাৰ্ক্সবাদী দলৰ পাৰ্টি সদস্য হিচাবে পাৰ্টি কৰ্মী সকলৰ মাজত জীয়াই ৰখাত আমাৰ কবলগীয়া নাথাকিলেও বহল চিন্তাৰ এই মানুহজনক জনতাৰ মাজত, জনতাই বুজি পোৱাকৈ, জনতাৰ দিক দৰ্শক হিচাবে জীয়াই ৰখাটোও অতিশয় জৰুৰী। জনতাই তেখেতক প্ৰগতিশীল, মানবদৰদী প্ৰকৃতাৰ্থত এজন সঁচা কমিউনিষ্ট হিচাবেহে আদৰি লোৱা দেখা গৈছে। শশী শৰ্মাই মৃত্যুৰ মাজেৰে দেখুৱাই থৈ গল যে কমিউনিষ্টৰ প্ৰতি এতিয়াও সহজ হব নোৱাৰা ভিন্ন মতাদৰ্শী মানুহৰ মাজত তেওঁ আছিল এক ব্যতিক্ৰমী "কমিউনিষ্ট।" মানৱীয় সম্পৰ্কক ধৰি ৰাখিব পৰা ব্যক্তিত্বৰ অধিকাৰী কোনো ব্যক্তি বিশেষক যেতিয়াই বৃহত্তৰ সমাজে আদৰি লয়, তেতিয়াই হয়তো তেওঁক আখ্যা দিয়া হয় জননেতা হিছাবে। সাহিত্যিক হিচাবে জনপ্ৰিয়তা লাভ কৰা শশী শৰ্মাৰ এই সকলোখিনি গুণ আছিল, কিন্তু কাণেৰে নুশুনাটোৱেই আছিল তেখেতৰ আটাইতকৈ ঋণাত্মক দিশ। যাৰ ফলত জীৱনৰ শেষ কালছোৱাত তেখেত বৰ অকলশৰীয়া হৈ পৰিছিল। মানুহপ্ৰিয় মানুহজনে বাৰাণ্ডাত বহি দিনৰ দিনটো অপেক্ষা কৰি থাকে মানুহৰ বাবে। কোনোবা আহিলে ডাঙৰকৈ হাঁহিৰে সম্ভাষণ জনাই আৰু বহীখন আগবঢ়াই দিয়ে কব লগীয়া কথাখিনি লিখি দিবৰ বাবে। এইজনেই আছিল শশী শৰ্মা,সমতাৰ সমাজ দেখাৰ সপোন ৰচি মানুহৰ মাজত থাকি মানুহৰ বাবে সাহিত্য ৰচনা কৰি জীৱনৰ শেষ দিনটোলৈ হাঁহি থকা মানুহজন।

অচিন্ত্য ভট্টাচাৰ্যৰ সোঁৱৰণত পৰিয়ালে আগবঢ়োৱা সম্বৰ্ধনা গ্ৰহণ কৰি তেখেতে কৃতাৰ্থ মানিছিল কাৰণ অচিন্ত্য ভট্টাচাৰ্য আছিল শশী শৰ্মাৰ প্ৰিয় ৰাজনৈতিক নেতা।

পিতাৰ সোঁৱৰণত

॥দীপা দেৱী॥

২৮ জানুৱাৰী ৰাতি ন বজাত মায়ে ফোন কৰি কলে, পিতাৰা আৰু নাই কিজানি! মুখখন ঠাণ্ডা পৰি গৈছে। মই লগে লগে আমাৰ ছোৱালী লুপাৰ লগত ঘৰ পালোগৈ। গৈ দেখিলো পিতা সঁচাকৈয়ে নাই, বিছনাত টোপনি যোৱাৰ দৰে পৰি আছে নিথৰ দেহটো। নাজানো, পিতাই আমাক এৰি কোন অজান দেশলৈ গুচি গল, আমাক দি থৈ গল তেখেতৰ জীৱন জোৰা সঞ্চিত আদৰ্শ। পিতাই সদায় কৈছিল, simple living and high thinking, পিতা সদায় সাম্যৰ সৰগ ৰছাৰ সপোন দেখিছিল। কেতিয়াবা পিন্ধা কাপোৰযোৰ সলাই চাফা কাপোৰ পিন্ধিবলৈ ক'লে কয়, "মোক মোৰ নিচিনাকৈ থাকিবলৈ দে, মানুহে মোক এনেকৈয়ে চিনি পায়।" তেখেতে বেছি ভাগ সময় সামাজিক ব্যস্ততাৰ মাজতেই থাকি ভাল পাইছিল, ঘৰত সময় কমকৈ দিছিল যদিও দায়িত্ব পালনত এলাহ কৰা নাছিল। ভাইটি মৃত্যুৱে পিতাক বৰ মনোকষ্ট দিছিল কিন্তু সেইটো প্ৰকাশ কৰা নাছিল। লক্ষ্য কৰিছিলোঁ, পঢ়া টেবুলত বহি নীৰৱে চকুলো টুকিছিল।

