বিজনী
বিজনী(ইংৰাজী: Bijni) অসমৰ চিৰাং জিলা ত অৱস্থিত এখন চহৰ৷
বিজনী | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | চিৰাং[B.T.A.D.] |
উচ্চতা | ৫৩ মিটাৰ (১৭৪ ফুট) |
জনসংখ্যা (2001) | |
• মুঠ |
12,607 |
ভৌগোলিক বিৱৰণ
সম্পাদনা কৰকবিজনী 26°31′N 90°40′E / 26.52°N 90.67°E ত অৱস্থিত৷ [1] সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৫৩ মিটাৰ (১৭৩ ফুট)৷
বিজনীৰ আশে পাশে থকা গাওঁসমূহ হৈছে-ভেটাগাওঁ, বাটবাৰী, ছাতিয়ানগুৰী, লেচিয়াগাওঁ, আমগুৰী, পুৰাণ বিজনী, গেৰুকাবাৰী, শাকতোলা,গৰৈমাৰি, বাঘমাৰা, মাজৰাবাৰী, পানবাৰী আদি৷
ইতিহাস
সম্পাদনা কৰক১৬৭১ চনৰ পৰা ১৮৬৪ লৈ বিজনী কোঁচ শাসনৰ অধীনষ্ঠ ৰাজধানী আছিল বুলি জনা যায়৷ পৰৱৰ্ত্তী কালত ভূটানৰ ঝালিয়া মেছ (Jhawlia Mech) নামৰ শাসকজনে এই স্থান অধিকাৰ কৰাত ৰাজধানী দুমুৰিয়ালৈ স্থানান্তৰ কৰা হয়৷ ১৮৯৭ চনৰ ভূইকঁপৰ ফলত বহুতো ৰাজকীয় অট্টালিকাৰ ক্ষতিসাধন হোৱাত পুনৰ ৰাজধানীৰ পৰিৱৰ্ত্তন হয়৷ ১৯৫৬ চনত বিজনীত কোঁচ শাসনৰ অন্ত পৰে৷
জনসংখ্যা
সম্পাদনা কৰক২০০১ চনৰ লোকপিয়ল অনুসৰি[2] বিজনীৰ জনসংখ্যা প্ৰায় ১২,৬০৭ জন৷ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ বিজনীৰ সাক্ষৰতাৰ হাৰ ৭৯%, পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮৪% আৰু ৭৩%৷ ইয়াৰ জনসংখ্যাৰ প্ৰায় ১১% ছয় বছৰৰ অনুৰ্ধৰ৷
ৰাজনীতি
সম্পাদনা কৰকবিজনী কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ [3]
আলোকচিত্ৰৰ ভঁৰাল
সম্পাদনা কৰক-
বিজনী ৰেলৱে ষ্টেচনৰ প্লেটফৰ্ম
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Falling Rain Genomics, Inc - Bijni
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.