বাৰ্তা:হীৰেন ভট্টাচাৰ্য
এই পৃষ্ঠাখন হীৰেন ভট্টাচাৰ্য-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
---|---|---|---|
|
|
হীৰেন ভট্টাচার্যৰ পৰা তুলি অনা হ’ল| তথ্যবোৰ একত্ৰীকৰণ কৰাৰ পাছত অনুগ্ৰহ কৰি নিমোক্ত তথ্য বিলোপ কৰি দিব| বাংলা ’ৰ’ এই সোমাই আছে| মন কৰিব|
চমু পৰিচয় : হীৰেন ভট্টাচর্য অসমৰ আগশাৰিৰ কবিসকলৰ ভিতৰত অন্যতম । তেখেতে অসমীয়া ভাষাত ১৩ খন আৰু বাংলা ভাষাত ২ খনকৈ কবিতা সংকলন প্ৰকাশ পাইছে । তাৰোপৰি অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা সিঁচৰিত হৈ আছে ।
চমু জীৱনি :
জন্ম : ২৮ জুলাই, ১৯৩২ ইং চন ।
জন্মস্হান : যোৰহাট, অসম প্ৰদেশ, ভাৰত ।
পিতৃৰ নাম : স্বর্গীয় তীর্থনাথ ভট্টাচাৰ্য ।
মাতৃৰ নাম : স্বর্গীয় স্নেহলতা ভট্টাচাৰ্য ।
হীৰেন ভট্টাচৰ্যৰ কবিতাবোৰত আটাইকেইবিধ সাহিত্যৰস বিদ্যমান । তেখেতৰ দেশপ্ৰেমমূলক কবিতাবোৰ ১৯৮৩ চনৰ অসম আন্দোলনৰ সময়ত প্ৰতিজন আন্দোলনকাৰী অসমীয়াৰ মুখে মুখে উচ্চাৰিত হৈছিল ।
তেখেতৰ কবিতাবোৰৰ সুন্দৰ প্ৰকাশভঙ্গী, প্ৰাঞ্জল ভাষা আৰু অপূৰ্ব শব্দচয়নে অসমৰ প্ৰকৃত ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে ।
১৯৫৭ চনত কবিতাৰ পৃথিৱীলৈ তেখেতৰ আগমন ঘটে ।
প্ৰকাশিত কবিতা সংকলন :
১। মোৰ দেশ মোৰ প্ৰমৰ কবিতা
২। বিভিন্ন দিনৰ কবিতা
৩। কবিতাৰ ৰ'দ
৪। সুগন্ধি পখিলা
৫। শইচৰ পথাৰ মানুহ
৬। মোৰ প্ৰিয় বৰ্ণমালা
৭। ভালপোৱাৰ বোকা-মাটি
৮। ভালপোৱাৰ দিকচৌ বাটেৰে
৯। বাচকবনিয়া কবিতা
হীৰেন ভট্টাচাৰ্যৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন হীৰেন ভট্টাচাৰ্যক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।