বিলকিছ এধি

পাকিস্তানী জনহৈতেষী আৰু সমাজকৰ্মী

বিলকিছ বানু এধি (ইংৰাজী: Bilquis Edhi; জন্ম: ১৪ আগষ্ট ১৯৪৭) এগৰাকী পাকিস্তানী পেছাদাৰী নাৰ্ছ আৰু এধি ফাউণ্ডেচনৰ সহ-মুৰব্বী। তেওঁক পাকিস্তানৰ আটাইতকৈ সক্ৰিয় সমাজসেৱকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। তেওঁক 'পাকিস্তানৰ মাতৃ' বুলিও কোৱা হয়।[1] ১৯৪৭ চনত বাণ্টৱাত তেওঁৰ জন্ম হৈছিল। তেওঁ এধি ফাউণ্ডেচনৰ মুৰব্বী আৰু তেওঁৰ স্বামী আব্দুল ছাত্তাৰ এধিৰ সৈতে ১৯৮৬ চনত ৰাজহুৱা সেৱা শিতানত ৰমন মেগছেছে বঁটা লাভ কৰিছিল।[2][3] ২০১৫ চনত তেওঁ সামাজিক ন্যায়ৰ বাবে মাদাৰ টেৰেছা স্মাৰক আন্তৰ্জাতিক বঁটা লাভ কৰিছিল।[4] তেওঁৰ দাতব্য সংস্থাই পাকিস্তানত কৰাচীৰ এখন চিকিৎসালয় আৰু জৰুৰীকালীন সেৱাকে ধৰি আন বহুতো সেৱা আগবঢ়ায়। তেওঁৰ স্বামীৰ সৈতে তেওঁলোকৰ দাতব্য সংস্থাই ১৬,০০০ৰো অধিক অবাঞ্ছিত কেঁচুৱাক সুৰক্ষা প্ৰদান কৰিছে।[1] ২০১৬ চনৰ ৮ জুলাই তাৰিখে তেওঁৰ স্বামী আব্দুল ছাত্তাৰ এধিৰ মৃত্যু হয়।

বিলকিছ এধি
জন্ম ১৪ আগষ্ট, ১৯৪৭ (৭৭ বছৰ)
বাণ্টৱা, ব্ৰিটিছ ভাৰত
নাগৰিকত্ব পাকিস্তানী
পেচা সমাজকৰ্মী, নাৰ্ছ
জনা যায় এধি ফাউণ্ডেচনৰ সহ-সভাপতি।
দাম্পত্যসঙ্গী আব্দুল ছাত্তাৰ এধি
সন্তান দুই পুত্ৰ আৰু দুগৰাকী কন্যা[1]
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰমন মেগছেছে বঁটা, ১৯৮৬

১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে ব্ৰিটিছ ভাৰতৰ বাণ্টৱাত বিলকিছ এধিৰ জন্ম হৈছিল। তেওঁ কিশোৰীকালত বিদ্যালয়লৈ গৈ ভাল নাপাইছিল। ১৯৬৫ চনত তেওঁ নাৰ্ছ হিচাপে এখন সৰু সম্প্ৰসাৰিত ঔষধালয়ত যোগদান কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত এধিৰ ঘৰ কৰাচীৰ পুৰণি চহৰ অঞ্চলত আছিল। এই অঞ্চলক মিথাদাৰ বুলি জনা যায়।

১৯৫১ চনত আব্দুল ছাত্তাৰ এধিয়ে এই ঔষধালয়খন প্ৰতিষ্ঠা।[5] তাত কাম কৰা খ্ৰীষ্টান আৰু হিন্দু নাৰ্ছৰ সংখ্যা কম সময়তে হ্ৰাস পাইছিল। সেয়ে প্ৰতিষ্ঠাপক আব্দুল ছাত্তাৰ এধিয়ে বিলকিছকে ধৰি কেইবাগৰাকীমান মুছলমান পৃষ্ঠভূমিৰ নাৰ্ছক ইয়াত নিযুক্তি দিছিল।[2]