পিতাই সদায় সময়মতে দায়িত্ব পালন কৰি আহিছিল। আমি সৰু থাকোঁতে পিতাই বিশ্ববিদ্যালয়ৰ পৰা অহা পৰীক্ষা বহীবোৰ ওৰে নিশা জাগি থাকি নিৰীক্ষণ কৰিছিল, কাৰণ দিনৰ ভাগত বহী চাবলৈ সময় নাথাকিছিল। চেষ্টা কৰিছিল যাতে সময় মতে বহি বোৰ পঠিয়াব পাৰে। এদিন ৰাতিপুৱা বহী চোৱা শেষ হৈছিল, সেই সময়ত মই কাষত গৈ থিয় হৈছিলোঁ। পেকেত বান্ধিবলৈ লা আৰু ছিল নাছিল। সময় তেতিয়া আঠ মান বাজিছে। মোক কলে, তই কলেজৰ পৰা আনিব পৰিবি নেকি? কলেজ আছিল আমাৰ ভাত ঘৰৰ দৰে। মই লগে লগে পিছফালৰ ৰাস্তাটোৰে দৌৰি গৈ কলেজৰ পৰা লা ছিল আনি পিতাৰ হাতত দিছিলোঁ। পিতাই আচৰিত হৈ কলে, পাগলী, তোক মই ধেমালিহে কৰিছিলো! তই সঁচাকৈয়ে আনিলি!! কেতিয়াবা পিতাই ভাইটি আৰু মোক প্ৰাত ভ্ৰমণলৈ নিছিল, আমি ঘূৰি আহি ঘৰ পাওঁ, কিন্তু ঘৰ আহি পোৱাৰ পিছতো এন্ধাৰ হৈয়েই থাকে, পিতাই ব্যায়াম কৰি পঢ়া টেবুলত বহে আৰু আমি পিতাক ৰঙা চাহ দি পঢ়া টেবুলত টোপনিয়াই থাকোঁ। এইবোৰ কথা আমি প্ৰায়েই মনত পেলাইছিলোঁ আৰু লগৰবোৰৰ আগত কৈ কৈ আনন্দ লভিছিলোঁ। কিন্তু সেই একেখিনি কথাই এতিয়া মোৰ বুকুত শেলে বিন্ধা দি বিন্ধি আছে।

সময় মতে কাম সমাপন কৰাতো আছিল পিতাৰ স্বভাৱ। সভালৈ যোৱা, ক্লাছ লৈ যোৱা, ভাত খোৱা, তাগিদা মতে লেখা জমা দিয়া আদি সকলো কাম পিতাই সময় মতে কৰিছিল। পিতাক সভালৈ নিবলৈ গাড়ী অহাত পলম হলে নিজেই ৰিক্সাৰে গৈ সভাস্থলীত হাজিৰ হৈছিল আৰু শ্ৰোতা অহাৰ আগতেই আসন গ্ৰহণ কৰিছিল।

আমাৰ একমাত্ৰ ভাইটি অতি কম বয়সতে মৃত্যু বৰণ কৰিছিল। সিদিনা আছিল ২২জানুৱাৰী, ২০১৫ চন। আগদিনা ৰাতি ভাইটিৰ মৃত্যু হৈছে।

লাখুটিত ভৰ দি পিতাও শ্মশানত। একমাত্ৰ পুত্ৰৰ মুখাগ্নি কৰাৰ পিছত অশ্ৰুসিক্ত নয়নেৰে শ্মশানৰ বেঞ্চ এখনতকিছু সময় বহাৰ পিছত ডাঙৰ ভিনদেউৰ লগত ঘৰলৈ আহিল।

