বিয়া নাম

অসমীয়া মৌখিক সাহিত্য


বিয়ানাম অসমীয়া বিবাহ অনুষ্ঠানত বিভিন্ন সময়ত আয়তী সকলে গোৱা মাংগলিক গীত। এই বিয়া নামবোৰ অসমীয়া লোক সাহিত্যৰ এক অমূল্য সম্পদ। এই বিয়া নামবোৰ বিবাহ অনুষ্ঠানৰ বিভিন্ন সময়ত গোৱা হয়। যেনে- কইনা উলিয়াই দিয়া সময়ত, সুৱাগ তোলা সময়ত, পানী তোলাৰ সময়ত[1], দৰা আদৰোতে, হোমৰ গুৰিত বহোঁতে বিধে বিধে এই গীতবোৰ গোৱা হয়।

প্ৰকাৰ আৰু বিশেষত্ব

সম্পাদনা কৰক

বিয়ানামবোৰৰ বিষয়বস্তু, বৰ্ণনা আদিলৈ চাই বিয়া নামবোৰ দুটা ৰূপত পোৱা যায়। প্ৰথম বিধ গহীন গম্ভীৰ আৰু ৰুচিপূৰ্ণ। এই ধৰণৰ গীতত ৰাম-সীতা, ৰাধা-কৃষ্ণ, ঊষা-অনিৰুদ্ধ আদি পৌৰাণিক চৰিত্ৰ সমূহৰ বিবাহৰ বৰ্ণনা দি দৰা-কইনাক আবেগিক কৰা দেখা যায়। এই ধৰণৰ গীতত বিচ্ছেদৰ কাৰুণ্য, মিলনৰ আনন্দ আদি আয়তীসকলে সুন্দৰকৈ প্ৰকাশ কৰে। এই ধৰণৰ গীতবোৰত ৰচনাৰ সৰলতা, কল্পনাৰ কমনীয়তা, উপমাৰ মনোহাৰিতা, ঘৰুৱা জীৱনৰ প্ৰাঞ্জল চিত্ৰ আদি সুন্দৰ ভাবে পৰিস্ফুত হোৱা দেখা যায়। এইবোৰৰ উপৰিও বিয়ানামৰ অন্য এটা ৰূপ দেখা পোৱা যায়। ইয়াত দৰা ঘৰীয়াই কইনা ঘৰীয়াক আৰু কইনা ঘৰীয়াই দৰা ঘৰীয়াক ঠাট্টা মস্কৰা কৰা দেখা যায়। এই ধৰণৰ গীতক সাধাৰণতে যোৰা নাম বুলি কোৱা হয়। নামনী অসমত এই ধৰণৰ গীতক খিচা গীত বুলিও কয়। এই গীতবোৰ দৰা আদৰোঁতে আনন্দ উপভোগ কৰিবলৈ আৰু কইনা হোমৰ গুৰিত বহোঁতে কাৰুণ্য আঁতৰাবলৈ হাঁহি-তামচাৰে গোৱা হয়। যেনে-
ৰভাৰ খুটা সেলেকা
ৰভাৰ খুটা সেলেকা
কইনাঘৰৰ ছোৱালীবোৰৰ
নাক কেইটা চেপেতা
দৰাঘৰীয়াই কইনাঘৰীয়া বা কইনাঘৰীয়াই দৰাঘৰীয়াক মৰা এই চকা বাণৰ উপৰিও পৰিবেশটো বেছি উপভোগ্য হৈ উঠে যেতিয়া এই শৰ গৈ পুৰোহিত বাপুৰ গাতো পৰেগৈ। এই গীতবোৰ অসমীয়া চহা জীৱনৰ অমল স্বাক্ষৰ।

