বিদ্যা মুন্সী (জন্ম কানুগা; ৫ ডিচেম্বৰ ১৯১৯ – ৮ জুলাই ২০১৪) ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এগৰাকী সাংবাদিক আৰু নেত্ৰী আছিল। তৰ্কসাপেক্ষভাৱে তেওঁ ভাৰতৰ প্ৰথমগৰাকী মহিলা সাংবাদিক আছিল।[1][2]

১৯৪৫ চনত এগৰাকী অজ্ঞাত মহিলাৰ সৈতে, বিদ্যা কানুগা (সোঁফালে) আৰু এষ্টাৰ কুপাৰ জেকচন (বাওঁফালে)

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

বিদ্যা কানুগা (পিছলৈ মুন্সী), গুজৰাটী পৰিয়ালৰ এগৰাকী জীয়ৰী আছিল। উকীল পিতৃ আৰু সমাজ কৰ্মী মাতৃৰ ঘৰত ১৯১৯ চনৰ ৫ ডিচেম্বৰত বোম্বাই (মুম্বাই)ত বিদ্যা মুন্সীয়ে জন্মগ্ৰহণ কৰিছিল। স্কুলীয়া শিক্ষাৰ উচ্চ মাধ্যমিক পৰীক্ষাত তেওঁ মহিলাসকলৰ মাজত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছত বোম্বাইৰ এলফিনষ্টোন কলেজত আই এচ ছি পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। ১৯৩৮ চনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ তেওঁ অকলেই ইংলেণ্ডলৈ যাবলৈ সিদ্ধান্ত লৈছিল। [1][2]

ইংলেণ্ডত সাম্যবাদ

সম্পাদনা কৰক

তেওঁৰ দেউতাক এজন বিখ্যাত ক্ৰিমিনেল লয়াৰ আছিল। আৰু তেওঁৰ খুৰাকে তেওঁক ৰাজনীতিৰ সৈতে পৰিচয় কৰাই দিছিল। ১৯৩৮ চনত তেওঁ ইংলেণ্ডত উপস্থিত হৈছিল। যি সময়ত তেওঁ প্ৰি-মেডিকেল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল, সেই সময়তেই দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল। সেয়েহে ভাৰতলৈ ঘূৰি অহাৰ পৰিৱৰ্তে তেওঁ ডাৰহামৰ নিউকেষ্টলৰ কিংছ কলেজত যোগদান কৰিছিল। তাতেই তেওঁ কমিউনিষ্ট মতাদৰ্শ আৰু আন্দোলনৰ সংস্পৰ্শলৈ আহিছিল। তিনি বছৰ পঢ়া-শুনা কৰাৰ পাছত তেওঁ সেই শিক্ষা সিমানতেই ত্যাগ কৰি ইংলেণ্ডত এগৰাকী পূৰ্ণকালীন সক্ৰিয় কৰ্মী হৈ পৰে।

তেওঁ ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ ভাৰতীয় ছাত্ৰ সমাজৰ ফেডাৰেচন (FEDIND)ৰ সচিব হৈছিল। তেওঁ গ্ৰেট ব্ৰিটেইনৰ কমিউনিষ্ট পাৰ্টিৰ (চিপিজিবি) সংস্পৰ্শলৈ আহিছিল আৰু শীঘ্ৰেই সেই পাৰ্টিৰ সদস্য হৈ পৰে। তেওঁ তাত থকা ভাৰতীয় কমিউনিষ্ট আৰু জাতীয়তাবাদীসকলৰ সৈতে সক্ৰিয় সম্পৰ্কত আছিল, যি তেওঁৰ ভৱিষ্যতৰ জীৱন-ধাৰণৰ গতিপথ গঢ় দিছিল। তেওঁ মূলতঃ ফেচিবাদৰ বিৰুদ্ধে চিপিজিবিৰ (CPGB) কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।[3]