ঘৰলৈ আহি নিজে নিজে গা পা ধুই কাপোৰ কানি সলাই চোতালত তেখেতৰ বাবে অপেক্ষা কৰি থকা ওচৰ চুবুৰীয়া ব্যক্তি সকলৰ লগত কথা পাতিলে। তেওঁলোকে পিতাক শান্ত্বনা দিবলৈ চেষ্টা কৰিলে। সদায় মুখত লাগি থকা নিৰ্মল সতেজ হাঁহিটো সিদিনা অস্তমিত বেলিটোৰ দৰে শোক সাগৰত ডুবি আছিল। শোকৰ বোজাই তেখেতৰ মনটো ভাঙি পেলালেও কিন্তু মনটোক অস্থিৰ হবলৈ এৰি দিয়া নাছিল। কলে, " মই সমাজৰ মানুহ, সমাজখনেই মোৰ পৰিয়াল। আপোনালোকৰ মাজতে মই জীয়াই থাকিব বিচাৰোঁ।" ....কথাখিনি কওঁতে হয়তো তেখেতৰ বুকুখন বিষাইছিল, তেখেতে কৈ গল, " ইয়াতকৈ আৰু কি যন্ত্ৰণা বাকী থাকিল পাবলৈ, মোৰ হৃদয়খন শিলেৰে বান্ধি ললোঁ, দুখবোৰে মোক আৰু দুৰ্বল কৰিব নোৱাৰে।"

কিছু সময় তেনেদৰে থকাৰ পিছত সকলোকে প্ৰণাম জনাই পঢ়া কোঠালৈ আহিল আৰু চকীত বহি এটি আধালিখা প্ৰবন্ধ উলিয়াই লিখিবলৈ আৰম্ভ কৰিলে প্ৰবন্ধটোৰ বাকী থকা অংশ, কাৰণ অসমীয়া খবৰলৈ পিছদিনা পঠিয়াব লাগিব ছাব্বিশ জানুৱাৰীত প্ৰকাশ কৰিবলৈ "গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য' বিষয়ক আলোচনা।

দায়িত্ব পালনৰ কেনে নিৰ্মম তাগিদা।

বুকুত পুত্ৰৰ চিতাৰ জুইৰ উত্তাপ লৈ পুত্ৰহাৰা পিতৃয়ে সময়মতে, কথা দিয়া মতে প্ৰবন্ধটো যাতে সম্পাদকৰ হাতত পাৰে, তাৰেই প্ৰচেষ্টা।

এয়েই আছিল আমাৰ পিতা। আমি পিতাৰ আদৰ্শ গ্ৰহণ কৰি জীৱনৰ বাকী দিন কেইটা পাৰ কৰিব পাৰিলেহে জীৱন সাৰ্থক হব, এইষাৰ কথাৰেই পিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। ■

■মানৱতাৰ পূজাৰী শশী শৰ্মা।

দৈনিক অসম

লেখক : প্ৰণৱজ্যোতি ডেকা

শশী শৰ্মাৰ জীৱন ঘাট প্ৰতিঘাটৰ। কিন্তু সেই সকলোবোৰ তেখেতে জয় কৰিছিল তেখেতৰ প্ৰবল ইচ্ছাশক্তিৰ জৰিয়তে। "....সৰ্বদা জিকিব যিটো ইচ্ছা যাৰ বলী, জীৱন যুঁজত ইচ্ছা প্ৰধান সাৰথি, কি ভয় মৰণে-ৰণে, ইচ্ছা সৰ্বদলী....'' --চন্দ্ৰ কুমাৰ আগৰৱালাৰ এই কবিতা ফাকিত যেন তেখেতে বিচাৰি পাইছিল জীৱনৰ পথ। প্ৰায়েই তেখেতে এই কবিতা ফাঁকিৰে অনুজ সকলক প্ৰেৰণা যোগাবলৈ চেষ্টা কৰিছিল।

শশী শৰ্মাই মানুহৰ মাজত মানুহ বিচাৰি ফুৰিছিল। মানুহৰ মাজত জীয়াই থাকিব বিচাৰিছিল। সততা,প্ৰেম ভালপোৱা আছিল যদি তেখেতৰ কায়া, সাহস, মানৱতা আৰু সাম্যৰ পৃথিৱীখন আছিল তেখেতৰ ছায়া।

আজি মই মাত্ৰ কেইটা মান সৰু উদাহৰণেৰে শশী শৰ্মা মানুহজনক পাঠক সমাজত দাঙি ধৰিবলৈ চেষ্টা কৰিম।

কুসংস্কাৰ বিৰোধী শিশু কালৰ শশী:

