বিদ্যুৎ (ইংৰাজী: Electricity) হৈছে শক্তিৰ এটি প্ৰকাৰ বা ৰূপ। বিদ্যুতক ভিন্ন ধৰণৰ শক্তিলৈ ৰূপান্তৰিত কৰিব পৰাৰ লগতে আন ভিন্ন প্ৰকাৰৰ শক্তিৰ পৰা বিদ্যুৎ পাব পৰা যায়। পদাৰ্থৰ পাৰমাণৱিক গঠনত যি ঋণাত্মক আধান বিশিষ্ট ইলেক্ট্ৰন আছে, সেইবোৰক বিভিন্ন উপায়েৰে উত্তেজিত কৰিলে বা সেইবোৰৰ সংখ্যাৰ পৰিবৰ্তন ঘটালে বিদ্যুৎ শক্তিৰ উদ্ভৱ হয়।

Current_charge relationship

বিদ্যুৎ শক্তিক বিশেষ ব্যৱস্থাৰে কোনো পদাৰ্থৰ মাজত স্থিৰভাৱে ৰাখিলে তাক স্থিৰ বিদ্যুৎ বুলি জনা যায়। যেতিয়া ইয়াক কোনো বিদ্যুৎ পৰিবাহী ধাতৱ তাৰৰ মাধ্যমেৰে প্ৰবাহিত কৰা হ্য়্, তেতিয়া তাক চল বিদ্যুৎ বোলে। ব্যৱহাৰিক ক্ষেত্ৰত চল বিদ্যুতৰহে প্ৰয়োগ অধিক সেইবাবেই বিদ্যুৎ বুলিলে সাধাৰণতে চল বিদ্যুতকে জনা যায়।[1] আনহাতেদি চল বিদ্যুৎ দুই প্ৰকাৰৰ - পোনপটীয়া বিদ্যুৎ (ডি.চি.) আৰু পৰিবৰ্ত্তনশীল বিদ্যুৎ (এ.চি.)।

 
বিজুলী ধেৰেকণি হৈছে বিদ্যুৎ শক্তিৰ অন্যতম নাটকীয় বহিঃ প্ৰকাশ

১৯শ শতিকাৰ পৰাই বিদ্যুৎ বৈজ্ঞানিক সমাজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। ভাৰ্শ্বৰিয়াম (এবিধ যন্ত্ৰ যি স্থৈতিকভাৱে আধানিত বস্তুৰ উপস্থিতি ধৰা পেলাই ) উদ্ভাৱন কৰা ৱিলিয়াম জিলবাৰ্টক বিশ্বৰ প্ৰথমজন বৈদ্যুতিক অভিযন্তা হিচাপে গণ্য কৰা হয়। চুম্বকত্ব আৰু স্থিৰ-বিদ্যুতৰ মাজত পাৰ্থক্য দাঙি ধৰা তেৱেই হৈছে প্ৰথমজন ব্যক্তি।[2] ১৭৭৫ চনত এলেছেন্দ্ৰ' ভ'ল্টাইলেক্ট্ৰ'ফ'ৰাচ (স্থিৰ আধান উতপাদন কৰা এবিধ যন্ত্ৰ) উদ্ভাৱন কৰে আৰু ১৮০০ চনত ভ'ল্টাই ভ'ল্টায়িক পাইল উদ্ভাৱন কৰে যি বৈদ্যুতিক বেটাৰীৰ উত্তৰসূৰী আছিল।[3]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, পৃষ্ঠা নং ২৩৪, লেখক- শান্তনু কৌশিক বৰুৱা
  2. Martinsen & Grimnes 2011, পৃষ্ঠা. 411.
  3. Walker 2007, পৃষ্ঠা. 23.