বিনোদ কৃষন

ভাৰতীয় পদাৰ্থবিদ

বিনোদ কৃষন (ইংৰাজী: Vinod Krishan), হৈছে এগৰাকী পদাৰ্থ বিজ্ঞানী, এগৰাকী জ্যেষ্ঠ অধ্যাপক, আৰু বাংগালোৰস্থিত ভাৰতীয় জ্যোতিপদাৰ্থবৈজ্ঞানিক প্ৰতিষ্ঠানৰ বিজ্ঞানৰ "ডিন"। তেখেত প্লাজমা পদাৰ্থ বিজ্ঞানৰ গৱেষণা আৰু শিক্ষণৰ সৈতে জড়িত।[1] তদুপৰি, তেখেত ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰতৰো সভ্য। মহাকাশ বিজ্ঞানৰ গৱেষণাৰ বাবে তেখেতে বিক্ৰম চাৰাভাই বঁটাও লাভ কৰিছে।[2]

বিনোদ কৃষন
বাসস্থান নতুন দিল্লী
নাগৰিকত্ব ভাৰতীয়
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ জ্যোতিপদাৰ্থবিজ্ঞানী
কৰ্মস্থান নতুন দিল্লী
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়
টেনিছি বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰ
জনা যায় কঠিন অৱস্থাৰ পদাৰ্থ বিজ্ঞান
উল্লেখনীয় বঁটা মহাকাশ বিজ্ঞানৰ বাবে ড॰ বিক্ৰম চাৰাভাই গৱেষণা বঁটা,১৯৯২ চনত

শিক্ষা সম্পাদনা কৰক

১৯৬৬ চনত বিনোদ কৃষনে বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ১৯৬৮ চনত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা জাৰ্মানত এটা ডিপ্ল'মাও লাভ কৰে। ১৯৭১ চনত তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনিছি বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ গৱেষণাৰ বিষয় আছিল "Damping of plasmons in a nearly free electron gas"। সেইটো আছিল কঠিন অৱস্থাৰ পদাৰ্থ বিজ্ঞানৰ এটা বিষয়। ১৯৭১-৭৩ চনত তেখেত কানাডাৰ এডমণ্টনৰ এলবেৰ্টা বিশ্ববিদ্যালয়ত পষ্ট-ডক্তৰেল ফেলো আছিল।[1]

কৰ্মজীৱন সম্পাদনা কৰক

১৯৭৩ চনৰ নৱেম্বৰৰ পৰা ১৯৭৫ চনৰ আগষ্টলৈকে বিনোদ কৃষনে বাংগালোৰস্থিত আইআইএছচিৰ তাত্ত্বিক অধ্যয়ন কেন্দ্ৰত পুল বিষয়া হিচাপে কাম কৰে। তাৰপিছত UGC গৱেষণা সহযোগী হিচাপে কাম কৰে। বাংগালোৰৰ ভাৰতীয় জ্যোতিৰ্বৈজ্ঞানিক প্ৰতিষ্ঠানত তেখেতে অনাৱসিক বিজ্ঞানী, সভ্য, ৰিডাৰ, সহযোগী অধ্যাপক আদি বিভিন্ন পদবীত কাম কৰে। ১৯৯৮ চনত তেখেতে জ্যেষ্ঠ অধ্যাপকৰ দায়িত্ব পালন কৰে আৰু যুটীয়া জ্যোতিবিজ্ঞান কাৰ্যসূচীত প্লাজমা জ্যোতিপদাৰ্থবিজ্ঞান পঢ়ায়। ২০০৮ চনত তেখেতে ভাৰতীয় জ্যোতিৰ্বৈজ্ঞানিক প্ৰতিষ্ঠানৰ পৰা অৱসৰ লয়।[1] তেখেতৰ গৱেষণাৰ ক্ষেত্ৰই Solar Coronal Loops, Solar Granulation, Extragalactic Plasmas, আৰু Structure Formation Through Hydrodynamics আদি বিষয়ক সামৰি লয়।[3]

সন্মান আৰু স্বীকৃতি সম্পাদনা কৰক

বিনোদ কৃষনে ১৯৯২ চনত মহাকাশ বিজ্ঞানৰ বাবে ড॰ বিক্ৰম চাৰাভাই গৱেষণা বঁটা লাভ কৰিছিল। বহুকেইখন বৈজ্ঞানিক প্ৰতিষ্ঠান সদস্যপদত থকাৰ লগতে ১৯৯৬ চনত বিজয় কৃষন ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ভাৰতৰো সভ্য হয়।[2]

নিৰ্বাচিত প্ৰকাশন আৰু গ্ৰন্থসমূহ সম্পাদনা কৰক

লেবৰট'ৰি প্লাজমা, বহিতাৰকাপুঞ্জীয় উৎস, সৌৰ পদাৰ্থ বিজ্ঞান, ধূমকেতুসম্পৰ্কীয় প্লাজমা আদি একাধিক বিষয়ত তেখেতে বহুকেইখন গৱেষণাপত্ৰ প্ৰকাশ কৰিছে।[4] ১৯৮৯ চনৰ IAU সভাকে ধৰি সৌৰ আৰু প্লাজমা পদাৰ্থ বিজ্ঞানৰ কেইবাখনো সন্মিলনীৰ তেখেতে কাৰ্যবিৱৰণী সম্পাদনা কৰিছে। ভাৰতৰ জ্যোতিৰ্বৈজ্ঞানিক সমাজৰ পত্ৰিকাৰ মুখ্য সম্পাদিকাৰ দায়িত্বও তেখেতে বহুকেইটা বছৰ বহন কৰিছে। তেখেতেৰ তিনিখন প্ৰকাশিত গ্ৰন্থৰ নাম হৈছে:

  1. Astrophysical Plasmas and Fluids, Kluwer Academic Press, ১৯৯৮;
  2. Plasmas the First State of Matter, Cambridge University Press, ২০১৪
  3. Physics of Partially ionized Plasmas, Cambridge University Press, ২০১৬[5]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Vinod Krishan". Indian Institute of Astrophysics. http://www.iiap.res.in/personnel/vinod/manisha.html। আহৰণ কৰা হৈছে: 16 March 2014. 
  2. 2.0 2.1 "Professor Vinod Krishan-Memberships & Awards". Indian Institute of Astrophysics. http://www.iiap.res.in/personnel/vinod/mem.html। আহৰণ কৰা হৈছে: 16 March 2014. 
  3. "Professor Vinod Krishan-Research Profile". Indian Institute of Astrophysics. http://www.iiap.res.in/personnel/vinod/resprof.html। আহৰণ কৰা হৈছে: 16 March 2014. 
  4. "Professor Vinod Krishan-List of Publications". Indian Institute of Astrophysics. http://www.iiap.res.in/personnel/vinod/pubs.html। আহৰণ কৰা হৈছে: 16 March 2014. 
  5. "Professor Vinod Krishan-Editorial Work". Indian Institute of Astrophysics. http://www.iiap.res.in/personnel/vinod/edit.html। আহৰণ কৰা হৈছে: 16 March 2015. 

বাহ্যিক সংযোগ সম্পাদনা কৰক