স্বাধীনতাৰ আগৰ কালছোৱাৰ কথা। [[3]] চন। আমাৰ সমাজখনত শিক্ষাৰ পোহৰ তেনেকৈ পৰা নাছিল। অন্ধবিশ্বাস কুসংস্কাৰ আৰু বেজ বেজালিৰ ওপৰত নিৰ্ভৰ কৰি তেতিয়াৰ সমাজখন চলি আছিল। সেই সময়ত চিকিৎসালয়ৰ সংখ্যা আছিল তেনেই তাকৰ। পুখুৰী, ডোবাৰ পানী খাই মানুহ হাইজা, গ্ৰহণীত পৰি মৰিছিল। বেজ কবিৰাজ লগাই জৰা ফুঁকাই আছিল সেই সময়ৰ চিকিৎসা পদ্ধতি। তেতিয়া শশী শৰ্মাৰ বয়স বোধহয় দহ এঘাৰৰ বেছি নহয়। গাঁৱত কোনোবাৰ অসুখ হোৱা বুলি শুনিলে সেই সৰু লৰাজন দৌৰি গৈ খবৰ লৈছিল, ডাক্তৰী ঔষধ খাবলৈ পৰামৰ্শ দিছিল। সৰু লৰাটোৰ কথাত সেই সময়ত প্ৰথমে কোনেও মন দিয়া নাছিল! কিন্তু কণমানি শশী কথাই কামে একে। নলবাৰী গৰ্ডনত পঢ়ি থকা সময়ত বেগ এখনত প্ৰায়ে 'চিচাৰ বটল' লৈ গৈছিল আৰু বটলবোৰ মহেন্দ্ৰ দোকানীৰ দোকানত জমা থৈ গৈছিল। ঘূৰি আহোঁতে

চৰকাৰী চিকিৎসালয়ৰ পৰা বেমাৰৰ বৰ্ণনা দি ঔষধ লৈ ৰোগীৰ ঘৰে ঘৰে দি থৈ আহিছিল। কণমানি লৰাটোৰ এই নিষ্ঠা দেখি গাঁৱৰ মানুহৰ তেওঁৰ প্ৰতি মৰম উপজিছিল। যাৰ ফলত গাঁৱৰ মানুহৰ আধুনিক চিকিৎসাবিজ্ঞানৰ প্ৰতি বিশ্বাস জন্মিছিল। ডাক্তৰে তেওঁক বটল কঢ়িওৱা লৰা বুলি মাতিছিল। ডাক্তৰে এই সৰু লৰাটোৰ গাঁৱৰ মানুহখিনিৰ প্ৰতি থকা মৰম দেখি আপ্লুত হৈ পৰিছিল। আনকি গাঁৱৰ কোনোবা নৰীয়াত পৰিলে তেওঁ ডাক্তৰক তিনি মাইল দূৰত্বৰ গাঁৱলৈ মাতি নিছিল, ডাক্তৰে কেতিয়াও না বুলি কোৱা নাছিল। সঁচা কবলৈ গলে, গাঁৱৰ কেইবাজনো লোক মৃত্যু মুখৰ পৰা ঘূৰি আহিছিল। ডাক্তৰৰ ভিজিত চাৰি অনা কেতিয়াবা নিজৰ সাঁচতীয়া পইচাৰ পৰা দিব লগীয়া পৰিস্থিতিও হৈছিল। এই কথা জানিব পাৰি পিছলৈ ডাক্তৰে দুখীয়া লোকৰ পৰা মাননি লোৱা নাছিল। যি মূলা বাঢ়ে, দুপাততে চিন, শশী শৰ্মাৰ ক্ষেত্ৰতো এই কথাফাকি আখৰে আখৰে মিলি যায়। হাইস্কুলত পঢ়ি থকা এই সৰু লৰাটোৰ বিজ্ঞান মানসিকতা আৰু মানৱীয় প্ৰমূল্যসমূহ সমগ্ৰ জীৱন জুৰি থাকি গল, জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে যুক্তি আৰু বিজ্ঞান মানসিকতাক নিষ্ঠাৰে পালন কৰি ২০০৩ চনতে চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ কামৰ বাবে মৰনোত্তৰ অংগদানৰ যাৱতীয় ব্যবস্থা কৰি থৈ গৈছিল। তেতিয়া ইলোৰা বিজ্ঞান মঞ্চৰ জন্ম হোৱা নাছিল, সেই বাবে ব্যক্তিগত চেষ্টাৰে উইল কৰি পিছত ইলোৰা বিজ্ঞান মঞ্চক মৰণোত্তৰ দেহদান কাৰ্যকৰী কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছিল। ইতিমধ্যে তেখেতৰ চকুৰ পৰা আহৰণ কৰা কৰ্নিয়াই দুজন মানুহৰ অন্ধতা দূৰ কৰিছে বুলি আমি জানিব পাৰিছো।