তেওঁৰ ভৱিষ্যত স্বামীয়ে তেওঁৰ প্ৰতিভা চিনাক্ত কৰাৰ পিছত তেওঁক সৰু নাৰ্চিং বিভাগৰ নেতৃত্ব দিবলৈ অনুমতি প্ৰদান কৰিছিল। তেওঁ ছয় মাহৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সময়ত নিজৰ উৎসাহ আৰু আগ্ৰহ চিনাক্ত কৰিছিল আৰু এইসময়ত তেওঁ সাধাৰণ ধাইবিদ্যা আৰু স্বাস্থ্যজনিত সেৱাৰ বিষয়ে শিক্ষা লাভ কৰিছিল। [[|thumb|বিলকিছ এধি আৰু তেওঁৰ স্বামী আব্দুল ছাত্তাৰ এধি]]

বিলকিছৰ ঊনৈছ বছৰ বয়সত তেওঁলোকৰ বিয়া হৈছিল[2]। তেওঁৰ স্বামী তেওঁতকৈ ঊনৈছ বছৰ ডাঙৰ আছিল। তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ ঠিক পিছতে তেওঁলোকৰ ঔষধালয়ত মূৰত আঘাত প্ৰাপ্ত এজনী যুৱতী আৱিষ্কাৰ কৰিছিল। এধিয়ে ১৯৮৯ চনত কৈছিল যে বাৰ বছৰীয়া শিশুটোৰ সংশ্লিষ্ট আত্মীয়সকলক সান্ত্বনা দিয়া বা ৰক্ত সঞ্চাৰণৰ তত্ত্বাৱধানত হেৰুওৱা সময়ৰ বাবে তেওঁ অনুশোচনা কৰা নাছিল"... সেই ছোৱালীজনী বিবাহিত আৰু সন্তানো আছে; সেয়াই সঁচাকৈয়ে গুৰুত্বপূৰ্ণ।" এধি ফাউণ্ডেশ্যনৰ অনানুষ্ঠানিক ৱেবছাইটত "এক পাৰ্থক্য সৃষ্টি কৰা আৰু চিৰদিনৰ বাবে জীৱন সলনি কৰা" শাৰীটো ব্যৱহাৰ কৰা হৈছে।[6]

এধিয়ে ঝুলা প্ৰকল্পৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। এই প্ৰকল্পৰ প্ৰথমটো ঝুলা বা দোলনা তেওঁৰ স্বামীয়ে ১৯৫২ চনত নিৰ্মাণ কৰিছিল। এই ৩০০টা দোলনা সমগ্ৰ পাকিস্তানত উপলব্ধ। ইয়াত অভিভাৱকে অবাঞ্ছিত শিশু বা ডাঙৰ-দীঘল কৰিব নোৱাৰা শিশুসকলক এৰি দিব পাৰে। তেওঁলোকে ইংৰাজী আৰু উৰ্দুত "হত্যা নকৰিব, কেঁচুৱাটোক জীয়াই থাকিবলৈ দোলনাত এৰি দিয়ক" বাৰ্তা লিখা থাকে। পৰিত্যক্ত শিশুৰ সংখ্যালঘু পৰিমাণৰ শিশু শাৰীৰিক বা মানসিক ভাৱে অক্ষম কিন্তু ৯০% ৰো অধিক শিশু ছোৱালী। এই বিকল্পটোৱে এধি ফাউণ্ডেচনৰ দ্বাৰা অবাঞ্ছিত কেঁচুৱাবোৰক দোলনাত এৰি দিয়াৰ বিকল্প প্ৰদান কৰি তেওঁলোকৰ নিজৰ পিতৃ-মাতৃৰ দ্বাৰা হত্যা কৰা মৃত কেঁচুৱাৰ সংখ্যা হ্ৰাস কৰা বুলি ধাৰণা কৰা হয়। আৰক্ষীয়ে পোৱা মৃত কেঁচুৱাবোৰক সমাধিস্থ কৰাৰ বাবেও এই প্ৰকল্প দায়বদ্ধ।[1]