অসমীয়াৰ লোক জীৱনত বিয়া নামৰ গুৰুত্ব গুৰুত্ব অপৰিসীম । [2]বিয়া নামবোৰ হ'ল অনাখৰী লোকৰ বিখ্যাত ৰচনা ।[3]বিয়া নামসমূহে অসমীয়া বিয়া সংগীতমুখৰ কৰি তুলে ।আজি তাৰিখতো ঠাইতে সৃষ্টি কৰি সুৰ দি গাব পৰা অনেক শিল্পী গাঁৱলীয়া সমাজত আছে আৰু এইবোৰ গাওঁত মুখে মুখে চলি থাকে । সাধাৰণ অৰ্থত সামাজিক নিয়মেৰে পতা বিয়াত যি গীত গোৱা হয়, সেয়াই বিয়া নাম । বিয়া নামৰ বিষয় বস্তু মূলত পৌৰাণিক আখ্যান । যেনে উষা -অনিৰুদ্ধ, ৰাম-সীতা, শ্ৰীকৃষ্ণ-ৰুক্মিণী,হৰ-গৌৰী আদিৰ মিলন ।ইয়াৰোপৰি বিয়া নামবোৰত দাম্পত্য জীৱনৰ আদৰ্শ,দৰা-কন্যাৰ ৰূপ-যৌৱন,নাৰী জীৱনৰ আশা-আকাঙ্খা,ঘৰুৱা জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হ'য় । বিয়া নামত দেখিবলৈ পোৱা যায় অসমীয়া নাৰী সমাজৰ সৰলতা,ভক্তি আৰু প্ৰেমৰ নিবিড়তা,প্ৰিয়জনৰ মিলন আৰু আসন্ন বিচ্ছেদৰ কৰুণ যন্ত্ৰণা । নাম আৰু উৰুলি বিয়াৰ অবিচ্ছেদ্য অঙ্গ আৰু মাঙ্গলিক কাৰ্য । আয়তী সকলৰ কল্পনা আৰু মধুৰ উপমা প্ৰয়োগেৰে বিয়া নামবোৰ অন্তৰস্পৰ্শী আৰু সঙ্গীত মুখৰ কৰি তোলে । বিয়া এখনত অন্যান্য বহুতো সৰু-সৰা অনুষ্ঠান সংপৃক্ত হৈ থাকে আৰু এই প্ৰতিটো অনুষ্ঠানত বিয়া নাম অপৰিহাৰ্য । এই অনুষ্ঠানবোৰ হ'ল-জোৰোণ দিয়া,পানী-তোলা,সৱাগুৰি তোলা,শ্ৰাদ্ধ কৰা,দৰা-কইনা ধুওৱা,গোঁহাই পূজা,দৈয়ন দিয়া,গাঁথিয়ন খুন্দা, সম্পাদন দিয়া আদি । জোৰোণ দিয়া পৰ্বৰ পৰা বিয়া এখনৰ আৰম্ভণি হয় ।পদূলি মুখত তোৰণ আৰু জোৰণৰ মৰল সজা হয় ।কইনা ঘৰ মানুহৰ প্ৰথম কাম হ'ল তামোল-পানৰ শৰাই দি জোৰণ জোৰোণ আদৰা ।জোৰণৰ সময়ত গোৱা এটা বিয়া নাম এনেধৰনৰ- "ওলাই আহা আইদেউ তুমি মূৰত কাপোৰ লৈ মাৰাৰ হাতত ছাবি দিয়া চিৰদিনলৈ । ওলাই আহা আইদেউ তুমি নকৰিবা লাজে, তোমাৰ বাবে ৰৈ আছো সমাজৰে মাজে । ওলাই আহা আইদেউ তুমি মা-দেউতাক সেৱালৈ, তোমাৰ শাহু ৰৈ আছে জোৰোণ দিবলৈ । ওলাই আহা আইদেউ তুমি সখীক লগত লৈ, তোমাৰ শাহু ৰৈ আছে সেন্দুৰ দিবলৈ ।" জোৰণৰ দিনা গোৱা আন এফাঁকি বিয়া নাম- মাৰাৰ অলঙ্কাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰাৰ অলঙ্কাৰ থোৱাহে, ৰামে দি পঠাইছে সুৱৰ্ণৰ অলঙ্কাৰ এ ৰাম হাতে জোৰে কৰি লোৱা হে ।[4] কইনাক সেন্দুৰ দিয়া উপৰিও আ-অলংকাৰ,কাপোৰ-কানিৰে উপহাৰ দিয়া হয় ।দৰা ঘৰৰ সকলোকে মান সহ সেৱা লৈ জোৰোণ দিয়া পৰ্ব সামৰা হয় ।ৰাতিলৈ দৰা-কইনা উভয় ঘৰতে পানী তোলা হয় । পানী তুলিবলৈ যাওঁতে গোৱা এফাঁকি বিয়া নাম হ'ল- ৰাম-কৃষ্ণ পানী তুলিবলৈ ৰাম-কৃষ্ণ,ওলাইছে দৈৱকী, হৰি মোৰ ঐ, ৰূপতে ধূপে লগাই, ৰাম-কৃষ্ণ, আগে পাছে ভৰি ৰাম-কৃষ্ণ,গায়ন-বায়ন কৰি হৰি মোৰ ঐ,ঢুলিয়াই ঢাক-ঢোল বজাই ।। ৰাম-কৃষ্ণ, দুৰেকৈ পুখূৰী ৰাম-কৃষ্ণ খনালে দেলতাই হৰি মোৰ ঐ,বন্ধালে সেন্দুৰী আলি । ৰাম-কৃষ্ণ, তাৰে চৌপাশে ৰাম-কৃষ্ণ,কদম ৰুয়ে গ'লে হৰি মোৰ ঐ,মাজে বকুলৰে শাৰী ।। বিয়াৰ আন এটা পৰ্ব হৈছে দৈয়ন দিয়া ।বিয়াৰ দিনা বেলি ওলোৱা আগতেই কৰা হয় ।দৈয়ন দিয়া "বিয়া নাম এফাঁকি -