শশী শৰ্ম্মাৰ বিজ্ঞান মানসিকতাৰ যাত্ৰা আৰম্ভ হৈছিল ১৯৪৩ চন মানত, হেমচন্দ্ৰ বৰুৱাৰ পথ অনুসৰণ কৰি কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে নিৰন্তৰ ভাবে যুঁজ দিছিল। কিন্তু দুখৰ বিষয় আজিৰ বিজ্ঞানৰ যুগতো মানুহৰ মানসিকতা কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বীজাণুৰ পৰা মুক্ত হোৱা নাই, ই যেন আৰোগ্য নোহোৱা এক ব্যাধিহে।

শিলেৰে বন্ধোৱা হৃদয়:

সিদিনা আছিল ২২জানুৱাৰী, ২০১৫ চন।

লাখুটিত ভৰ দি শশী শৰ্মাই একমাত্ৰ পুত্ৰৰ মুখাগ্নি কৰাৰ পিছত অশ্ৰুসিক্ত নয়নেৰে মোৰ হাতখন খামুচি ধৰি কলে, "মোক ঘৰলৈ লৈ বলা।"

ঘৰলৈ আহি নিজে নিজে গা পা ধুলে। কাপোৰ কানি সলাই চোতালত তেখেতৰ বাবে অপেক্ষাৰত গণ্যমান্য ব্যক্তি সকলৰ সতে মত বিনিময় কৰিলে। তেওঁলোকে শশী শৰ্মাক শান্ত্বনা দিবলৈ চেষ্টা কৰিলে। সদায় মুখত লাগি থকা নিৰ্মল সতেজ হাঁহিটো সেইদিনাও আছিল, শোকৰ বোজাই ভাঙি পেলোৱা মনটোক স্থিৰ হৈ থাকিবলৈ দি কলে, "আপোনালোকে চিন্তা নকৰিব। মোৰ দৰে আৰু বহু পিতৃ আছে, যি তেওঁলোকৰ একমাত্ৰ সন্তানক হেৰুৱাইছে। আপোনালোকৰ সন্তান মোৰো সন্তান। মই সমাজৰ মানুহ, সমাজখনেই মোৰ পৰিয়াল। আপোনালোকৰ মাজতে মই জীয়াই থাকিব বিচাৰোঁ। সমাজৰ বাবে কৰিবলগীয়া কাম মোৰ শেষ হোৱা নাই। মই মোৰ দায়িত্ব পালন কৰি যাম। যিদিনাই মোৰ কৰ্মশক্তি হেৰাই যাব, মই ইচ্ছামৃত্যু গ্ৰহণ কৰিম।" .... বুকুখনত হেঁচা মাৰি ধৰি তেখেতে কৈ গল, "মোৰ হৃদয়খন শিলেৰে বন্ধাই থৈছো, ব্যক্তিগত শোক সন্তাপে মোক উটুৱাই নিব নোৱাৰে।"

এই কথা সহ্য কৰিব নোৱাৰি কোনোবা এগৰাকীয়ে তেখেতৰ ভৰি দুখন সাৱটি ধৰি উচুপিবলৈ ধৰিলে, কিন্তু শশী শৰ্মা যেন হিমালয় সদৃশ দৃঢ়!! ওলোটাই তেখেতেহে সান্ত্বনা দিবলগীয়া অৱস্থা! কিছু সময় তেনেদৰে থকাৰ পিছত সকলোকে নমস্কাৰ জনাই পঢ়া কোঠালৈ সোমাই আহিল, সকলোৱে ভাবিছিল, পুত্ৰ বিয়োগত ম্ৰিয়মাণ হৈ থকা 'চাৰে' হয়তো জিৰণি লব, হয়তো টোপনি যাব! কিন্তু নাই, তেখেতে চকীখনত কিছু সময় মৌন হৈ বহি থাকিল, যেন ধ্যানমগ্ন ঋষি! দহ মিনিটমান তেনেদৰে থকাৰ পিছত টেবুলত থকা কলমটো হাতত ল'লে, আধালিখা প্ৰবন্ধটো উলিয়াই লাহে লাহে লিখি গল ..., ভাৰতবৰ্ষৰ সংবিধান, ধৰ্মনিৰপেক্ষতা আৰু গণতন্ত্ৰ.......

