অসমৰ চাহ জনগোষ্ঠী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
Tribal votes a key factor in Assam polls
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট
23 নং শাৰী:
==জন-গাঁথনি==
[[File:A tea tribe girl.jpg|thumb|পৰম্পৰাগত সাজত এগৰাকী চাহ জনগোষ্ঠীৰ ছোৱালী]]
জাতি আৰু ভাষিক সংখ্যালঘু হিচাপে অসমৰ চাহ জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় ৬৫ লাখ আৰু অসমৰ মুঠ জনসংখ্যাৰ ১৮%।<ref>{{Cite web|url=https://www.nelivebihargatha.in/assam2023/opinion05/tribal-votes-key-factor-in-assam-polls.html|title=Tribal votes a key factor in Assam polls &#124; Opinion &#124; NeliveBiharGhata|website=www.nelivebiharghata.in}}</ref> তেওঁলোকৰ জনঘনত্ব অসমৰ প্ৰতিটো জিলাৰ চাহ বাগিচাৰ সংখ্যাৰ লগত নিৰ্ভৰ কৰে। তেওঁলোকৰ জনবসতি সাধাৰণতে উজনি আৰু মধ্য অসমত বেছি। ব্ৰিটিছ সকলে তেওঁলোকক কেৱল শ্ৰমিক হিচাপেই অসমলৈ অনা নাছিল। বহুতো জনজাতি যেনে চাওঁতাল, কুৰুখ আৰু মুণ্ডা সকলক ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত বলপূৰ্বকভাবে ছোটা নাগপুৰ অঞ্চলৰৰ পৰা অসমলৈ অনা হৈছিল। তেওঁলোকৰৰ বেছি ভাগকে ১৮৫০ৰ দশকৰ চাওঁতাল বিদ্ৰোহ আৰু ১৮৯৯-১৯০০ চনৰ বীৰ বিৰসা মুণ্ডাৰ নেতৃত্বত সংঘটিত বিদ্ৰোহত যোগদান কৰাৰ শাস্তি স্বৰূপে নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলা আৰু দৰং জিলাত নিৰ্বাসন দিয়া হৈছিল।
 
অসমৰ [[উজনি অসম]]ত চাহ জনগোষ্ঠীৰ ঘনত্ব বেছি যদিও [[বৰাক উপত্যকা]] আৰু [[বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ]]ৰ অন্তৰ্গত জিলা সমূহতো তেওঁলোকৰ উল্লেখযোগ্য বসতি আছে। [[বড়োলেণ্ড]]ত মুঠ জনসংখ্যাৰ ১৭% আৰু বৰাক উপত্যকাৰ ১১% লোক চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ। চাহ জনগোষ্ঠীত অন্তৰ্ভুক্ত জাতি-জনগোষ্ঠী সমূহ হ'ল: অচুৰ, আৰ্যমালা, বাইগা, বণিয়া, বাঞ্জাৰা, বেদিয়া, ভূমিজ,