২০০৭ চনৰ জুলাই মাহত তেওঁলোকক ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফে তেওঁলোকৰ কামৰ বাবে ৰাজহুৱাভাৱে স্বীকৃতি দিছিল। লগতে তেওঁ ১,০০,০০০ টকাৰ অৱদান আগবঢ়াইছিল আৰু তেওঁ বিশেষভাৱে উল্লেখ কৰিছিল যে তেওঁলোকৰ কামে কোনো বৈষম্য নোহোৱাকৈ পাকিস্তানৰ দৰিদ্ৰ লোকসকলক সামাজিক সেৱা প্ৰদান কৰে।[7][8] দম্পতীহালে দুটা কোঠাৰ এটা এপাৰ্টমেণ্টত অতি সাধাৰণ ভাবে বসবাস কৰিছিল। তেওঁলোকে বাস কৰা এপাৰ্টমেণ্টটো তেওঁলোকৰ এটা অনাথ আশ্ৰমৰ অংশ।[1]

বঁটা আৰু সন্মান

সম্পাদনা কৰক

এধি আৰু তেওঁৰ স্বামীয়ে তেওঁলোকৰ কামৰ স্বীকৃতিস্বৰূপে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে। তেওঁ এধি ফাউণ্ডেচনৰ মুৰব্বী আৰু তেওঁৰ স্বামী আব্দুল ছাত্তাৰ এধিৰ সৈতে ১৯৮৬ চনত ৰাজহুৱা সেৱাৰ বাবে ৰমন মেগছেছে বঁটা লাভ কৰিছিল। ২০১৫ চনত তেওঁ সামাজিক ন্যায়ৰ বাবে মাদাৰ টেৰেছা স্মাৰক আন্তৰ্জাতিক বঁটা লাভ কৰে। তেওঁ পাকিস্তান চৰকাৰৰ পৰা দেশৰ তৃতীয় সৰ্বোচ্চ সন্মান 'হিলাল এ ইমতিয়াজ' লাভ কৰিছিল। সমাজহিতৈষী আৰু মানৱতাবাদী বিলকিছ এধিক 'দশকৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি' হিচাপে সন্মানিত কৰা হৈছিল।[9]

  1. 1.0 1.1 1.2 1.3 1.4 The Child Catchers Archived 2008-12-02 at the Wayback Machine, Katharine Hibbert, TimesOnLine, May 21, 2006 accessed June 30, 2008
  2. 2.0 2.1 2.2 Women of Pakistan – Bilquis Edhi Archived December 8, 2004, at the Wayback Machine, Faisal Abdulla, jazbah.org, accessed June 30, 2008
  3. Ramon Magsaysay Award Citation Archived 2011-04-23 at the Wayback Machine accessed June 30, 2008
  4. "Pakistan's Bilquis Bano, Caretaker of Speech and Hearing Impaired Geeta and Gladys Staines Honoured with the Mother Teresa Memorial International Award for Social Justice 2015". Business Wire India. 23 November 2015. http://businesswireindia.com/news/news-details/pakistans-bilquis-bano-caretaker-speech-hearing-impaired-geeta-gladys-staines-honoured-with-mother-teresa-memorial-international-award-social-justice-2015/46268। আহৰণ কৰা হৈছে: 10 August 2016. 
  5. From humanitarian to a nation, By: Richard Covington, IslamiCity.com, accessed June 30, 2008
  6. EdhiFoundation.com Archived 2009-12-05 at the Wayback Machine accessed June 30, 2008
  7. President Musharraf donates RS 100,000 to Edhi foundation Archived 2017-09-27 at the Wayback Machine, PakTribune, June 27, 2008, accessed June 30, 2008
  8. Bilquis Edhi in Brunch with Bushra – Pakistani TV Archived 2011-12-05 at the Wayback Machine accessed June 30, 2008
  9. Bilquis Edhi declared ‘Person of the Decade’, Dawn, accessed 18 September, 2021

বাহ্যিক সংযোগ

সম্পাদনা কৰক