ঔৎসুকতা দমাব নোৱাৰি মই তেখেতৰ কাষত থিয় দিয়াত কলে,

"অসমীয়া খবৰক লাগে ছাব্বিশ জানুৱাৰীত প্ৰকাশ কৰিবলৈ গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য বিষয়ক আলোচনা। মই আজি এইটো সম্পূৰ্ণ কৰিবই লাগিব। মই দিম বুলি কথা দিছোঁ। তুমি সম্পাদকৰ হাতত দিয়াৰ ব্যৱস্থা কৰিবা।"

মই তবধ মানিলোঁ। বুকুত পুত্ৰৰ চিতাৰ জুইৰ উত্তাপ লৈ সদ্য পুত্ৰহাৰা পিতৃয়ে কথা দিয়া মতে প্ৰবন্ধটো সম্পাদকৰ হাতত তুলি দিয়াৰ কি নিৰ্মম প্ৰচেষ্টা! মনৰ দৃঢ়তা আৰু দায়িত্ববোধ কিমান গভীৰ হলে এগৰাকী ব্যক্তি সিদ্ধান্তত অবিচল হৈ থাকিব পাৰে! এনে দৃঢ় মনৰ অধিকাৰী আমাৰ সমাজত হয়তো কৰবাত দুই এজন থাকিব পাৰে, সততে যাক দেখা নাযায়। এনে এক বিৰল ব্যক্তিত্বৰ অধিকাৰী আছিল শশী শৰ্মা, নিজৰ সন্তানৰ মৃত্যু বছৰকাৰ্ল মাৰ্ক্সৰ বাহিৰে এনে দৃষ্টান্ত দিব পৰা সাহিত্যিক পৃথিৱীত আৰু এজন আছে বুলি এই সময়ত মনত পৰা নাই। পুত্ৰৰ মৃত্যুৰ বাতৰি শুনিও শেষলৈকে নাটকত অভিনয় কৰি যোৱা নটসূৰ্য ফণী শৰ্মাৰ (সম্পৰ্কত শশী শৰ্ম্মা বিঐয়েক)ৰ উদাহৰণ এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি।

সাহিত্যিক পেঞ্চনৰ আঁৰৰ কথা:

সাহিত্যিক পেঞ্চনৰ বাবে এদিন মই ফৰ্ম এখনত চহী কৰিবলৈ কলো। চনতো বোধহয় ১৯৯৩। তেখেতৰ চকু মুখৰ ভাব ভঙ্গী দেখিয়েই বুজিছিলোঁ, মোৰ ওপৰত তেখেতৰ বহু খং উঠিছে, কিন্তু সেই খং হাঁহিলৈ ৰূপান্তৰ কৰি কলে, "চোৱা প্ৰণৱ, মই সেই সকলৰ মাজত নাই, যিয়ে নিজৰ স্বীকৃতি নিজে বিচাৰে। ই চৰকাৰৰ দায়িত্ব। মই আবেদন নজনাও।"

এইটো ঘটনাৰ এবছৰমান পিছত শশী শৰ্মাৰ নাচোৰবান্দা মনোভাৱৰ কথা কেনেবাকৈ ড° অমলেন্দু গুহই জানিব পাৰি মোক মাতি পঠিয়ালে।

"শৰ্মাইতো চাকৰিৰ অৱসৰৰ পিছত পেঞ্চন নাপায়?" গুহ চাৰে সুধিলে।

"নাই নাপায়।'' মই উত্তৰ দিলো।

"সংসাৰ কেনেকৈ চলে?"

"বাতৰি কাকতত লিখি চাৰি পাছ হেজাৰ মান পায়। ভাড়া ঘৰ আছে, দুই হাজাৰ পায়। বচ, সিমানেই।"

"তুমি কালি মোৰ লগত ওলাবা। দুজনমান বিশিষ্ট লোকৰ ঘৰলৈ যাম।" গুহ ছাৰৰ নিৰ্দেশ মোৰ প্ৰতি।