দৈয়ন লোৱা দুটি বাটিত
পান যোৰে লই ।
আইদেউ মাকে দৈয়ন দিছে,
আইদেউক দুৱাৰ মুখত থৈ ।-"

এনেদৰে বিয়াৰ বিভিন্ন উপলক্ষত বিভিন্ন বিয়া নাম আয়তী সকলে পৰিবেশন কৰে । তাৰে দুটা উদাহৰণ দাঙি ধৰা হ'ল-

 "মূৰত চাউল দিয়া বিয়া নাম-
 দোৱাত কলম চিয়াঁহি
 আমাৰ কাৰ্য্য সিদ্ধি হ'ল বাইদেউ দাঙি দিয়াহি ।
 বাঁহৰে আগতে-দোৱাত কলম চিয়াঁহি
 কিহে চিকেমিকাই-দোৱাত কলম চিয়াঁহি
 মই বোলো কিবা ফুল ফুলে হে-
দোৱাত কলম চিয়াঁহি
আমাৰ কাৰ্য্য সিদ্ধি হ'ল বাইদেউ ডাঙি দিয়াহি ।"
"যোৰানাম কইনাঘৰীয়া-
এখুটি দুখুটি নাঙলৰ খুটি
বাইদেউতকৈ ভিনদেউ এহাতমান চুটি,
এইজন ভিনিদেৱে কিনো হাল বাব,
  দমৰা গৰুৱে চোচোৰাই নিব ।"

"যোৰানাম দৰাঘৰীয়া-

বাৰীৰ ঢাপৰ শিলিখা
ব'দেউ তুমি টিলিকা,
আমাৰ দাদা ওখ ডাঙৰ 
সমাজতে জিলিকা ।"

বিয়া নাম সমূহ অসমীয়া লোক সাহিত্যৰ অমূল্য সম্পদ । সাম্প্ৰতিক সময়ত ইয়াৰ জনপ্ৰিয়তা কিছু কমিছে যদিও অসমৰ উজনি-নামনি সকলোতে বিদ্যমান ।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. অঞ্জনা তামুলী দাস. "অসমীয়া সমাজত বিয়ানামৰ প্ৰভাৱ". আমি অসমীয়া ডট কম. http://www.amiasomiya.org/component/content/article/44-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%A8-03-22-18-19-19/%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%A8-03-22-18-34-55/446-oct12-wedding-songs। আহৰণ কৰা হৈছে: ফেব্ৰুৱাৰী ০২, ২০১৩. [সংযোগবিহীন উৎস]
  2. অনিমা নাথ প্ৰীতি নাথ. বিয়ানাম. শ্ৰীসামন্ত ভট্ৰাচাৰ্য্য. 
  3. "Error: no |title= specified when using {{Cite web}}". https://anjanatamuli.wordpress.com/2012/10/29/%E0%A6%AC%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE-%E0%A6%A8%E0%A6%BE%E0%A6%AE/। আহৰণ কৰা হৈছে: 29 December 2024. 
  4. মীনা ফুকন হাজৰিকা. আয়তীৰ উৰুলি. নৱ কলিতা কিৰণ প্ৰকাশন. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক