বিগ ডাটা

অতি বৃহদাকাৰ আৰু জটিল তথ্যৰ সমষ্টি


বৃহৎ-তথ্য বা বিগ ডাটা (ইংৰাজী: Big Data) হ’ল এনে কিছু তথ্যৰ সমষ্টি যি অতি বৃহদাকাৰ আৰু জটিল আৰু ই গতানুগতিক তথ্য বিশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষণৰ বাবে অনুপযুক্ত। বিগ ডাটাৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত অন্যতম হৈছে তথ্য-আহৰণ, তথ্য-সংৰক্ষণ, তথ্য-বিশ্লেষণ, তথ্য-সন্ধান, তথ্য-ভাগ-বতৰা, তথ্য-স্থানান্তৰ, তথ্যগোপনীয়তা আদি। বিগ ডাটাৰ ৫টা মাত্ৰা হ’ল: আয়তন, ভিন্নতা, বেগ আৰু সম্প্ৰতি যোগকৃত ভাৰসাম্য আৰু মানদণ্ড।

বৰ্তমান 'বিগ ডাটা' শব্দটোৰ ব্যৱহাৰ পূৰ্বানুমাণিক বিশ্লেষণ, ব্যৱহৰকাৰীৰ আচৰণ বিশ্লেষণ অথবা তেনে কিছুমান উচ্চ পৰ্যায়ৰ বিশ্লেষণ পদ্ধতি, যাৰ সহায়ত তথ্যৰ পৰা গুৰুত্বপূৰ্ণ- আহৰণ কৰাৰ পদ্ধতিসমূহকে সাধাৰণতে বুজোৱা হয়, কাৎচিতহে তথ্যৰ আকাৰ প্ৰকাৰ বুজোৱা হয়। বৃহত-তথ্যৰ লগত জড়িত অসুবিধাসমূহ আলোচনা কৰিবলৈ বিজ্ঞানী, ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিষয়া, চিকিৎসক, বিজ্ঞাপন দ্বাতা, চৰকাৰী বিষয়া আদিয়ে সঘনে মিলিত হয়। তেওঁলোকে এক বিশাল পৰিশৰৰ বিষয় যেনে, আন্তঃজাল সন্ধান, বাণিজ্য প্ৰযুক্তি, নগৰাঞ্চল তথ্য-বিজ্ঞান, বাণিজ্যিক তথ্য-বিজ্ঞান, বতৰ-বিজ্ঞান, বংশতত্ত্ব, জতিল পদাৰ্থ-বিজ্ঞানৰ ৰূপাঙ্কন, জীৱ-বিজ্ঞান, পৰিৱেশ বিজ্ঞান আদি।

তথ্য-সমষ্টি অতি সোনকালে বৃদ্ধি পায়, কিয়নো তথ্য আহৰণ কৰা হয়, ক্ৰমাণ্ণয়ে অধিমূল্য কমি অহা আৰু সংখ্যা বাঢ়ি অহা তথ্য-সংবেদক ইণ্টাৰনেট অফ্‌ থিক্স সঁজুলিৰ সহায়ত, যেনে মোবাইল ফোন, আকাশী দূৰ সংবেদক, চফ্টৱেৰ লগ, কেমেৰা, মাইক্ৰফোন, RFID, বেতাঁৰ সংবেদকৰ নেটৱৰ্ক আদি।

সংজ্ঞা সম্পাদনা কৰক

'বিগ-ডাটা' শব্দটো ১৯৯০ দশকৰ পৰাই প্ৰচলিত হৈ আছে। জন মেছিয়ে ইয়াক জনপ্ৰিয় কৰে বুলি কিছুলোকে কয়। ই সচৰাচতে এনে তথ্য-সমষ্টিক বুজায়, যি তথ্য আহৰণ, শুদ্ধিকৰণ, পৰিচালনা আৰু বিশ্লেষণ আদি সাধাৰণতে ব্যৱহৃত সঁজুলিসমূহে নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিব নোৱাৰে। কিন্তু সময় যোৱাৰ লগে লগে, প্ৰযুক্তিৰ উন্নতি হোৱাৰ লগে লগে, 'বিগ-ডাটা'ৰ আকাৰৰ লক্ষ্যও বাঢ়ি গৈ আছে। ২০১২ চনত কেই দজনমান টেৰাবাইটৰ পৰা ই কেইবা জেট্টাবাইট হ’লগৈ। এনে ভিন্নতাপূৰ্ণ, জটিল আৰু বৃহদাকাৰ তথ্য-সমষ্টিক নতুন কলনবিধি আৰু প্ৰযুক্তিৰ প্ৰয়োজন।

২০১৮ চনৰ এটা সংজ্ঞাৰ কোৱা হয়, "বহৎ-তথ্য এনে কিছুমান তথ্য সমষ্টি যাক মোকাবিলা কৰিবলৈ সমান্তৰাল কলন পদ্ধতিৰ প্ৰয়োজন হয়।" আৰু টোকাত কোৱা হয়, "ই কম্পিউটাৰ বিজ্ঞানত ব্যৱহৃত সমান্তৰাল কলন পদ্ধতিৰ তত্ত্বৰ এক বিশেষ আৰু স্পষ্ট পৰিৱৰ্তন প্ৰতিনিধিত্ব কৰে।"

তথ্যসূত্ৰ সম্পাদনা কৰক