গুহ চাৰে কোৱা ধৰণে পিছদিনা ছাৰৰ ঘৰলৈ আহি এখন আবেদন পত্ৰ প্ৰস্তুত কৰিলোঁ। চাৰে কৈ গল, মই লিখি থাকিলোঁ। আবেদন খনৰ ভাষাৰ পৰা বুজিলোঁ, কেই গৰাকীমান বুদ্ধিজীৱীয়ে চৰকাৰক অনুৰোধ জনাব যাতে শশী শৰ্মাক পেঞ্চন দিবলৈ। লগত গাঁঠি দিয়া হল তেখেতৰ সাহিত্যকৃতি আৰু প্ৰকাশিত গ্ৰন্থৰ তালিকা। সেইখন হাতত লৈ আমি ছাৰৰ উলুবাৰীৰ ঘৰৰ পৰা ওলাই চিটিবাছত উঠিলোঁ। তাৰ আগতে মই অটো' লোৱাৰ প্ৰস্তাব দি ছাৰৰ ধমক খাই থৈছো। দিছপুৰ পাই বাছৰ পৰা নামিলো। হেঙেৰাবাৰী বুলি ৰিক্সাত উঠিলোঁ। প্ৰথমে গলোঁগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ ঘৰলৈ। বোধহয় চৰকাৰী আবাস, অৱস্থা বৰ ভাল নহয়। গোলাপ বৰবৰাই নিঃসংকোচে তাত চহী কৰিলে। তাৰ পিছত বিশিষ্ট কথা শিল্পী হোমেন বৰগোহাঞি। এনেদৰে আমি চাৰিদিনমানৰ ভিতৰত ঘূৰি ফুৰি অনিমা গুহ, নিৰুপমা বৰগোহাঞি, যতীন বৰগোহাঞি, ইছমাইল হুছেইন(কনিষ্ঠ), নৱকান্ত বৰুৱা, যোগেশ দাস আদিৰ পৰা স্বাক্ষৰ সংগ্ৰহ কৰি বিভাগীয় কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰিছিলোঁ। মনত বিশ্বাস জন্মিছিল, ছাৰৰ এই চেষ্টা বিফলে নাযায়। শশী শৰ্মাৰ প্ৰতি গুহ ছাৰৰ মৰম দেখি যিমান আচৰিত হৈছিলো তাতকৈ তেখেতৰ সু চিন্তিত সুপৰিকল্পিত কামে মোক গুহ ছাৰৰ প্ৰতি শ্ৰদ্ধাত মূৰ দো খাই গৈছিল। ইয়াৰ পিছৰ পৰা ছাৰৰ পৰিয়ালটোৰ লগত মোৰ ঘনিষ্ঠতা গাঢ় হৈছিল আৰু ছাৰৰ মৃত্যুৰ পিছতো মই সময় পালেই অনিমা বাইদেউৰ খবৰ লবলৈ এৰা নাই। উদাৰমনা অমলেন্দু গুহ ছাৰ আৰু শশী শৰ্মাৰ উদাৰতাৰ মাজত বহুত মিল আছিল। মই জনাত শশী শৰ্মাৰ গুহ ছাৰৰ প্ৰতি আছিল অকৃত্ৰিম ভালপোৱা আৰু শ্ৰদ্ধা।

যি নহওক, ১৯৯৫ চনত শশী শৰ্মালৈ অসম চৰকাৰে সাহিত্যিক পেঞ্চন আগবঢ়ালে। এই পেঞ্চন গ্ৰহণ কৰি তেখেতে জনাইছিল যে, "মোৰ পেঞ্চনৰ বাবে গুৱাহাটীৰ একাংশ আগশাৰীৰ সাহিত্যিক, গৱেষকে চৰকাৰক অনুৰোধ জনাইছিল,সেই বাবেই মই সেই পেঞ্চন অগ্ৰাহ্য কৰাৰ নৈতিক মনোবল হেৰুৱাই পেলালোঁ...., বিশেষকৈ এই ক্ষেত্ৰত অমলেন্দু গুহৰ মোৰ প্ৰতি থকা অকৃত্ৰিম মৰম সদায় মনত ৰাখিম"

অন্তিমৰ একাষাৰ:

অন্তিমৰ কথা নামৰ আত্মজীৱনীখন শশী শৰ্মাই লিখা শেষ গ্ৰন্থ। কিতাপখনৰ পাতনিতে "অন্তিমৰ একাষাৰ" লেখাটোৰ জৰিয়তে তেখেতৰ মনৰ মাজত বিচৰণ কৰি ফুৰা কিছু কথা কবলৈ চেষ্টা কৰিছে। অন্তিমৰ কথা লিখি থকা সময়খিনি তেখেতৰ বাবে বৰ সুখকৰ নাছিল। বাৰ্ধক্যজনিত বেমাৰ আজাৰে তেখেতক দুৰ্বল কৰি তুলিছিল। স্মৃতি বিভ্ৰম আৰম্ভ হৈছিল। এনে এক পৰিস্থিতিৰ মাজত উপলব্ধি কৰিব পাৰিছিল যে এইখনেই হয়তো হব তেখেতৰ শেষ গ্ৰন্থ। এই নামটো শশী শৰ্মাই নিজেই দিছিল। কৈছিল,