১৯৪৩ চনত ইংলেণ্ডত থাকোঁতে তেওঁ আৰু তেওঁৰ সহকৰ্মীসকলে শ্বেফিল্ডত তেওঁলোকৰ প্ৰথম পোষ্টাৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল।[1][2]

এই প্ৰদৰ্শনীখনত দুৰ্ভিক্ষত আক্ৰান্ত বংগৰ লোকসকলৰ আঘাতৰ ওপৰত আলোকপাত কৰা হৈছিল। সংগ্ৰহ কৰা ধন বংগৰ দুৰ্ভিক্ষৰ ভুক্তভোগীসকলৰ বাবে ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল।[1][2]

ডব্লিউ এফ ডি ৱাই (WFDY) ৰ ভেটি

সম্পাদনা কৰক

১৯৪৫ চনৰ অক্টোবৰ–নৱেম্বৰ মাহত লণ্ডনত অনুষ্ঠিত হোৱা 'ৱৰ্ল্ড ফেডাৰেচন অৱ ডেম’ক্ৰেটিক ইউথ' (WFDY)ৰ প্ৰতিষ্ঠা সন্মিলনত তেওঁ অল ইণ্ডিয়া ষ্টুডেণ্টছ ফেডাৰেচন (AISF)ক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল। ইয়াত ৬৭খন দেশৰ প্ৰতিনিধি উপস্থিত আছিল। ভাৰতক বিদ্যা কানুগা, কেটায়ুন বুমলা আৰু এ এইচ চাদেৰে প্ৰতিনিধিত্ব কৰিছিল। ইয়াত এম ৰাচিদ আছিল পৰ্যবেক্ষক। তেওঁলোকে ফেডিণ্ড (FEDIND)ৰ হৈ উপস্থিত থাকে। বিদ্যা কানুগা ডব্লিউ এফ ডি ৱাই সন্মিলনত এক স্থিৰ আৰু স্থায়ী শান্তি নিৰ্মাণত যুৱসকলৰ অংশগ্ৰহণ আয়োগৰ সচিব আছিল।

পেৰিছত অনুষ্ঠিত হোৱা ডব্লিউ এফ ডি ৱাই(WFDY)ৰ প্ৰথম পৰিষদৰ বৈঠক(১৯ জুলাই-৫ আগষ্ট, ১৯৪৬)ত ঔপনিৱেশিক ব্যুৰো গঠন কৰা হয়। বিদ্যা কানুগাক ব্যুৰোৰ দায়িত্ব দিয়া হৈছিল। ইয়াৰ পিছত অগ্ৰাধিকাৰভিত্তিত ভাৰতলৈ খাদ্য প্ৰেৰণ কৰিব লাগে বুলি এক অভিযান চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

বিদ্যাই ১৯৪৫ চনত পেৰিছত অনুষ্ঠিত হোৱা মহিলা আন্তঃৰাষ্ট্ৰীয় গণতান্ত্ৰিক ফেডাৰেচন ডব্লিও আই ডি এফ (WIDF)ৰ প্ৰতিষ্ঠাপক সন্মিলনতো মহিলা আত্ম সুৰক্ষা সমিতি(MARS)ৰ সাধাৰণ সম্পাদিকা এলা ৰিডৰ সৈতে অংশগ্ৰহণ কৰিছিল। এই সন্মিলনখন ১৯৪৫ চনৰ ২৬ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰৰ ভিতৰত ভেলোড্ৰম ডি'হাইভাৰ (শীতকালীন ষ্টেডিয়াম)ত অনুষ্ঠিত কৰা হৈছিল। বিদ্যা আৰু এলা ৰিডে এই বিশাল উদ্বোধনী সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[1][2]

১৯৪৮ চনত ডব্লিউ এফ ডি ৱাই(WFDY)ৰ প্ৰতিনিধি হিচাপে তেওঁ ভাৰতলৈ উভতি আহিছিল। ভাৰতলৈ উভতি আহি তেওঁ ১৯৪৮ চনৰ ফেব্ৰুৱাৰীত কলিকতাত অনুষ্ঠিত দক্ষিণ-পূব এছিয়া যুৱ সন্মিলনৰ প্ৰস্তুতি সমিতিত কাম কৰিছিল।[1][2]

