বাৰ্তা:ৰুণুমী (চলচ্চিত্ৰ)

ফেচবুকত গোটত হোৱা আলোচনাৰ প্ৰতিলিপি

Bishnu Saikia: Uddip দা :) হেল্প ... ৰুণুমীৰ এখন তালিকাত চনটো ১৯৪৮ বুলি পালো আনহাতে আনখনত ১৯৫২ ...

Himjyoti Talukdar ড: বেজবৰুৱা মুক্তিৰ চন : 1969 Assam State Film (Finance & Development) Corpn. Ltd ৰ তথ্য মতে। ৰুণুমীৰ মুক্তি চন 1952। ৰুণুমী খন মুক্তিৰ কেইমাহমান পাছতে নিষিদ্ধ কৰি দিয়া হৈছিল।

Bishnu Saikia "ৰুণুমী" লিখি আছো

Himjyoti Talukdar: "চলচ্চিত্ৰখনে দৰ্শকৰ এটা ভাল সঁহাৰি পোৱাৰ পাছটো" বাক্যটো ভাল হ'বনে উল্লেখ কৰাটো? কাৰণ চলচ্চিত্ৰ সমালোচক প্ৰফুল্লকুমাৰ দত্তৰ এটা প্ৰবন্ধ মতে ৰুণুমীখন আছিল এখন ফ্লপ ছবি। তাৰ মাথোঁ এটা গীতহে খুউব জনপ্ৰিয় হৈছিল। (ছবিৰ গুণাগুণৰ বিষয়ে লিখাটো সিমান সমীচিন নহ'ব চাগৈ। তথ্যখিনিয়ে মোৰ বোধেৰে যথেষ্ট)

Bishnu Saikia ধন্যবাদ| কিন্তু ম‍ই পোণপটীয়াকৈ অনুবাদহে কৰিছো| বিশেষ নাজানো এই বিষয়ে|

Uddip Talukdar: যদি সমালোচনাৰ তথ্য বা ব্ক্স অফিচৰ সাফল্যৰ তথ্য দিব পৰা নাযায়, তেন্তে ছবিখনৰ সাফল্য আদি উল্লেখ নকৰিলেই হ'ল।

Bishnu Saikia: ভাল বাৰু| উদ্দীপদাই এবাৰ হাত দিব নেকি ?

Uddip Talukdar: Himjyoti Talukdar, Assam State Film (Finance & Development) Corpn. Ltd ইয়াৰে লিংক বা অইন কিবা ধৰণে উদ্ধৃতি দিব পাৰিলে আগবঢ়াই দিবা। Bishnu Saikia, চাই আছোঁ ৰ'বা।


Himjyoti Talukdar: সেইখন এখন তথ্যচিত্ৰ আছিল। অনলাইন উপলব্ধ নহয়। Uddip Talukdar দা


Uddip Talukdar: হুম, অসমীয়া বস্তুৰ ৰেফাৰেন্স দিবলৈ এইটো এটা ডাঙৰ অসুবিধা।


Uddip Talukdar asffdc-য়ে পাঞ্জাবাৰীত এটা চিনেমাৰ মিউজিয়াম খুলিব হেনো। অহাবছৰলৈ ৰ'ব লাগিব যেন পাইছোঁ :) Assam State Film (Finance and Development) Corporation Ltd

Bishnu Saikia ৰুণুমীৰ মুক্তিৰ তাৰিখ পোৱা যাবনে ?


Uddip Talukdar Dwijen Mahanta, -দাই খবৰ কৰিব পাৰে। বিশ্বনাথ চাৰিআলিত ফুকনৰ ভাতৃৰ হাতত চিনেমাখনৰ ৰীল পোৱা গৈছিল। [http://www.hindustantimes.com/News-Feed/guwahati/Banned-in-1952-Assamese-film-pops-up-to-ask-questions/Article1-519190.aspx Banned in 1952, www.hindustantimes.com]


Himjyoti Talukdar ৰুণুমীৰ মুক্তি তাৰিখটো মোৰ জ্ঞাত নহয়। কিন্তু মে' মাহত যোৰহাটৰ আৰতি টকীজত প্ৰথম মুক্তি লভিছিল।


Uddip Talukdar ৰুণুমীখন দৰ্শকৰ মাজত ভালেই চলিছিল বুলি assam tribune-ৰ লেখাটোত উল্লেখ কৰা হৈছে।


Himjyoti Talukdar সেয়াই খেলিমেলি। সকলোৰে নিজৰ নিজৰ মত। গতিকে গুণাগুন বাদেই দিয়ক আৰু! :D


Uddip Talukdar পাছত চবেই ভালেই চলিছিল বুলিয়েই লিখে!


Dwijen Mahanta "ৰুণুমী"_ মুক্তিৰ চন ১৯৪৮। পৰিচালক-সুৰেশ ফুকন/সংগীত পৰিচালক-দৰ্পনাথ শৰ্মা।(তথ্য:অৰুণলোচন দাসৰ 'অসমীয়া চলচ্চিত্ৰ(১৯৩৫-১৯৫০)


Himjyoti Talukdar অৰুণলোচন দাসৰ গ্ৰন্থখনত ভুল তথ্য আছে যেন লাগিছে। সুৰেশ গোস্বামী হে হয় পৰিচালক, ফুকন নহয়।


Dwijen Mahanta: Himjyoti Talukdar নহয় ভুলটো মোৰহে। ফুকন নহয় গোস্বামী হব।দু:খিত।


Himjyoti Talukdar: তেন্তে চনত খেলিমেলি হৈ আছে। 1952 চনেই হ'ব লাগে বোধহয়। কাৰণ চিনেমাখন বিষ্ণুৰাম মেধিৰ দিনত নিষিদ্ধ হৈছিল। 1948 ত মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আছিল।

Dwijen Mahanta : আজি বিচাৰিবলৈ নহব। কালিলৈ দিনত আলমাৰি খুলি চাব লাগিব।

"ৰুণুমী (চলচ্চিত্ৰ)" পৃষ্ঠালৈ উভতি যাওক।