"মোৰ বয়সে নব্বৈত ভৰি দিলে। বৃদ্ধত্বই মোৰ দেহ মন বাৰুকৈয়ে স্পৰ্শ কৰিছে, কিন্তু আপোনালোকৰ মৰম ভালপোৱা, পৰিয়ালৰ পৰিচৰ্যা আৰু ডাক্তৰ বন্ধু সকলৰ শুশ্ৰূষাই মোৰ মনটোক এতিয়াও নিষ্ক্ৰিয় হব নিদিয়াকৈ ৰাখিছে, হয়তো আৰু কিছু বছৰ জীয়াই থাকিব পাৰিম, চিন্তা আৰু চেতনাক বৃদ্ধত্বই বিকল কৰি তুলিব নোৱাৰালৈকৈ, এনে এটি আশা বুকুত লৈ মই আজিও লিখি আছোঁ। লিখি উলিয়াইছো, মোৰ ডায়েৰীৰ পৃষ্ঠাই পৃষ্ঠাই সজীৱ হৈ থকা জীৱনৰ অলিয়ে গলিয়ে সম্মুখীন হোৱা বিভিন্ন ঘাট প্ৰতিঘাত, পোৱা নোপোৱাৰ অন্তিম স্মৃতিচাৰণ, "অন্তিমৰ কথা", হয়তো এইখনেই হব পাৰে মোৰ জীৱনৰ অন্তিম লেখা। মাজে মাজে কলম থমকি ৰয়, স্মৃতি বিভ্ৰমত দিক বিদিক হেৰাই যায়, তথাপিও চেষ্টা এৰি দিয়া নাই। অৱশ্যে মই আশাবাদী, আপোনালোকৰ মৰম চেনেহে মোক লিখি থাকিবলৈ মনত শক্তি দিব।

সমগ্ৰ জীৱনটোত কেৱল লিখিয়েই থাকিলোঁ, এখন নতুন সমাজ দেখা পোৱাৰ আশাত। সাম্যবাদী দৰ্শনে মোক সমাজখন নতুনকৈ চাবলৈ শিকালে, মানুহক ভাল পাবলৈ শিকালে, উদাৰ মানসিকতা সম্পন্ন ব্যক্তি ৰূপে গঢ়ি তুলিলে। সাৰে থকা অৱস্থাত এটা মিনিট সময়ো অপচয় নকৰাকৈ বহু গ্ৰন্থ লিখিলোঁ, কাকত আলোচনীত বহু কথাই লিখিলোঁ, এই লেখাবোৰে পাঠকৰ সমুখত মোক হয়তো এগৰাকী লেখক হিচাবে প্ৰতিষ্ঠা কৰিলে, কিন্তু যেতিয়ালৈ মই গ্ৰহণ কৰা আদৰ্শই সমাজখনক দিক নিৰ্দেশনা দিব নোৱাৰে, নতুন প্ৰজন্মক আকৰ্ষিত কৰিব নোৱাৰে, সমগ্ৰ জীৱন জোৰা মোৰ এই সাধনাৰ কিবা মূল্য থাকিবনে? বিচাৰ আপোনালোকে কৰিব।"

এইখিনি কথা লিখাৰ তাৰিখটো আছিল [[4]], অৰ্থাৎ জীৱনৰ শেষ কালছোৱাত উপলব্ধি কৰিছিল সেই নিৰ্মম সত্য। কিন্তু আমিও সদায় আশাবাদী, তেখেতৰ জীৱনজোৰা সাধনা অথলে নাযায়। সঠিক সময়ত ৰাইজে বুজি পাব, এইগৰাকী দূৰদৰ্শী মহানজন দৰদী সাহিত্য কৰ্মীয়ে একো ভুল দেখা নাছিল। নিপীড়িত,নিৰ্যাতিত সাধাৰণ মানুহৰ অৰ্থনৈতিক মুক্তি আনি দিব পৰা সাম্যবাদী আদৰ্শ এদিন জনতাই গ্ৰহণ কৰিব। ,■■■

৯)মানৱতাৰ পূজাৰী শশী শৰ্মা॥

দৈনিক অসম প্ৰকাশ ০৮/০২/২০২০

লেখক : প্ৰণৱজ্যোতি ডেকা

১০)নিয়মীয়া বাৰ্তা

যি গৰাকী মহান ব্যক্তিৰ দ্বাৰা আমি উদ্বুদ্ধ

লেখক: প্ৰণৱজ্যোতি ডেকা

বিশেষণ

সম্পাদনা কৰক

'নতুন দিনৰ স্বপ্নলিপিকাৰ' বুলি সাহিত্যিকগৰাকীক কোনোবাই সন্মান যাচিছিল নেকি? --Chandan Chiring Phukon Let's chat 04:58, 14 September 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক

"শশী শৰ্মা" পৃষ্ঠালৈ উভতি যাওক।