নাৰী আন্দোলন আৰু সাংবাদিকতা

সম্পাদনা কৰক

তেওঁ ১৯৫৪ চনত কলিকতাত নেচনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৱমেন (NFYW)ৰ প্ৰথম কংগ্ৰেছত অংশগ্ৰহণ কৰিছিল। ইয়াত তেওঁ প্ৰেছ লিয়াজন কমিটিত আছিল। এইদৰে তেওঁ এন এফ আই ডব্লিউৰ প্ৰতিষ্ঠাপকসকলৰ ভিতৰত আছিল।

ব্ৰিটেইনৰ পৰা উভতি অহাৰ পিছত তেওঁ ভূগোলবিদ আৰু সাংবাদিক সুনীল মুন্সীক বিয়া কৰায়, যি পিছলৈ এজন বিখ্যাত বুদ্ধিজীৱী, সাংবাদিক আৰু কমিউনিষ্ট হয়গৈ। ইয়াৰ পূৰ্বে সুনীল বম্বেৰ এআইএছএফৰ বিখ্যাত আলোচনী ‘দ্য ষ্টুডেণ্ট’ৰ সম্পাদকও আছিল। প্ৰায়ে 'দ্য ষ্টুডেণ্ট'তো বিদ্যা মুন্সীয়ে লিখিছিল। এই জাৰ্নেলখনতে তেওঁক সাংবাদিক হিচাপে বিবেচিত হৈছিল। তাৰ পিছত তেওঁ কলিকতালৈ স্থানান্তৰিত হৈ ব্লিটজৰ সংবাদদাতা হিচাপে কাম কৰিছিল।[4]বঙলা ভাষা ভালদৰে নজনা সত্ত্বেও তেওঁক এখন বঙালী কাকত 'চলৰ পাথে' সম্পাদনা কৰিবলৈ কোৱা হৈছিল। তাৰ বাবে তেওঁ কঠোৰ শ্ৰম কৰি দ্ৰুতভাৱে ভাষাটো শিকিব লগা হৈছিল।

১৯৫২ চনৰ পৰা ১৯৬২ চনলৈকে তেওঁ বোম্বাইৰ সাপ্তাহিক আলোচনী "ব্লিটজ"ৰ কলিকতা সংবাদদাতা হিচাপে কাম কৰিছিল। তেওঁক যুক্তিসঙ্গতভাৱে ভাৰতৰ প্ৰথমগৰাকী মহিলা সাংবাদিক বুলি কোৱা হয়।

তেওঁ কেইবা বছৰ ধৰি চিপিআইৰ মুখপত্ৰ কালান্তৰ প্ৰকাশ কৰা বোৰ্ডৰ নেতৃত্ব দিছিল। আৰু দলটোৰ এজন সক্ৰিয় সদস্য আছিল। তেওঁ ২০০০ চনলৈকে ৰাজ্যিক মহিলা আয়োগৰ মুৰব্বী হিচাপে কাম কৰিছিল। ব্যক্তিগত জীৱন, ৰাজনৈতিক উত্থান-পতন আৰু সেই সময়ৰ নাৰী আন্দোলন গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আদিৰ বিষয়ে তেওঁ "ইন ৰেত্ৰস্পেক্ট ৱাৰ- টাইম মেম'ৰিজ এণ্ড থ'টছ অন ৱমেন'ছ মুভমেণ্ট"(In Retrospect. War-time Memories and Thoughts on Women's Movement) নামেৰে এখন স্মৃতিগ্ৰন্থত বিশদভাৱে নথিভুক্ত কৰিছিল।[5][1][2]

তথ্যসূত্ৰ

সম্পাদনা কৰক