বিজয় দিৱস (বাংলাদেশ)

বাংলাদেশৰ এটা ৰাষ্ট্ৰীয় দিৱস

বিজয় দিৱস (বাংলা: বিজয় দিবস, ইংৰাজী: Vijay Divas, The Victory Day) হ'ল বাংলাদেশৰ এটা ৰাষ্ট্ৰীয় দিৱস। প্ৰতিবছৰৰ ১৬ ডিচেম্বৰ তাৰিখে বাংলাদেশত এই দিৱস বিশেষভাৱে পালন কৰা হয়। ১৯৭২ চনৰ ২২ জানুৱাৰীত এই দিৱসটোক বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে ঘোষণা কৰা হয়।[1] ৯ মাহ যুদ্ধৰ পাছত ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাকবাহিনীয়ে আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে আৰু তেতিয়াই বাংলাদেশ নামৰ এখন স্বাধীন তথা সাৰ্বভৌম ৰাষ্ট্ৰ গঠন হয়।[2] ১৬ ডিচেম্বৰৰ পুৱা ৩১ বাৰ তোপধ্বনিৰে এই বিশেষ দিৱসৰ সূচনা কৰা হয়। নেচনেল পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত সামৰিক কুচকাৱাজত বাংলাদেশ সেনাবাহিনী, নৌবাহিনী আৰু বিমানবাহিনীৰ সদস্যসমূহে যোগদান কৰে। পেৰেড গ্ৰাউণ্ডত দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে জাতিক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। বাংলাদেশৰ স্বাধীনতা আন্দোলনত ছহিদ হোৱা সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ অৰ্থে ঢাকাত অৱস্থিত জাতীয় স্মৃতিসৌধত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, বিৰোধীদলৰ নেতা কৰ্মী আদি সকলোৱে ফুল অৰ্পণ কৰে।

বিজয় দিৱস
Victory Day
বিজয় দিৱস Victory Day
২০১২ চনত বিজয় দিৱস পেৰেড। নেচনেল পেৰেড গ্ৰাউণ্ড, ঢাকা, বাংলাদেশ
সম্পূৰ্ণ নাম বঙালী: বিজয় দিবস (বিজয় দিৱস)
পালন কৰে  বাংলাদেশ
প্ৰকাৰ ৰাষ্ট্ৰীয়
তাৰিখ ১৬ ডিচেম্বৰ
উদযাপন পতাকা উত্তোলন, ৰাষ্ট্ৰীয় গীত আৰু দেশভক্তিমূলক গীত পৰিৱেশন, ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ভাষণ, সাংস্কৃতিক অনুষ্ঠান।
সম্পৰ্কিত
অৱধি এদিন
সংঘটন বাৰ্ষিক

পাকবাহিনীৰ আত্মসমৰ্পণ সম্পাদনা কৰক

১৯৭১ চনত নতুন মাহৰ ৰক্তাক্ত যুদ্ধৰ পাছত পাকিস্তানী দখলদাৰ বাহিনীয়ে এই দিনটোতেই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল। সেইদিনা ঢাকাৰ কেন্দ্ৰস্থলত ৰেচকোৰ্চ মৈদানত পাকিস্তানৰ হৈ আমিৰ আবদুল্লাহ খান নিয়াজিয়ে আত্মসমৰ্পণৰ দলিলত স্বাক্ষৰ কৰিছিল। এই আত্মসমৰ্পণ অনুষ্ঠানত বাংলাদেশৰ মুক্তিবাহিনীৰ উপ-অধিনায়ক আব্দুল কৰিম খোন্দকাৰ উপস্থিত আছিল যদিও মুক্তিযুদ্ধৰ অধিনায়ক জেনেৰেল ওসমানী উপস্থিত নাছিল। আত্মসমৰ্পৰ দলিলৰ ভাষ্য আছিল:

The Pakistan eastern command agree to surrender all Pakistan armed forces in Bangladesh to Lieutenant General Jagjit Singh Aurora General, officer-commanding in chief of the Indian and Bangladesh forces in the eastern theatre, This surrender includes all Pakistan land, air and naval forces and civil armed forces. They are currently located to the nearest regular troops under the command of Lieutenant General Jagjit singh.

The Pakistan eastern command shall come under orders of Lieutenant-General Jagjit Singh Aurora as soon as this instrument has been signed, Disobedience of orders will be regarded as breach of the surrender terms and will be dealt with in accordance with the accepted laws and usages of war. The decision of Lieutenant General Jagjit Singh Aurora will be final, should any doubt arise as to the meaning or interpretation of surrender terms.

Lieutenant General Jagjit Singh Aurora gives a solemn assurance that personnels who surrender shall be treated with dignity and respect that soldiers are entitled to in accordance with provisions of the Geneva Convention and guarantees the safety and well-being of all Pakistan military and para-military forces who surrenders, protection will be provided to foreign nationals, ethnic minorities and personnels of West Pakistan origin by the forces under the command of Lieutenant General Jagjit singh Aurora.

উদযাপন সম্পাদনা কৰক

১৯৭২ চনৰ পৰা বাংলাদেশত বিজয় দিৱস ৰাষ্ট্ৰীয়ভাৱে পালন কৰি অহা হৈছে। এই দিৱস উপলক্ষে বাংলাদেশৰ সামৰিক বাহিনীয়ে পেৰেড গ্ৰাউণ্ডত কুচকাৱাজৰ আয়োজন কৰে আৰু দেশৰ বিভিন্ন স্থানত বিশেষ আলোচনা অনুষ্ঠান, মতবিনিময় সভা, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হয়। দেশৰ ৰাষ্ট্ৰীয় ঘাইপথবোৰ জাতীয় পতাকাৰে সজোৱা হয়। এই দিৱস উপলক্ষে ঢাকাত অৱস্থিত জাতীয় স্মৃতিসৌধত বিশেষ সন্মান প্ৰদৰ্শন কৰা হয়।

 
জাতীয় স্মৃতি সৌধ, ঢাকা

বিজয় দিৱসৰ কিছু বিশেষ ঘটনা সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Mr. Chowdhury becomes President of Bangladesh. - Cabinet formed by Sheikh Mujib.". Keesing's Record of World Events খণ্ড 18 (2): 25111. February 1972. http://www.keesings.com. 
  2. "আৰ্কাইভ কপি". Archived from the original on 2011-11-08. https://web.archive.org/web/20111108013543/http://www.liberationwarmuseum.org/about-us। আহৰণ কৰা হৈছে: 2016-11-25. 
  3. "Bangladesh Bank-BANGLAPEDIA". Archived from the original on 2016-03-05. https://web.archive.org/web/20160305011157/http://banglapedia.search.com.bd/HT/B_0153.htm। আহৰণ কৰা হৈছে: 2016-11-25. 
  4. "Bangladesh Faces Same Problems". Associated Press. প্ৰকাশক Spartanburg, South Carolina, USA: Herald-Journal, via Google News. http://news.google.com/newspapers?id=dWssAAAAIBAJ&sjid=yMwEAAAAIBAJ&pg=5758,3396908&dq=bangladesh+constitution&hl=en. 
  5. শেখ মুজিবুৰ ৰহমান: অসমাপ্ত আত্মজীবনী, পৃষ্ঠা ৩০০

বাহ্যিক সংযোগ সম্পাদনা কৰক