কছাৰী ৰাজ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
43 নং শাৰী:
==ডিমাপুৰ==
হিড়িম্বা নামৰ পৰাই [[ডিমাপুৰ]] নামটো হৈছে। ইয়াৰ প্ৰাচীন নাম হিড়িম্বাপুৰ। অপভ্ৰংশ হৈ ডিম্বাপুৰ আৰু শেষত ডিমাপুৰ নাম হয়গৈ। আন এক বিশ্বাস মতে ডিমাচা আৰু পুৰ (নগৰ)ৰ পৰা ডিমাপুৰ নামটো আহিছে। আহোম বুৰঞ্জীত ডিমাপুৰক "চে-ডিমা" অৰ্থাৎ ডিমাচাৰ নগৰ বুলি উল্লেখ কৰা হৈছে। ১৩শ শতিকাত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌৰ পৰা কলং নদীলৈকে বৰ্তমানৰ ধনশিৰী নৈৰ উপত্যকা আৰু ডিমা হাচাও জিলা সামৰি কছাৰী ৰাজ্য বিস্তাৰ হৈছিল।
[[File:Chinese plate for Dimasa of the era of Yongle Emperor.png|thumb|Chinese plate for Dimasa of the era of Emperor Yong-le (1407 AD.){{Refn|Plate was discovered in Jorhat Assam from Ahom royal family. 底馬撒宣慰司: Di-ma-sa Xuanwei Si
}}|alt=底馬撒宣慰司: Di-ma-sa Xuanwei Si]]
 
===আহোমৰ লগত সংঘাত===
আহোমসকলে [[চুতীয়া ৰাজ্য|চুতীয়া]] আৰু কছাৰী ৰাজ্যৰ মাজৰ বৰাহী আৰু মটক লোক থকা অঞ্চলত ৰাজ্য স্থাপন কৰিলে। ১৪৯০ চনত প্ৰথমবাৰৰ বাবে আহোম-কছাৰীৰ সংঘাত হয় আৰু আহোমৰ পৰাজয় হয়। শান্তি স্থাপনৰ বাবে আহোম কুঁৱৰী এগৰাকী কছাৰী ৰজালৈ দিয়া হয় আৰু কছাৰীসকলে ধনশিৰীৰ সিপাৰৰ অঞ্চলো নিয়ন্ত্ৰণলৈ আনে। কিন্তু আহোমসকল শক্তিশালী হৈ উঠাৰ লগে লগে কছাৰীসকলক পশ্চিমলৈ ঠেলি দিয়ে। ১৫২৬ চনত ডিমাচা কছাৰীসকলে আহোমক এখন যুদ্ধত পৰাস্ত কৰিলেও সেই বছৰেই আন এখন যুঁজত হাৰ মানে। ১৫৩১ চনত আহোমসকলে ডিমাপুৰ আক্ৰমণ কৰি কছাৰী কোঁৱৰ ডেটচুঙক কৰতলীয়া ৰজা পাতে আৰু বছৰি ২০টা হাতী আৰু ১ লাখ টকাৰ কৰ আদায়ৰ চুক্তি কৰে। পাঁচবছৰ কৰতলীয়া হৈ থকাৰ পাছত ডেটচুঙে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত ১৫৩৬ চনত আহোমে পুনৰ ডিমাপুৰ আক্ৰমণ কৰি ডেটচুঙক হত্যা কৰে। ডিমাচা কছাৰীসকলে ডিমাপুৰ ত্যাগ কৰি দ‌ক্ষিণৰ ফালে মাইবঙত নতুন ৰাজধানী স্থাপন কৰে। ডিমাচা ভাষা মতে "মাই" মানে "ধাননি" আৰু "বং" মানে "বহুত"।
 
==মাইবং==